Monday, November 4, 2019

পঞ্জীয়ন অবিহনে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব কোনো ব্যক্তি

0 comments

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ, ২০১৯


চি এন ডেক্স

সততে বিদেশী আৰু বহিৰাগত আগ্ৰাসনে অসমক জ্বলন্ত কৰি থকা সমস্যা দেখি আমাৰ চুবুৰীয়া ৰাজ্যসমূহ আজি সংকিত হৈ পৰিছে। এই সমস্যাসমূহৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা আইন কট্‌কটীয়া কৰি তুলিছে।

এতিয়াৰ পৰা পঞ্জীয়ন নকৰাকৈ কোনো ব্যক্তি মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব। যোৱা ১ নৱেম্বৰত মেঘালয়বাসীৰ সুৰক্ষা আৰু নিৰাপত্তা আইন ২০১৬ (Residents Safety and Security Act 2016) সংশোধনীৰ প্ৰস্তাৱত অনুমোদন জনাইছে মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰৰ কেবিনেটে। এই আইন অনুসৰি ফুৰিবলৈ যোৱা যিকোনো বহিৰাগত লোকে নিজৰ নাম মেঘালয় চৰকাৰৰ পঞ্জীয়ন কৰিহে ৰাজ্যখনত প্ৰৱেশ কৰিব পাৰিব। পঞ্জীয়ন নোহোৱাকৈ কোনো ব্যক্তি মেঘালয়ত থকা বা ভ্ৰমণ কৰাটো এতিয়াৰে পৰা বেআইনী বুলি ঘোষণা কৰিছে।

কেবিনেটৰ অন্তত উপমুখ্যমন্ত্ৰী প্ৰেছটন টিনচঙে সাংবাদিকৰ আগত ব্যক্ত কৰে যে,  এই আইনখন ২০১৬ চনতে ৰূপায়ন কৰা হৈছিল। অৱশ্যে সেই সময়ৰ আইনখন কেৱল ভাড়াতীয়া লোকসকলৰ বাবেহে প্ৰযোজ্য আছিল। কিন্তু সংশোধনীৰ পাছত ভাড়াতীয়াৰ লগতে শ্ৰমিক, পৰ্যটক আৰু কোনো কাম লৈ মেঘালয়ত প্ৰৱেশ কৰিবলগীয়া লোকসকলোকো সাঙুৰি লৈছে। মেঘালয়ৰ সুৰক্ষাৰ স্বাৰ্থত সকলোৱে চৰকাৰৰ ওচৰত প্ৰথমে নাম পঞ্জীয়ন কৰিব লাগিব তাৰ পিচতহে ৰাজ্যখনত প্ৰৱেশ কৰিব পাৰিব, এয়া বাধ্যতা মূলক। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহিৰাগত কৰ্মচাৰীৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয়। ইতিমধ্যে ৰাজ্যখনৰ অজনজাতীয় স্থায়ী বাসিন্দাসকলে এই আইনৰ অধীনত পঞ্জীয়ন কৰাৰ দৰকাৰ নাই, কেৱল ৰাজ্যখনৰ বাহিৰৰ ব্যক্তিৰ ক্ষেত্ৰতহে এই প্ৰক্ৰিয়া প্ৰযোজ্য।

উল্লেখযোগ্য যে, নাম পঞ্জীয়ন নকৰাকৈ মেঘালয়ত প্ৰৱেশ কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৭৬/ ১৭৭ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰিব।

নাম পঞ্জীয়নৰ ক্ষেত্ৰত যাতে কোনো ব্যক্তিয়েই হাৰাশাস্তিৰ সন্মুখীন হ’ব নালাগে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিলা কৰ্তৃপক্ষসমূহক চোকা নিৰ্দেশ দিয়া বুলি উপমুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্যত প্ৰকাশ।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment