Monday, October 28, 2019

মুখ্যমন্ত্ৰীৰ হাড়গিলা সংৰক্ষণৰ দিশত গুৰুত্ব আৰোপ

0 comments

প্ৰকাশিত তাৰিখঃ ২৮ অক্টোবৰ, ২০১৯


চিন এন ডেক্স

কামৰূপ জিলাৰ দদৰা অঞ্চল হাড়গিলাৰ আবাসস্থলৰূপে বিশ্বত খ্যাতি লাভ কৰিছে। বিশ্বৰ সৰহ সংখ্যক হাড়গিলা এই অঞ্চলতে পোৱা যায়। সম্প্ৰতি সংকটৰ গৰাহত পৰা এই পক্ষীবিধক সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্ণৱেল বিশ্ববিদ্যালয়ৰ দল এটাই অসমৰ হাড়গিলা সংৰক্ষণৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। যুক্তৰাষ্ট্ৰৰ এই দলটোৱে নিৰ্মাণ কৰা তথ্যচিত্ৰখন যোৱা ২২ অক্টোবৰ মঙ্গলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনৰ নিজ সভাকক্ষত উন্মোচন কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত তথ্যচিত্ৰ উন্মোচনী অনুষ্ঠানত প্ৰকাশ কৰে যে ওখ গছবোৰেই হ’ল হাড়গিলাৰ উপযুক্ত বাসস্থান। পক্ষীবিধক সংৰক্ষণ কৰিবলৈ হ’লে ওখ গছ সমূহকো সংৰক্ষণ কৰিব লাগিব। ওখ গছ সংৰক্ষণে হাড়গিলাৰ বংশ বৃদ্ধিত সহায় কৰিব। সেয়ে মুখ্যমন্ত্ৰীয়ে হাড়গিলা সংৰক্ষণৰ বাবে এক সুকীয়া কৰ্ম আঁচনি প্ৰস্তুতৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। পক্ষীবিধৰ বংশ বৃদ্ধিত সহায়ৰ বাবে কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰী অঞ্চলত বাসপোযোগী বৃক্ষৰ ওপৰত বন বিভাগৰ সহযোগত জৰীপ চলাবলৈ জিলা উপায়ুক্তৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশ দিয়ে।

উল্লেখনীয় যে, যোৱা কিছু বছৰ আগৰে পৰা উক্ত অঞ্চলত ডা পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত ‘হাড়গিলা আৰ্মি’ নামেৰে সংগঠন এটাই হাড়গিলা সংৰক্ষণৰ ওপৰত অহৰহভাৱে কাম কৰি আছে। তেওঁলোকৰ প্ৰচেষ্টাত অঞ্চলটোত হাড়গিলাৰ বংশ বৃদ্ধি পাইছে। সংগঠনটোৰ ফলশ্ৰুতিত ২০০৮ চনত ৩০খন হাড়গিলা বাহৰ বিপৰীতে ২০১৪ চনত ইয়াৰ সংখ্যা ১৭১ খনলৈ বৃদ্ধি লাভ কৰিছে। বৰ্তমান ইয়াৰ গড় সংখ্যা ২০০ লৈ বৃদ্ধি পোৱা বতৰাই প্ৰকৃতি সুৰক্ষালৈ এটা যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে। সংগঠনটোৱে হাড়গিলা সংৰক্ষণত লোৱা পদক্ষেপসমূহক বিস্তৃতভাৱে বৰ্ণনা কৰিছে যুক্তৰাষ্ট্ৰৰ দলটোৱে নিৰ্মাণ কৰা তথ্যচিত্ৰখনত। হাড়গিলা আৰ্মিৰ এনে মহৎ প্ৰচেষ্টাত মুখ্যমন্ত্ৰীয়ে শলাগ লোৱাৰ লগতে হাড়গিলা সংৰক্ষণৰ বাবে সকলো প্ৰকাৰৰ সহায় সহযোগিতা সংগঠনটোলৈ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

তথ্যচিত্ৰ উন্মোচনী সভাত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিং, প্ৰকৃতিবিদ ডা পূৰ্ণিমা দেৱী বৰ্মন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত অন্যান্য ব্যক্তিসকলেও উপস্থিত আছিল।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট  
Title Picture: Internet    


No comments:

Post a Comment