Monday, November 11, 2019

ব্ৰহ্মপু্ত্ৰ পুষ্কৰ মেলাৰ স্বাৰ্থত ভৰলুৰ বিষাক্ত পানী দীপৰ বিললৈ বোৱাই নিলে

0 comments

প্ৰকাশিত তাৰিখঃ ১১ নৱেম্বৰ, ২০১৯


চি এন ডেক্স

ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাত অভ্যাগতসকলে স্নান কৰিব। সেয়ে অভ্যাগতৰ সুবিধাৰ কাৰণে বিষাক্ত ক’লা পানী বৈ অহা ভৰলু নৈক ভেটা দিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এই কাৰ্যত চিন্তিত গুৱাহাটীবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে যদিও ইয়াৰ প্ৰতি প্ৰশাসনৰ নাই কোনো ভ্ৰূক্ষেপ।

উল্লেখযোগ্য যে, ভৰলু নদীৰে বৈ অহা বিষাক্ত ক’লা পানীৰে যাতে পুষ্কৰ মেলাৰ অভ্যাগতসকলে স্নান কৰিব নালাগে তাৰ বাবে জিলা প্ৰশাসনৰ এই ব্যৱস্থা গ্ৰহণ।

এতিয়া ভৰলুৰ বিষাক্ত ক’লা পানীবোৰ যাব ক’লৈ! জিলা প্ৰশাসনে এই পানী জৈৱবৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ মণ্ডল দীপৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰিছে। ফটাশিলৰ পৰা মৰা ভৰলু, ছুইপাৰ কলনি, জ্যোতিকুছি, বালাজী, পামহী তাৰ পাছতে দীপৰ বিল। ভয়াৱহ প্ৰদূষণযুক্ত এই পানী ভৰলুৰ পৰা দীপৰ বিললৈ বোৱাই নিয়াৰ পাছত তাত থকা জলজ প্ৰাণীউদ্ভিদবোৰে তীব্ৰ ভাবুকিৰ সন্মুখীন হ’ব।

ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাৰ অভ্যাগতসকলৰ স্বাস্থ্যৰ প্ৰতি বাৰুকৈয়ে চিন্তিত ৰাজ্য চৰকাৰ। কিন্তু পক্ষী অভয়াৰণ্যৰূপে খ্যাত তথা জৈৱবৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ স্থান এখন সংৰক্ষণৰ প্ৰতি চৰকাৰে কিবা চিন্তা কৰিছেনে? ইতিমধ্যে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা নিগৰিত বিষাক্ত পানীয়ে বিলখনৰ যথেষ্ট ক্ষতি সাধন কৰিছে। সেয়ে ৰাজ্য প্ৰশাসনে পুষ্কৰ মেলাৰ অভ্যাগতসকলৰ কথা চিন্তা কৰিলেই নহ’ব জৈৱবৈচিত্ৰ্য মণ্ডল দীপৰ বিলৰ সুৰক্ষাৰ প্ৰতিও চিন্তা কৰিব লাগিব।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Photo: Internet


No comments:

Post a Comment