Monday, November 18, 2019

ক্ৰেম চীজ টিৰা মেঘালয়ৰ এক বুৰঞ্জী প্ৰসিদ্ধ গুহা

0 comments

প্ৰকাশিত তাৰিখঃ ১৮ নৱেম্বৰ, ২০১৯

 



চি এন ডেক্স


Siej Tyra Cave খাছি ভাষাত Krem Siej Tyra গুহাটো মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ নংখ্লাওত অৱস্থিত। এই গুহাটো প্ৰায় ১০০ মিটাৰ দীঘল। চাৰিওফালে সেউজীয়া প্ৰকৃতিৰে ভৰপূৰ নংখ্লাও এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। কিয়নো এই ঠাইখন বুৰঞ্জী প্ৰসিদ্ধ খাছি ৰজা (ছিয়েম) বীৰ টিৰৎ সিঙৰ জন্মস্থান তথা তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল। নংখ্লাও এখন স্বাধীন চিতীয়া ৰাজ্য আছিল যদিও সেই সময়ত বৃটিছসকলৰ ৰাজত্ব চলিছিল। আগ্ৰাসীমনৰ বৃটিছসকলৰ আইনকানুন মানি চলিবলৈ অপাৰগতা প্ৰকাশ কৰাৰ কাৰণে খাছি ৰজা টিৰৎ সিং আৰু বৃটিছসকলৰ মাজত তয়াময়া যুদ্ধ লাগে। পৰম্পৰাগত ধনুকাঁড় ব্যৱহাৰ কৰা খাছি সৈন্যৰ হাতত প্ৰথমাৱস্থাত আধুনিক অস্ত্ৰশস্ত্ৰ ব্যৱহাৰ কৰা বৃটিছসকল তিস্তিবই পৰা নাছিল। বৃটিছসকলে বহু কৌশল কৰি খাছি সৈন্যক পৰাস্ত কৰিছিল। যুদ্ধত পৰাজিত খাছি সৈন্যসকল বীৰ টিৰৎ সিঙৰ সৈতে Krem Siej Tyra গুহাতে আত্মগোপন কৰিছিল।

 




ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Pix: Prabhat Rabha, Staff Photographer


No comments:

Post a Comment