Monday, December 2, 2019

উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়াক ভাগ–ভাগ কৰি গৃহীত কৰিব কেব’

0 comments

প্ৰকাশিত তাৰিখঃ ২ ডিচেম্বৰ, ২০১৯


চি এন ডেক্স

খিলঞ্জীয়াক ধ্বংস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন কৌশল ৰচনা কৰিছে। সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ ঐক্য বিনস্ত কৰিবলৈ আহি আছে নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক (কেব’)। উত্তৰপূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ অধীন অঞ্চলবোৰক ৰেহাই দি কেব’ গৃহীত কৰাৰ এক নতুন কৌশলী সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি অসমৰ বিটিএডি, কাৰ্বিআংলং, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ কেব’ৰ আওতাৰ পৰা বাহিৰত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ এই কৌশলী ফৰ্মূলাত  কেব’ বিৰোধী আন্দোলন দূৰ্ব্বল হৈ পৰিব। সেয়ে অসম তথা উত্তৰপূৰ্বাঞ্চলত চলি থকা কেব’ বিৰোধী আন্দোলনক নস্যাৎ কৰি এনে নিকৃষ্ট ৰাজনীতিৰ খেলখেলিছে কেন্দ্ৰীয় চৰকাৰে।   

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক সন্দৰ্ভত যোৱা ২৯ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিল্লীৰ অসম ভৱনত এক বৈঠক অনুষ্ঠিত হৈ যায়। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা এই পাঁচখন ৰাজ্যৰ বিভিন্ন দ’লসংগঠনৰ প্ৰতিনিধিৰ লগত বৈঠকত মিলিত হয়।

উক্ত বৈঠকত উপস্থিত থকা নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাই বৰ্তমান উত্থাপন কৰিবলগীয়া বিধেয়কখন পূৰ্বৰ বিধেয়কৰ সংশোধিত ৰূপ বুলি ব্যক্ত কৰে। উক্ত বিধেয়কত সকলোৰে আশংকা দূৰ কৰাৰ উপযুক্ত ব্যৱস্থা সন্নিবিষ্ট কৰাৰ কথাও উল্লেখ কৰে।

ইপিনে, ড শৰ্মাই উক্ত বিধেয়কখনৰ দ্বাৰা উত্তৰপূবৰ সমস্যাৰাজিৰ ফলপ্ৰসু সমাধান হ’ব বুলি উল্লেখ কৰিছে। যদিওবৈঠকত অংশ লোৱা বেছিভাগ দলসংগঠনে অমিত শ্বাহৰ সন্মুখতে অসন্তুষ্টি প্ৰকাশ কৰিছে।

বৈঠকত অংশ গ্হণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে মেঘালয়ৰ মুকুল চাংমা আৰু অৰুণাচল প্ৰদেশৰ নাবাম টুকিয়ে নাগৰিকত্ব বিধেয়ক সজোৰে বিৰোধিতা কৰি নিজৰ নিজৰ স্থিতিসমূহ অক্ষুন্ন ৰাখিছে। সেয়াই নহয়, বিধেয়কখন গৃহীত হ’লে উত্তৰপূবৰ খিলঞ্জীয়াৰ মাজত শংকাৰ ভাৱ সৃষ্টি হোৱাৰ লগতে বিশৃংখল পৰিস্থিতিৰো সন্মুখীণ হ’ব ৰাজ্যকেইখনৰ জনসাধাৰণ এইবুলি মতপ্ৰকাশ কৰে মুকুল চাংমাই

বিপৰীতে, চ’ল চাই কঠিয়া পাৰিছে অগপ দ’লৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই বিধেয়কখন সন্দৰ্ভত স্পষ্টভাৱে ব্যক্ত কৰাৰ সলনি পূৰ্বৰ ড্ৰাফটখন চাইচিতিহে ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক কৌশলীপূৰ্ণ মন্তব্য প্ৰদান কৰে।

অসমীয়াত এষাৰ কথা আছেখাবলৈ ঠাই পালে শুবলৈও ঠাই পায়’ এই বাক্যশাৰীয়ে উত্তৰপূবৰ ক্ষেত্ৰত ফলিয়াব নেকি। কিয়নো, কেন্দ্ৰীয় চৰকাৰে ষষ্ঠ অনুসূচী, ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰক ৰেহাই দি কেব’ গৃহীত কৰাৰ সিদ্ধান্ত লৈছে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰাৰ পিচত তেওঁলোকে উত্তৰপূৰ্বাঞ্চলৰ ইনাৰ লাইন ব্যৱস্থা থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ অধীনত থকা অঞ্চলবোৰত যাব পাৰিব নে নোৱাৰিব? উক্ত অঞ্চলবোৰত হিন্দু বাংলাদেশীয়ে প্ৰৱেশ কৰিলে কি কি চৰ্ত পূৰণ কৰিব লাগিব কেব’ত সেয়া উল্লেখ কৰা আছেনে? এইক্ষেত্ৰত উক্ত অঞ্চলৰ নেতাবোৰে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতাৰণাৰ বলি নহয়তো!  



শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Photo: Chandubi News

No comments:

Post a Comment