Monday, November 18, 2019

ফলুন দাফা– স্বাস্থ্যৰ সৈতে সমন্বয় ৰাখি আগুৱাই যোৱাৰ এক পথ

0 comments

প্ৰকাশিত তাৰিখঃ ১৮ নৱেম্বৰ, ২০১৯
নিশা প্ৰকাশ, বাংগালৰ

আজিৰ এই জটিল বিশ্বত আমি প্ৰত্যেকেই এটা চিন্তামূক্ত মন আৰু শৰীৰ কামনা কৰো। কিন্তু চলিত জীৱন পৰিক্ৰমাত সন্মুখীন হোৱা পৰিয়ালকেন্দ্ৰীক বিভিন্ন সমস্যাৰ বাবে আমি চেষ্টা কৰিও সফলতাৰ মুখ নেদেখো। আমাৰ প্ৰায় ভাগৰে সমস্যাবোৰ জীৱিকাকেন্দ্ৰীক, ব্যক্তিগত দন্দ সংঘাতেৰে ওচৰৰ বা দূৰৈৰ পৰাই সংলগ্ন হৈ থাকে। সেয়ে এই ধৰণৰ চিন্তাভাবনাৰ পৰা মুক্ত হ’বলৈ আমি এক নতুন পথৰ সন্ধান পাইছোহক। কিনো সেই পথ?  

বৰ্তমান পৃথিৱীৰ মিলিয়নৰ হিচাপত গৰিষ্ঠ সংখ্যক মানুহে পাবলৈ ধৰিছে এক সমিধান। কিনো সেই সমিধান? সেয়াই হৈছে ‘ফলুন দাফা’ (Falun Dafa)। যাক আমি তপস্যা বা ধ্যানৰ ব্যায়াম বুলি ক’ব পাৰো। পূৰ্ব প্ৰচলিত ধ্যান বা তপস্যাৰে উজ্জীৱিত এই ব্যায়াম সমূহ সংস্কাৰিত ৰূপত ৫টা ভাগত সন্নিবিষ্ট কৰা হৈছে। যাক বহুতে এতিয়া ‘ফলুন গং’ (FalunGong) বুলিও জানে।

এই ব্যায়ামৰ সহায়ত মানুহে কম সময়ৰ ভিতৰতে মনত স্থিত খংৰাগ দূৰ কৰি দেহৰ প্ৰশান্তি লাভ কৰিব পাৰে। এই ধৰণৰ মানসিক জাগৰণে আজিৰ বিশ্বত সকলো বয়সৰ মানুহকে সামৰি লৈছে। ব্যায়ামৰ প্ৰতিষ্ঠিত উজু পথটোৱে মানুহক অতি কম সময়ৰ ভিতৰতে আকৰ্ষিত কৰি তুলিছে।

আমি পূৰ্বে কৈ অহাৰ দৰে ফলুন দাফা এনে এক ব্যায়াম যিটোৰ সহায়ত মানুহে মন আৰু শৰীৰ দুয়োটাৰে পৰিচৰ্চা কৰিব পাৰে। চৰ্চিত ব্যায়ামে শৰীৰৰ শক্তি যোগান ধৰাৰ উপৰিও মানুহৰ নৈতিক চৰিত্ৰ গঢ় লোৱাত ই বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে আমি এতিয়াৰ পৰাই এক সদৰ্থক আৰু নিৰ্ভেজাল সহনশীল সুস্থ মনেৰে দৈনন্দিন জীৱন পৰিচালনাৰ স্বাৰ্থত মন আৰু শৰীৰক বিকাশ ঘটাব পাৰো। প্ৰতিস্থিত যুক্তিৰ আধাৰতে আজিৰ বিশ্বত এক মাত্ৰ ফলুন দাফা (Fallun Dafa)ৰ জৰিয়তেই আমি ব্যথিক ফলাফল আশা কৰিব পাৰো।

বিশ্বৰ অগণন মানুহে Fallun Dafaৰ দ্বাৰা প্ৰভাৱিত হৈ সম্পদ আৰু বিনিয়োগৰ ক্ষেত্ৰৰ সুস্থিৰতা ধৰি ৰাখি এক সংগতিপূৰ্ণ জীৱন যাত্ৰাক আদৰি লৈছে। স্বাস্থ্যৰ লগতে এটা বহল মনৰ জন্মদিনৰ ইচ্ছা শক্তিক নতুন ৰূপত প্ৰতিস্থা কৰিবলৈ ধৰিছে। সেয়ে আমি আমাৰ সদৌটিলৈ মুকলি আহ্বান আপুনিও এই ধৰণৰ ব্যায়ামৰ চৰ্চাৰে নতুন আৱিস্কাৰৰ প্ৰতি নিজকে আগ্ৰহান্বিত কৰি তোলক। মনত ৰাখিব এই ব্যায়াম শিকাৰ বাবে কোনো মাচুল লোৱা নহয়। সুস্থসৱল সংগঠন গঢ়াই আমাৰ লক্ষ্য উদ্দেশ্য।

ফলুন দাফা আৰু ভাৰত

আমাৰ সুযোগ সুবিধাবোৰ উপলব্ধৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন কাৰ্যালয়, পুলিচ একাডেমী, বিদ্যালয়মহাবিদ্যালয় পৰ্যায়ত প্ৰচাৰ কৰা হৈছে। তাৰোপৰি গ্ৰন্থমেলা বা অন্যান্য মেলাবোৰতো আমাৰ লগত যোগাযোগ কৰিব পাৰে। ভাৰতবৰ্ষত আমাক উপলব্ধ বিভিন্ন চহৰবোৰ হ’ল

চহৰ (City)
স্বেচ্ছাসেৱকৰ যোগাযোগ নং Contact Volunteer
আহমেদাবাদ (Ahmedabad)
ৰেজিয়া (Raziya) 8080158778
বাংগালুৰু (Bengaluru)
চিত্ৰা (Chitra) 9886500273
দিল্লী (Delhi)
সুধীৰ কুমাৰ (Sudhir Kumar) 9491047043
হাইদৰাবাদ (Hyderabad)
সুব্ৰমণিয়াম (Subramanyam) 9347592848
কলকাতা (Kolkata)
সুৰেন (Suren) 9821381501
মুম্বাই (Mumbai)
চাৰু (Charu) 9619749428
নাগপুৰ (Nagpur)
ক্ষীৰসাগৰ (Kshirsagar) 9822569386
পুণে (Pune)
সন্দেশ (Sandesh) 8007606105
বাৰানসী (Varanasi)
ক্ৰীচ (Chris) 9935529619
জামছেদপুৰ (Jamshedpur)
ধনলক্ষ্মী (Dhanlaxmi) 9939500428
উদয়পুৰ (Udaipur)
পংকজ (Pankaj) 7083880160

অন্তঃভাগৰ বিষয়ে পুনৰ দুআষাৰঃ

ফলুন দাফাক ‘ফলুম গেং’ বুলিও জনা যায়। পুৰণি কালৰ পৰাই মন আৰু শৰীৰ চৰ্চাৰ লগতে আত্মিক শৃংখলাবদ্ধতাৰ ই পাঠ পঢ়াই আহিছে। এই ব্যায়ামৰ শিকন আৰু কাৰ্যক্ৰমাণিকা ধীৰস্থিৰ আৰু সংহৃতিপূৰ্ণ ব্যায়াম শিকন পদ্ধতি যিহেতু বিনামূলীয়া সেয়ে ইয়াৰ গ্ৰহণযোগ্যতা একেবাৰে সহজলভ্য।

Falun DafaA way towards health and harmony নিশা প্ৰকাশৰ মূল লেখাটোৰ অসমীয়া ৰূপান্তৰ সীমান্ত কাকতিৰ।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Pix: Internet

লেখিকাৰ যোগাযোগ নম্বৰঃ 9677508500

No comments:

Post a Comment