Monday, December 9, 2019

সন্ধান ওলাব নে ? জনজাতীয় নেতা প্ৰসন্ন টুৰুং আৰু পত্নীৰ

0 comments

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০১৯



চি এন ডেক্স

টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতিৰ নেতা প্ৰসন্ন টুৰুং আৰু তেওঁৰ পত্নীৰ অপহৰণকাৰী আজি পৰ্যন্ত চিনাক্ত নহ’ল। ২০১৭ চনৰ ৮ এপ্ৰিলত মাৰ্ঘেৰিটাৰ এ পি অ’ ক’লনিৰ পৰা পত্নীসহ নিখোজ হোৱা টুৰুং দম্পতীৰ আজি ১২ বছৰেও কোনো সন্ধান দিবলৈ সক্ষম নহ’ল ৰাজ্যৰ প্ৰশাসন।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসমঅৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী টিৰাপ অঞ্চল হ’ল চিংফৌ, টাইফাকে, টাই খামতি, চেমা, টাংচা, দেউৰী, মিচিং, সোণোৱাল কছাৰী আদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিজনগোষ্ঠীসমূহৰ বাসস্থান। তদুপৰি অঞ্চলটো পনীয়া সোণস্বৰূপ কয়লা ভাণ্ডাৰৰ বাবেও বিখ্যাত। এতিয়া এই কয়লা ভাণ্ডাৰ সমূহত এচাম ৰাজনৈতিক নেতাৰ আশীষধন্য দালালৰ নেতৃত্বত দিনেনিশাই চলে অবৈধ মুক্ত খনন। সম্প্ৰতি এই কয়লা ভাণ্ডাৰৰ মুক্ত খননে ওচৰপাঁজৰৰ জনজাতীয় গাওঁসমূহত বিপদ নমাই আনিছে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে কয়লাৰ মুক্ত খনন চলি থকা অঞ্চলবোৰ টিৰাপ ট্ৰাইবেল বেল্টৰ অধীন আৰু সকলোবোৰ অঞ্চল জনজাতীয়লোকৰ বাসস্থান। এনে অবিবেচক কাণ্ডৰ ফলত লিডুৰ মালোগাওঁ আৰু ১নং মুলং পাহাৰ খহি পৰিছিল। ইয়াৰ ফলত ঠাই দুখনৰ মানুহবোৰে তেওঁলোকৰ নিজৰ নিজৰ বাসস্থান সমূহ হেৰুৱাব লগা হৈছিল। এতিয়া বাসস্থান হেৰুওৱা মানুহবোৰে চুবুৰীয়া অৰুণাচলৰ ভূমিত বাস কৰিব লগা হৈছে।

এই সন্দৰ্ভত যোৱা ৬ ডিচেম্বৰ শুক্ৰবাৰে টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতিয়ে গুৱাহাটীৰ পল্টন বজাৰস্থিত জনজাতি জিৰণী চ’ৰাত এক সংবাদমেলৰ আয়োজন কৰে। জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া উপস্থিতি থকা সংবাদমেলতে অৰুণাচলৰ লগত চামিল হোৱাৰ হুংকাৰো প্ৰদান কৰে স্বায়ত্তশাসিত দাবী সমিতিয়ে।

সদৌ অসম মানটাই ভাষী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পল্লৱশ্যাম বাইলুঙে সংবাদমেলত মত প্ৰকাশ কৰামতে– অসমঅৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ চিংফৌ, টাই খামতি, টাইফাকে, চেমা, টাংচা, দেউৰী, মিচিং, সোণোৱাল কছাৰী আদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিজনগোষ্ঠীসমূহৰ মাজত আজি অস্তিত্বৰ প্ৰতি শংকা নামি আহিছে। লগতে বিপদাপন্ন হৈছে তেওঁলোকৰ ভাষাসংস্কৃতি। আৰ্থসামাজিক দিশত অতি পিছপৰা অঞ্চলটোৰ জনজাতীয় লোকসকলৰ বিকাশৰ বাবে স্বায়ত্তশাসনৰ বিকল্প নাই। সেয়ে তেওঁলোকে ‘টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ’ গঠনৰ দাবী দীৰ্ঘদিন ধৰি কৰি আহিছে। স্বায়ত্তশাসন প্ৰদান, কয়লাখনিৰ অবৈধ মুক্ত খনন বন্ধ আৰু কয়লা খননৰ বাবে স্থানান্তৰ হোৱা লোকসকৰ ক্ষতি পূৰণৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত এক স্মাৰক পত্ৰ অৰ্পনৰ কথা দোহাৰে। চিংফৌ, খামতি, টাইফাকে, টাই খামায়াং, টাংচা, চেমা, মিচিং, দেউৰী, ৰাভা, সোণোৱাল কছাৰী জনগোষ্ঠীৰ ভাষাসংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ গতি দ্ৰুত কৰিবলৈ সমগ্ৰ টিৰাপ জনজাতীয় আৱেষ্টনী সামৰি ‘টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ’ শীঘ্ৰেই গঠন কৰক। ভূমাফিয়া আৰু কয়লা মাফিয়াৰ হাতত সন্ধানহীন হোৱা জনজাতি নেতা প্ৰসন্ন টুৰুঙৰ অপহৰণৰ গোচৰ পুনৰাই মুকলি কৰি অপৰাধীক দৃষ্টান্তমুলক শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীৰ হাতত স্মাৰক পত্ৰ প্ৰদানকালত জনজাতীয় প্ৰতিনিধি দলটোৱে সজোৰে এই দাবী উত্থাপন কৰে।

জনজাতি সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক তথা সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদকপ্ৰধান আদিত্য খাখলাৰীয়ে সংবামেলত ব্যক্ত কৰে যে, জনজাতি নেতা প্ৰসন্ন টুৰুঙে অঞ্চলটোত সংঘটিত হোৱা ভূমি বেদখল, ভূমি হস্তান্তৰ, অবৈধভাৱে গঢ়ি উঠা চাহ বাগিচা আৰু কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে এক ধাৰাবাহিক আন্দোলন সাব্যস্ত কৰিছিল। তেনেক্ষেত্ৰত মাফিয়াৰ হাততে সন্ধানহীন হয় প্ৰসন্ন টুৰুং। সেই সময়ৰ চৰকাৰে ঘটনাটো তদন্তৰ বাবে চি বি আইৰ হাতত অৰ্পন কৰে যদিও কোনো সন্ধান দিব নোৱাৰিলে অনুসন্ধানকাৰী সংস্থাটোৱে। সোণোৱাল চৰকাৰে প্ৰসন্ন টুৰুঙৰ অপহৰণ আৰু কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ যোগদলত সংঘটিত হোৱা হৰেশ্বৰ দ’লেৰ পৰিয়ালৰ সদস্যসকলক কৰা নৃশংস হত্যাৰ তদন্তৰ দায়িত্ব ‘নিয়া’ৰ হাতত অৰ্পন কৰিবলৈ দাবী জনায়।

সংবাদমেলখনত টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চেংগাম লাব্ৰাম, সাধাৰণ সম্পাদক নকুল চিংফৌ, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল, ট্ৰাইবেল য়ুথ লীগৰ ৰিমল আমচি আদিকৰি বহু বিষয়ববীয়া উপস্থিত থাকে।          


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet


No comments:

Post a Comment