প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ,
২০১৯
চি এন ডেক্স –
অসমখন বিভিন্ন জাতি–জনগোষ্ঠী–ধৰ্মাৱলম্বী লোকেৰে গঠিত। ৰাজ্যখনত বসবাস কৰা খিলঞ্জীয়াৰ পৰা সকলো
অধিকাৰ কাঢ়ি নিয়াৰ সিদ্ধান্ত লৈছে। জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক (কেব)খন
কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰে গৃহীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, নাগৰিকত্ব
বিধেয়ক বাতিলৰ দাবীত পুনৰ ৰাজপথত ওলাব লগা হ’ল অসমৰ জনসাধাৰণ। সদৌ অসম ছাত্ৰ (আছু)
আৰু ৩০ জনগোষ্ঠীয় সংগঠনে গুৱাহাটীকে ধৰি ৰাজ্যৰ
বিভিন্ন প্ৰান্তত এই বিধেয়ক বাতিলৰ দাবীত আন্দোলনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি
আহিছে।
উত্তৰ–পূব ছাত্ৰ সংগঠন নেছ’ৰ উদ্যোগতো ইতিমধ্যে মেঘালয়,
মণিপুৰকে আদিকৰি সকলোকেইখন ৰাজ্যই কেব বাতিলৰ দাবীত আন্দোলনৰ কাৰ্যসূচী পালন
কৰিছে।
বিধেয়কখনৰ বাতিলৰ দাবীত যোৱা ২২ নবেম্বৰত গুৱাহাটীত মিলিত হয় ৰাজ্যখনৰ
বুদ্ধিজীৱি, শিল্পী–সাহিত্যিক সমাজ, খাঁটিখোৱা
ৰাইজ। দিনৰ ১১ বজাত গুৱাহাটী ক্লাৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সমবেত
হোৱা জনতাই কেব বাতিলৰ বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শন আৰু শ্ল’গানেৰে মহানগৰীৰ
আকাশ–বতাহ কঁপাই তোলে। সংখ্যাৰে গৃহীত কৰিলেও কোনো প্ৰকাৰে মানি লোৱা
নহয় এই জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক। এই প্ৰতিবাদী সভাত সমবেত হোৱা জনতাই সংকল্প
লৈছে ‘দেহত শেষবিন্দু তেজ থকালৈকে কেব’ৰ বিৰুদ্ধে যুজি যোৱাৰ’।
শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Photo: Internet