Monday, January 13, 2020

গুৱাহাটী আৰু উত্তৰ–গুৱাহাটীৰ মাজত পুনৰ প্ৰাণ পাই উঠিব যন্ত্ৰ চালিত নাওঁ

0 comments

প্ৰকাশিত তাৰিখঃ ১৩ জানুৱাৰী, ২০২০

চি এন ডেক্স

বহুদিন বন্ধৰ পাচত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব যন্ত্ৰ চালিত নাওঁ (ভূটভূটী)। জনসমাগমেৰে পুনৰ প্ৰাণ পাই উঠিব গুৱাহাটীউত্তৰ গুৱাহাটী পাৰঘাট। যাতায়তৰ ক্ষেত্ৰত সকাহ পাব উত্তৰগুৱাহাটীৰ ৰাইজ। বিৰম্বনা নাথাকিব গুৱাহাটীৰ পৰা জৰুৰী কামত উত্তৰ গুৱাহাটীলৈ যাবলগীয়া ব্যক্তিসকলৰো।

এই সংবাদে যন্ত্ৰ চালিত নাওঁৰ লগত জড়িত পৰিয়ালসকলৰ মাজলৈ আনন্দ কঢ়িয়াই আনিছে। গুৱাহাটী আৰু উত্তৰগুৱাহাটীৰ মাজত চলাচল কৰা যন্ত্ৰ চালিত নাওঁৰ সংখ্যা ৭৫খন মান হ’ব। এই নাওঁ সমূহত কৰ্মৰত হৈ আছে প্ৰায় দুইশতাধিক লোক। এইলোকসকলৰ তথা তেওঁলোকৰ পৰিয়ালৰ অৰ্থ উপাৰ্জনৰ মূল উৎস হ’ল এই নাওঁ সমূহ। কালিকা লগা এক নাওঁ দূৰ্ঘটনাৰ পাচত জিলা প্ৰশাসনে উক্ত পাৰঘাটত সকলোবোৰ নাওঁৰ চলাচল বন্ধ কৰি দিছিল। ফলত তাৰ লগত জড়িত কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ অৱস্থা কাহিল হৈ পৰে। সেয়ে তেওঁলোকৰ দুখৰ দিনত জলপৰিবহন বিভাগে দিয়া নিৰ্দেশে এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখ্য যে যোৱা ২০১৮ চনৰ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল সমগ্ৰ দেশক কঁপাই তোলা এক ভয়াৱহ নাওঁ দূৰ্ঘটনা। মুঠ ৪২গৰাকী যাত্ৰীক লৈ গুৱাহাটীৰ পৰা উত্তৰগুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল দূৰ্ঘটনাত পতিত হোৱা নাওঁখনে। কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁমাজত নাওঁখন দূৰ্ঘটনাত পতিত হয় য’ত ২গৰাকীৰ মৃত্যু, ১৮গৰাকী সন্ধানহীন আৰু ২২গৰাকী লোক কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। উক্ত দূৰ্ঘটনাৰ পাচত জিলা প্ৰশাসনে গুৱাহাটী আৰু উত্তৰগুৱাহাটী পাৰঘাটৰ মাজত নাওঁ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। সুদীৰ্ঘ দিনৰ অন্তত বহু নীতিনিয়ম প্ৰয়োগ কৰি আভ্যন্তৰীণ জলপৰিবহন বিভাগে যোৱা ২০১৯ চনৰ ২৩ ডিচেম্বৰত উক্ত পাৰঘাটত নাওঁ চলাচলৰ বাবে নিৰ্দেশ জাৰি কৰে।

গুৱাহাটী আৰু উত্তৰগুৱাহাটী পাৰঘাটত চলাচলৰ বাবে আভ্যন্তৰীণ জলপৰিবহন বিভাগে বান্ধি দিয়া নীতিনিয়ম সমূহ প্ৰথমে নাওঁখন যাত্ৰীবাহীৰ বাবে উপযুক্ত হয় নে নহয় সেয়া বিভাগটোৰ পৰা প্ৰমাণ পত্ৰ ল’ব লাগিব। নাওঁখনৰ চালকজন বৃত্তিধাৰী প্ৰশিক্ষণ প্ৰাপ্ত হোৱাটো বাঞ্চনীয়। কেই বজাত ইটো ঘাটৰ পৰা এৰি দিয়া হ’ব আৰু কেই বজাত সিটো ঘাটত উপস্থতি হ’ব ইয়াৰ সঠিক সময় বিভাগক আগতীয়াকৈ জনাব লাগিব। হিচাপকৈ অধিক বোজা নাওঁখনত কঢ়িয়াব নোৱাৰিব। অগ্নি নিৰ্বাপক চিলিণ্ডাৰ, লাইফ জেকেট, উপযুক্ত লাইটৰ ব্যৱস্থা, প্ৰাথমিক চিকিৎসা ব্যৱস্থা, অনুভাষ যন্ত্ৰ (মাইক) আদি থকাৰ লগতে নাওঁৰ ভিতৰত ধুমপান নিষিদ্ধ হ’ব লাগিব।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Image: Internet
    


No comments:

Post a Comment