Monday, December 30, 2019

বিশ্বৰ প্ৰথমখন পৰিবেশ–হস্তী অনুকূল জৈৱিক চাহ বাগিচা আৰু উদ্যোমী টেনজিং বডোচা

0 comments

প্ৰকাশিত তাৰিখঃ ৩০ ডিচেম্বৰ, ২০১৯


চি এন ডেক্স

একাগ্ৰতা, যোগাত্মক চিন্তা, শ্ৰদ্ধা থাকিলে যিকোনো কাম সফল হ’বই। উদাহৰণ স্বৰূপে টেনজিং বডোচাৰ নাম উল্লেখ কৰিব পাৰি। বডোচা বিশ্বৰ প্ৰথমখন জৈৱিক চাহ বাগিচাৰ গৰাকী, যিখন বাগিচা পৰিবেশহস্তী অনুকূল চাহ বাগিচাৰূপে ‘ৱাইল্ড লাইফ ফ্ৰেইণ্ডলী নেটৱৰ্ক (WLFN)’ নামৰ বিশ্বমানৰ সংস্থাটোৱে স্বীকৃতি প্ৰদান কৰিছে।

টেনজিং বডোচা বি টি এ ডি’ৰ অন্তৰ্গত দৰং জিলাৰ ভাৰতভূটান সীমান্তৰ ডিমাকুছিৰ কাঁহিবাৰী গাঁৱৰ ব্যক্তি। তেখেতে ডিমাকুছিৰ তিনি নং ভোলাটাৰৰ কয়লাকাটাৰ নিচেই কাষতে ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তুলিছে এখন চাহ বাগিচা। অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশত গঢ়ি তোলা চাহ বাগিচাখনৰ জড়িয়তে এতিয়া বডোচা বিশ্ববাসীৰ অন্যন্য ব্যক্তি ৰূপে পৰিচিতি লাভ কৰিছে।

বডোচাৰ সৰু কালছোৱা অভাৱঅনাটনৰ মাজেৰে পাৰ হৈছিল। শৈক্ষিক জীৱন আধৰুৱা হৈছিল পিতৃৰ মৃত্যু হোৱা বাবে। উপাৰ্জনৰ মূল ব্যক্তি পিতৃগৰাকীৰ বিয়োগত জ্বলাকলা দেখা বডোচাই পেটৰ তাগিদাত গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত কাম কৰিব লগা হৈছিল। সৌভাগ্য ক্ৰমে এদিন মালয়ছিয়াৰ নিৰ্মাণ সংস্থা এটাত সংস্থাপন লাভ কৰে। সংস্থাটোত যোগদান কৰাৰ পিচত বিভিন্ন যন্ত্ৰপাতি নিৰ্মাণত জড়িত হৈ পৰে। তদুপৰি কোম্পানীৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ কালত ইংৰাজী ভাষাৰ কথনশৈলীও আয়ত্ব কৰে। স্বাধীনভাৱে কিবা এটা কৰিবলৈ স্পৃহা থকা বডোচাক উক্ত সংস্থাটোৰ চাকৰিয়ে দীৰ্ঘদিন ধৰি ৰাখিব নোৱাৰিলে। ২০০৬ চনত কোম্পানীৰ কাম এৰি পুনৰ নিজ গাঁৱলৈ ঘূৰি আহে। নিজৰ মাতৃগৰাকীক সাৰথি কৰি নিজ গাঁৱখনৰ কাষতে থকা এডৰা মাটিত এখন ক্ষুদ্ৰ জৈৱিক চাহ বাগান গঢ়ি তোলে। পৰৱৰ্তী সময়ত বাগানখনতে এটি ক্ষুদ্ৰ ফেক্টৰীও স্থাপন কৰে। গৌৰৱৰ কথা যে টেনজিঙৰ বাগানৰ চাহপাত আজি আমেৰিকা, জাৰ্মান, ফ্ৰান্স, কানাডা আদি বিশ্বৰ আগশাৰীৰ দেশ সমূহে আদৰি লৈছে।

প্ৰকৃতিক সন্মান কৰিলে প্ৰকৃতিও আমাক আশ্ৰয় আৰু জীৱিকাৰ উপায় দিব, সকলো দিয়াৰ পিচতো আমি প্ৰকৃতিৰ ক্ষতিহে কৰি আছো এয়া টেনজিং বডোচাৰ ভাষ্য। ভাৰতভূটান সীমান্তৰ যিটো অঞ্চলত তেখেতে চাহ বাগিচা স্থাপন কৰিছে সেয়া বন্য হস্তীৰ উপদ্ৰুত অঞ্চলৰূপে খ্যাত। বাগিচাখনৰ ওচৰপাজৰৰ গাঁৱসমূহৰ লোকে কৰা ধান খেতিৰ ফচল হাতীৰ উপদ্ৰৱৰ বাবে চপাবলৈ নাপায়। বিপৰীতে, অন্যান্য চাহ বাগিচাত দিয়াৰ দৰে বডোচাৰ বাগিচাখনৰ চৌপাশত বেৰৰ কোনো ব্যৱস্থা নাই। তথাপিও তেখেতৰ বাগানত বনৰীয়া হাতীয়ে কোনো ধৰণৰ অনিষ্ট সাধন নকৰে। অৱশ্যে হাতীয়ে অনিষ্ট নকৰিবৰ বাবে তেখেতে এক সুকীয়া পদ্ধতি অৱলম্বন কৰিছে। এই পদ্ধতি সমূহ হ’ল (১) বনৰীয়া হাতী অহাযোৱাত বাধা নাপাবৰ বাবে বাগিচাৰ মাজেৰে ডাঙৰ ৰাষ্টা নিৰ্মাণ কৰিছে (২) চাহ গছৰ ছাঁ’ৰ বাবে অন্যান্য গছগছনি ৰোৱাৰ সলনি হাতীৰ খাদ্য হ’ব পৰা আম, কঁঠাল, ঔটেঙা, তামোলনাৰিকল গছ ৰোপন কৰিছে (৩) হাতী তথা অন্যান্য জীৱজন্তুৰ বাবে খোৱা পানীৰ পুখুৰী নিৰ্মাণ কৰিছে।

উল্লেখ্য যে, বাগিচাৰ কাষতে প্ৰায় দুশ বিঘা ভূমিত বাঁহ গছ ৰোপন কৰি এক ‘বাফাৰ জ’ন’ৰ সৃষ্টি কৰিছে। উক্ত বাফাৰ জ’ন এতিয়া বন্য হস্তীকে আদিকৰি মেঠোন, হৰিণ, শহাপহু, বন মেকুৰী, পখিলা, সাপ, দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ লগতে বিভিন্ন প্ৰকাৰৰ চৰাইচিৰিকটিৰ সুৰক্ষিত বাসস্থান। যিসময়ত ৰাজ্যখনত হাতীমানুহৰ সংঘাতে শীৰ্ষস্থান লাভ কৰিছে তেনে সময়তে টেনজিঙৰ এই কৰ্ম পদ্ধতিয়ে উক্ত সংঘাত ৰোধত এক যোগাত্মক অৰিহনা যোগাইছে। যি পদ্ধতি ৱৰ্ল্ড ৱাইল্ড লাইফ ফাউণ্ডেচন (WWF)ৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰি প্ৰশংসা কৰাই নহয় তেখেতক উৎসাহিত কৰিবলৈ নিশা বাগিচাৰ ভিতৰত বিচৰণ কৰা বন্য জীৱজন্তুৰ ছবি সংগ্ৰহত সুবিধা হোৱাকৈ দুটা উন্নত মানৰ নাইট ভিচন কেমেৰাও প্ৰদান কৰিছে।

জৈৱিক চাহৰ লগতে টেনজিঙে বন্ধু জ্যোতি গয়াৰীৰ সৈতে লগলাগি ৰিজ’ৰ্ট ব্যৱসায়ো আৰম্ভ কৰিছে। গছৰ ওপৰত আটক ধুনীয়াকৈ সাজিছে টঙী ঘৰ। যিসকলে প্ৰকৃতিৰ শান্তসৌম্য পৰিবেশক ভাল পায়, যিসকলে প্ৰকৃতিৰ সৈতে একাত্ম হৈ বন্য জীৱজন্তুৰ মাত, গতিবিধি, বিচৰণ আদিৰ বাবে ওচৰৰ পৰা বন্য জীৱজন্তু সমূহ চোৱাৰ বাবে আগ্ৰহীসকলেই হ’ল তেওঁলোকৰ মূল অতিথি। সম্প্ৰতি টেনজিঙৰ ৰিজ’ৰ্টে দেশীবিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet   

No comments:

Post a Comment