Monday, December 9, 2019

ট্যু’ৰিজম কাউন্সিল অব ভূটানৰ নতুন পৰ্যটন নীতি গ্ৰহণৰ সিদ্ধান্ত

0 comments

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০১৯


চি এন ডেক্স

আমাৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ ভূটানে পৰ্যটন নীতিৰ ব্যাপক সালসলনিৰে খচৰা যুগুতাইছে। দেশখনৰ ট্যু’ৰিজম কাউন্সিলে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। এই নীতিৰ ফলত প্ৰতিজন বিদেশী পৰ্যটকে বহনক্ষম উন্নয়ন কৰ (Sustainable Development Fee) দৈনিকে বহন লাগিব।

প্ৰকৃতিৰ মনোৰম দৃশ্যাৱলী উপভোগ কৰিবলৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটকে এই পাহাৰীয়া ৰাষ্ট্ৰখন ভ্ৰমণ কৰে। লাখ লাখ ভাৰতীয় লোক পৰ্যটক হিচাপে এই দেশখন ভ্ৰমণ কৰে। ভাৰতৰ আগশাৰীৰ বাতৰি কাকত দ্য হিন্দুৰ তথ্যমতে ২০১৮ বৰ্ষটোত ভূটান ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ২, ৭৮,০০০ জনৰ বিপৰীতে ভাৰতীয়ৰ সংখ্যা আছিল ১, ৮০,০০০ জন।
   
ট্যু’ৰিজম কাউন্সিল অব ভুটানৰ এই নতুন নীতি কাৰ্য্যত পৰিণত হ’লে ভাৰতীয় পৰ্যটকসকলে অৰ্থনৈতিকভাৱে কিছু ক্ষতিৰ সন্মুখীণ হ’ব লাগিব। কিয়নো পূৰ্বতে এই কৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ পৰাহে লোৱা হৈছিল। সেই অনুসৰি প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ পৰা ৬৫ ইউ এছ ডলাৰ অৰ্থাৎ পাঁচ হেজাৰ টকা দেশখনে আদায় কৰিছিল। এই নীতি কাৰ্যকৰী হ’লে ভাৰতীয় পৰ্যটকসকলেও সমহাৰত বহনক্ষম কৰ ভৰিব লাগিব। 

যিহেতু ভাৰত, বাংলাদেশ আৰু মালদ্বীপক ভূটানে আঞ্চলিক পৰ্যায়ৰ ৰাষ্ট্ৰ হিচাপে গণ্য কৰে। তেনে পৰিপ্ৰেক্ষিতত পূৰ্বতে উক্ত দেশকেইখনৰ পৰ্যটকে ভূটান ভ্ৰমণ কৰিলে সেই কৰ বহন কৰিব ল’গা হোৱা নাছিল।      

পৰ্যটনৰ নতুন নীতিমতে আঞ্চলিক পৰ্যায়ৰ ৰাষ্ট্ৰৰ পৰ্যটকসকলে দেশখন প্ৰৱেশৰ সময়ত ইপাৰ্মিট ল’ব লাগিব। তদুপৰি পাৰ্মিট প্ৰচেচিং ফীজ আদায়ৰ লগতে  ভ্ৰমণৰ সময়ত গাইড লোৱাটোও বাধ্যতামূলক কৰিছে।

ল’নলি ট্ৰেভেল গাইড এজেঞ্চীটোৰ ২০২০ চনৰ সমীক্ষামতে বিশ্বৰ আগশাৰীৰ ইউৰোপ, দক্ষিণ আমেৰিকাৰ দৰে দেশবোৰক চেৰ পেলাই শ্ৰেষ্ঠ দেশৰ প্ৰথম স্থান লাভ কৰিছে ভূটানে। বিশ্বৰ পৰ্যটন মানচিত্ৰত ভূটান সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে স্থান লাভ কৰা সংবাদে স্বাভাৱিকতে ৰাষ্ট্ৰখনক উৎফুল্লিত কৰি তুলিছে।

ট্ৰেভেল এজেঞ্চীটোৰ ঘোষিত তালিকা অনুসৰি প্ৰথম স্থানত ভূটান, দ্বিতীয় স্থানত ইংলেণ্ড, তৃতীয় স্থানত উত্তৰ মিচিডনিয়া, চতুৰ্থ স্থানত কেৰিবিয়ান দেশ আৰুবা, পঞ্চম স্থানত দক্ষিণ আফ্ৰিকাৰ এছ’ৱাটিনি, ষষ্ঠ স্থানত মধ্য আমেৰিকাৰ কষ্টাৰিকা, সপ্তম স্থানত নেদাৰলেণ্ড, অষ্টম স্থানত মধ্য আফ্ৰিকাৰ লাইবেৰিয়া, নৱম স্থানত উত্তৰ আফ্ৰিকাৰ মৰক্কো আৰু দশম স্থানত লেটিন আমেৰিকাৰ উৰুগুৱে’।

বৰ্তমান বিশ্বৰ প্ৰথম জৈৱিক ৰাষ্ট্ৰৰ দিশে ভূটান অগ্ৰসৰ হ’ব ধৰিছে যাৰ বহনক্ষম প্ৰয়াস অসাধাৰণ। এই যুক্তিৰ আধাৰত বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভূটানক প্ৰথম স্থান প্ৰদান কৰা বুলি আন্তঃৰাষ্ট্ৰীয় ট্ৰেভেল এজেঞ্চীটোৱে যুক্তি প্ৰদৰ্শন কৰে।     


 শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment