Monday, December 23, 2019

‘কা’ বিৰোধী আন্দোলনৰ স্থিতি দূৰ্বল কৰিবলৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 comments

প্ৰকাশিত তাৰিখঃ ২৩ ডিচেম্বৰ, ২০১৯

চি এন ডেক্স

অসমৰ  জনমতক  সম্পূৰ্ণৰূপে উপেক্ষা কৰি কেন্দ্ৰৰ বি জে পি চৰকাৰখনে নাগৰিক (সংশোধনী) আইন গৃহীত কৰিলে।  এই আইনখন সম্পূৰ্ণৰূপে বাতিলৰ দাবীত ৰাজ্যখনত তীব্ৰ গতিত চলি থকা আন্দোলনৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজে ভোটদান কৰি দিচপুৰলৈ পঠিওৱা চৰকাৰৰ দ্বাৰা আকৌ এবাৰ উপেক্ষিত ৰাজ্যৰ জনসাধাৰণ।  অৰ্থাৎ ৰাজ্যখনৰ জনতাৰ জনমতক  উপেক্ষা কৰি দিচপুৰৰ পৰা চৰকাৰে আঁচনিৰ বৰষুণৰ এৰি দিছে যোৱা ২১ ডিচেম্বৰত।

কেবিনেটৰ অন্তত অনুস্থিত এক সংবাদমেলত এই কথা সদৰি কৰে বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, চন্দন ব্ৰহ্ম আৰু কেশৱ মহন্তই।

উল্লেখযোগ্য যে, অসমৰ ভূমিৰ অধিকাৰ যাতে খিলঞ্জীয়াৰ হাতত সুৰক্ষিত অৱস্থাত থাকে তাৰবাবে শীঘ্ৰে এক নতুন ভূমি আইন প্ৰণয়ন কৰি পৰৱৰ্তী বিধান সভাৰ অধিবেশনত উত্থাপন কৰিব। আইনখন ৰূপায়ন হ’লে ৰাজ্যৰ খিলঞ্জীয়াৰ মাজতহে মাটি বেচাকিনাৰ ব্যৱস্থা থাকিব।    

অসমীয়া ভাষাক ৰাজ্যৰ মূল ভাষাৰূপে বাহাল ৰাখিবলৈ সংবিধানৰ ৩৪৫ অনুচ্ছেদ সংশোধনৰ প্ৰস্তাৱ কেন্দ্ৰলৈ।

ৰাজ্যখনৰ ইংৰাজীকে ধৰি অন্যান্য সকলোবোৰ মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক কৰিব। অৱশ্যে,বৰাক উপত্যকা, কাৰ্বি আংলং, ডিমা হাছাও জিলা আৰু বি টি এ ডি এই আইনৰ গণ্ডীৰ বাহিৰত থাকিব।

বি টি এ ডি আৰু ৰাভা হাছঙক অন্তৰ্ভূক্ত নকৰাকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচৰাজবংশীসকললৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব।

নলবাৰী জিলাৰ পাঠশালাক সদৰ হিচাপে লৈ বজালী মহকুমাক নতুন জিলা ঘোষণা কৰিব।

 মৰাণমটক  জনগোষ্ঠীক লৈ দুখন নতুন স্বায়ত্তশাসিত পৰিষদ গঠন।

শিৱসাগৰ আৰু বিশ্বনাথ জিলাত দুখন নতুন মেডিকেল কলেজ স্থাপন।

ইতিমধ্যে গঠন হোৱা মিচিং, ৰাভা হাছং, তিৱা, দেউৰী, সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হ’ব বুলি চৰকাৰৰ ঘোষণা। এই স্বীকৃতি প্ৰদানৰ ফলত পৰিষদকেইখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পোনপোটীয়াকৈ লাভ কৰিবলৈ সক্ষম হ’ব। লগতে পৰিষদ কেইখনৰ মুখ্য কাৰ্যবাহী সদস্যসকলক তেওঁলোকৰ অধীনত থকা মহকুমাৰ ভূমি উপদেষ্টা সমিতিৰ পদেন সদস্যৰূপে অন্তৰ্ভূক্ত কৰিব।

৭ ব’হাগক চৰকাৰী বন্ধৰূপে ঘোষণা আৰু গোলাঘাটত সতী সাধনীৰ নামত নতুনকৈ এখন বিশ্ববিদ্যালয় স্থাপন।

অহা ১ জানুৱাৰীৰ পৰা অসম চাহ নিগমৰ অধীনত থকা চাহ বাগান সমূহৰ শ্ৰমিকৰ দৈনিক মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ১৩৮ টকাৰ পৰা ১৬৭ টকালৈ আৰু বৰাক উপত্যকাত ১১৫ টকাৰ পৰা ১৪৫ টকালৈ বৃদ্ধি কৰিব। অহা তিনিমাহৰ ভিতৰত ৰাজ্যৰ চাহ বাগিচাত ১০০খন বিদ্যালয় স্থাপন কৰিব। তদুপৰি চাহ জনজাতিৰ উন্নয়নৰ বাবে পুঁজি বৃদ্ধি আৰু মহাবিদ্যালয়ত অধ্যয়নৰ বাবে আচুতীয়া আসন সংৰক্ষণ।

ৰাজ্যখনৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ সংৰক্ষণৰ বাবে এক বিধেয়ক উত্থাপন কৰি পৰৱৰ্তী অধিবেশনত আইনলৈ ৰূপায়ন কৰিব।

আহোম, মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে ১২৫ কোটিকৈ মুঠ ৫০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা।  

মেডিকেল, ইঞ্জিনিয়াৰিং, কৃষি, পশু চিকিৎসা আৰু স্নাতকোত্তৰ শ্ৰেণীত আহোম, চুতীয়া আৰু কোঁচৰাজবংশীৰ বাবে আসন সংৰক্ষণ।

এন ডি এফ বি’ৰে চলি থকা আলোচনা শীঘ্ৰে সমাপন কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ কেন্দ্ৰৰ প্ৰতি অনুৰোধৰ বাবেও সিদ্ধান্ত গ্ৰহণ।  


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Photo: Internet


No comments:

Post a Comment