Monday, November 4, 2019

আমকাৰবাই প’চান ফেষ্টিভেল– ২০১৯

0 comments

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ, ২০১৯


চি এন ডেক্স

মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং উন্নয়নৰ অন্তৰ্গত ‘জিৰাং সামূহিক সংৰক্ষিত বনাঞ্চল’ৰ এটি সৰু লেক্‌। স্থানীয় খাছি লোকসকলৰ মাজত উক্ত লেকটো আমকাৰবাই (Amkyrbai) নামেৰে পৰিচিত। হাবিজংঘলেৰে পৰিপূৰ্ণ লেক্‌টো আজি কিছু বছৰ আগৰে পৰা স্থানীয় ৰাইজে পৰিস্কাৰ কৰি তাত মাছ পোহাৰ ব্যৱস্থা কৰিছিল। চাৰিওফালে সেউজীয়া প্ৰাকৃতিক পৰিবেশেৰে পৰিপূৰ্ণ উক্ত লেকটো চোৱাৰ বাবে সময়ত দৰ্শনাৰ্থীৰ সংখ্যাও বাঢ়িব ধৰিলে।

আমকাৰবাই লেক্‌ ৰাণীৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত। মাউফ্লাংমাইৰাংৰাণী (এম এম আৰ ৰ’ডএন চি) পথৰ সমীপতে আমকাৰবাই লেক্‌। স্থানীয়ভাৱে সংৰক্ষিত লেক্‌টোক ক্ষুদ্ৰ পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে অঞ্চলটোৰ ৰাইজে। সেয়ে বাৰেবৰণীয়া কাৰ্যসূচীৰে এইবাৰ আৰম্ভ কৰে ‘আমকাৰবাই প’চান ফেষ্টিভেল২০১৯’ নামেৰে এক পৰ্যটন উৎসৱ। যোৱা ৩০, ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা পোন প্ৰথমবাৰৰ উৎসৱত দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।

এলেকাটোৰ চিয়েম (ৰজা, অধিপতি, খাছি ভাষাত চিয়েম) আৰ এইচ ৱাহলাঙৰ নেতৃত্ব আছিল অতুলনীয়। নংখ্লাও আৰু নংপো এলেকাৰ চিয়েম দুজনাইও এই উৎসৱত পূৰ্ণ সহযোগ আগঢ়োৱাৰ লগতে ৰাজ্য চৰকাৰৰ বহুকেইটা চৰকাৰী বিভাগৰ বিষয়াসকলো অংশ গ্ৰহণ কৰে।

পৰৱৰ্তী উৎসৱ আয়োজনৰ বাবে চৰকাৰে সম্পূৰ্ণৰূপে আৰ্থিক অনুদান আগবঢ়াব। পৰ্যটকৰ সুবিধাৰ বাবে লেকটোৰ পাৰত অতিথি গৃহ নিৰ্মাণৰ লগতে পৰ্যটনক্ষেত্ৰৰ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াব বুলি অঞ্চলটোৰে এজন শিক্ষকে আমাৰ আগত ব্যক্ত কৰে।



শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Picture: Chandubi News   



No comments:

Post a Comment