Monday, October 21, 2019

উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন বাণিজ্যিক পক্ষী মেলা গুৱাহাটীৰ খানাপাৰাত

0 comments

প্ৰকাশিত তাৰিখঃ ২১ অক্টোবৰ, ২০১৯


চি এন ডেক্স

গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম  বাণিজ্যিক পক্ষী মেলা অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা আৰু সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাই যৌথভাৱে যোৱা ১৭, ১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে উক্ত পক্ষী মেলা।

কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিবলৈ হাঁহকুকুৰা, গাহৰি, মাছ পালনত গুৰুত্ব আৰোপ কৰিব লাগিব। কৃষকসকলে আকৰ্ষিত হোৱাকৈ ১১ বিধ বিভিন্ন প্ৰজাতিৰ হাঁহ, কুকুৰা, বতা চৰাই, টাৰ্কী আদিৰ প্ৰদৰ্শন কৰা হয়। কুকুৰা পালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যন্ত্ৰপাতি, খাদ্যপানী দিয়া পাত্ৰ, দানা, ঔষধ আদিৰো প্ৰদৰ্শন কৰা হৈছে।

মেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰিছে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী। অভিজ্ঞ ব্যক্তিসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষকসকলক তথ্য যোগান কৰে।

উল্লেখনীয় যে, ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ পৰা শ্ৰেষ্ঠ গৰুম’হ পালক, শ্ৰেষ্ঠ ছাগলী পালক, শ্ৰেষ্ঠ গাহৰি পালক, শ্ৰেষ্ঠ হাঁহকুকুৰা পালক নিৰ্বাচন কৰি নগদ ধনেৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা হাতত লৈছে। সেই অনুসৰি শ্ৰেষ্ঠ পালকগৰাকীয়ে নগদ একলাখ টকা লাভ কৰিব বুলি অসম চৰকাৰে সংবাদ সূত্ৰত ঘোষণা কৰিছে।



শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Picture: Chandubi News

No comments:

Post a Comment