Monday, November 25, 2019

জৈৱ–বৈচিত্ৰ ৰক্ষা অবিহনে চানডুবিৰ উন্নয়ন অসম্ভৱ

0 comments

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০১৯


চি এন ডেক্স

আগন্তুক ২০২০ বৰ্ষৰ ‘চানডুবি উৎসৱ’ আয়োজনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ব্যস্ত হৈ পৰিছে ‘চানডুবি উৎসৱ আয়োজক সমিতি’ৰ উদ্যোক্তা বৰদুৱাৰভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা (বাৰছু), ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতি। অহা বৰ্ষৰ ১ ৰ পৰা ৫ জানুৱাৰীলৈ পাঁচদিনীয়াকৈ ৰংবিৰঙী কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব চানডুবি উৎসৱ।

ৰাভা জাতীয় পৰম্পৰাৰে যোৱা ২১ নৱেম্বৰত চানডুবি উৎসৱৰ লাইখুটা স্থাপন কৰে। দিনৰ এঘাৰ বজাত বিলৰ পাৰৰ বাকৰিত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই উৎসৱৰ লাইখুটা স্থাপন কৰে।

উৎসৱৰ লাইখুটা স্থাপন কৰি অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কয় যে জৈৱবৈচিত্ৰ ৰক্ষা কৰিলেহে চানডুবিৰ উন্নয়ন হ’ব। জৈৱবৈচিত্ৰতা ৰক্ষা কৰি চানডুবি উন্নয়নৰ বাবে নিগমে এক অভিলাষী আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। বিলত নৌকা বিহাৰ, চাইকেল যাত্ৰা, টঙী ঘৰ, অতিথি গৃহ এইবোৰ বিনোদনে পৰ্যটকক বাৰুকৈয়ে আকৰ্ষণ কৰে। অৱশ্যে বিনোদনৰ এই সুবিধা উপভোগ কৰিবলৈ অহা পৰ্যটকক নিৰাপত্তাৰ লগতে স্থানীয় ব্যৱসায়ীৰ ক্ষতি নোহোৱাকৈ এই আঁচনিসমূহ ৰূপায়ন হ’ব লাগিব। এই বৰ্ষৰ উৎসৱ সাফল্য মণ্ডিত কৰিবলৈ স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী দলসংগঠনৰ প্ৰতি পূৰ্ণ সহযোগিতা কামনা কৰে।

উৎসাহ উদ্দীপনাৰে চানডুবি উৎসৱত অংশ গ্ৰহন কৰিবলৈ ৰাইজলৈ আহ্বান জনোৱাৰ লগতে বনভোজকাৰী দ’লবোৰে উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ আৰু প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় চানডুবি উৎসৱ আয়োজক সমিতিৰ সভাপতি জীৱন ৰাভাই। 

অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৫ নং শিলপোটা সমষ্টিৰ কাৰ্যবাহী সদস্য ৰশ্মি ৰাভা, ৩৩ নং কুলশী সমষ্টিৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভা, চানডুবি উৎসৱ’ৰ আলোচনী সম্পাদকসহঃসম্পাদক ক্ৰমে সত্যজিৎ ৰাভা, হেমন্ত ৰাভা কোঁচ, বৰদুৱাৰভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা দেৱজিত নাফা, ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভাৰ বিষয়ববীয়াৰ উপৰিও অঞ্চলটোৰ বিশিষ্ট্য ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত ৰাজাপাৰা কলাগুৰু কৃষ্টি দলে হামজাৰ নৃত্য পৰিবেশন কৰে।



শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Photo: Chandubi News

No comments:

Post a Comment