Monday, January 6, 2020

জনজাতীয় বেষ্টনী আৰু খণ্ড সমূহৰ পৰা অজনজাতীয় লোকক উচ্ছেদৰ নিৰ্দেশ

0 comments
প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰি, ২০২০

চি এন ডেক্স

অসমৰ জনজাতীয় বেষ্টনী আৰু খণ্ড সমূহৰ পৰা অজনজাতীয় লোকক উচ্ছেদৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়। যিসকল অনজাতীয় লোকে জনজাতি এলেকাৰ ভূমি বেদখল কৰি আছে সেইসকলক অতিশীঘ্ৰে উচ্ছেদ কৰাৰ বাবে যোৱা ৩০ ডিচেম্বৰত ন্যায়ালয়খনে এক নিৰ্দেশ জাৰি কৰিছে। কোনবোৰ অজনজাতীয় লোকক উচ্ছেদ কৰিব এইপৰ্যন্ত স্পষ্ট ছবি এখন লাভ কৰা নাই। যদিও, উচ্চ ন্যায়ালয়ে উচ্ছেদৰ নিৰ্দেশ জাৰি কৰাৰ পাচত সেই অঞ্চলসমূহত বসবাস কৰি থকা অজনজাতীয় লোকসকল শংকিত হৈ পৰিছে।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰাজ্যখনৰ কামৰূপ (মহানগৰ), বঙাইগাওঁ, মৰিগাওঁ আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু বি টি এ ডি’ৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই চাৰিখন জিলাৰ বাবে প্ৰধান সচিবৰ প্ৰতি কঠোৰ নিৰ্দেশ জাৰি কৰিছে। অহা ৩ ফেব্ৰুৱাৰিৰ ভিতৰত উচ্ছেদ কাৰ্যকৰী সন্দৰ্ভত আদালতত শপতনামা দাখিল কৰিবলৈও সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু বি টি এ ডি প্ৰধান সচিবৰ প্ৰতি নিৰ্দেশ দিছে।

উচ্ছেদ সম্বন্ধনীয় আদালতৰ এই নিৰ্দেশ অনুসৰি কাম নকৰা আৰু বিলম্ব কৰা কাৰ্যক জৰিমনা বিহিব। এই জৰিমনা আদালতৰ নিৰ্দেশপ্ৰাপ্ত কৰ্মচাৰীৰ নিজৰ দৰমহাৰ পৰা কৰ্তন কৰিব।   

অসমৰ ভূমি আৰু ৰাজহ আইন (Assam Land and Revenue Regulation Act) ১৯৮৬ খনৰ দশম অধ্যায়ৰ ব্যৱস্থা মতে জনজাতীয় আবেষ্টনী আৰু খণ্ডসমূহত অজনজাতীয় বা সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভূক্ত নোহোৱা লোকসকলক মাটিৰ অধিকাৰ দিয়া নাই। এই আইন অনুসৰি উক্ত শ্ৰেণীৰ লোকসকলে জনজাতিৰ বাবে সংৰক্ষিত অঞ্চল সমূহত মাটি দখল, বিনিময়, কিনাবেচা কোনো এটাকে কৰিব নোৱাৰে। তেনে ধৰণৰ কামকাজক অবৈধ বুলি ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, অসমত বৰ্তমান ১৭টা জনজাতীয় বেষ্টনী আৰু ৩০ টা খণ্ড আছে। বেষ্টনী আৰু খণ্ডসমূহত থকা ভূমিৰ পৰিমাণ হ’ল ৮২, ১৪,৯৮৫ বিঘা। তাৰ ভিতৰত , ৯৩,৯৭৮ বিঘা ভূমি বেদখল হোৱা বুলি চৰকাৰৰ বিভিন্ন সূত্ৰত প্ৰকাশ।

সম্প্ৰতি জনজাতীয় বেষ্টনী আৰু খণ্ড সমূহত ভূমি ক্ৰয়বিক্ৰয়ৰ ধূম উঠিছে। বিশেষকৈ কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণ কামৰূপৰ ৰাণী, ছয়গাওঁ, বকো আদি অঞ্চল সমূহৰ কথা উল্লেখ কৰিব পাৰি। উক্ত অঞ্চল সমূহত পূৰ্বৰে পৰা বহু সংখ্যক অজনজাতি লোকৰ ম্যাদী পট্টাৰ ভূমি আছিল। ভূমিৰ স্বত্ব থকা সেই অজনজাতিৰ লোকসকলে বিভিন্ন কাৰণত মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছে। সেয়ে বহিৰাগত লোকে এই ভূমি ক্ৰয় কৰিবলৈ হাত উজান দিছে। জনজাতি বেষ্টনীৰ কৃষি ভূমি ক্ৰয় কৰি প্ৰদূষিত উদ্যোগকে আদিকৰি ব্যক্তিগত বহু অনুষ্ঠানপ্ৰতিষ্ঠান গঢ়ি তুলিছে। জনজাতিৰ মাটি ক্ৰয় কৰা লোকসকল কিন্তু জনজাতি নহয়। যিহেতু জনজাতি বেষ্টনীৰ ভূমি অজনজাতিৰ লোকে ক্ৰয় কৰাত বাধা আছে তেনেক্ষেত্ৰত কেনেকৈ তেওঁলোকে জনজাতিৰ ভূমি ক্ৰয় কৰিবলৈ সক্ষম হৈছে তাৰো এক তদন্ত হ’ব লাগে। কৃষি ভূমি কৃষি ভূমিয়েই হৈ থাকক। কৃষি ভূমিত মাটি পুতি অন্য শ্ৰেণীলৈ পৰিৱৰ্তন কৰা কাৰ্য বেআইনী ঘোষণা কৰিব লাগে। এনে বেআইনী কাৰ্যকলাপ ৰোধ কৰিবলৈ জনজাতীয় নেতা, দলসংগঠন সমূহ কেতিয়া সক্ৰিয় হৈ উঠিব?


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet      

No comments:

Post a Comment