Monday, October 21, 2019

ভৱিষ্যত উজ্জ্বল অনলাইন সাংবাদিকতাৰ ক্ষেত্ৰ

0 comments

প্ৰকাশিত তাৰিখঃ ২১ অক্টোবৰ, ২০১৯


চি এন ডেক্স

বৰ্তমান ইণ্টাৰনেটৰ যুগ। ইণ্টানেটৰ সহযোগত সমগ্ৰ পৃথিৱীখনে এতিয়া এটা পৰিয়ালত পৰিণত হৈছে। ইণ্টাৰনেটৰ সহায়ত ভূমুকি মাৰিছে অনলাইন সংবাদ মাধ্যমে, যি বিকল্প সংবাদ মাধ্যম ৰূপেও পৰিচিত। সম্প্ৰতি এই সংবাদ মাধ্যমে বিশ্বৰ প্ৰান্তেপ্ৰান্তে পঢ়ুৱৈ আৰু দৰ্শকক একত্ৰিত কৰি তথ্যৰ যোগান ধৰিছে। বিশ্বৰ মুখ্যধাৰাৰ সংবাদ মাধ্যমে বৰ্তমান অনলাইন সংবাদ মাধ্যমৰ ওচৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

যোৱা ১৮ অক্টোবৰ, শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ‘মিট দ্যা প্ৰেছ’ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক যশৱন্ত সিঙে সন্মানীয় অতিথিৰ আসনত এক গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে। প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ আগত নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে আগবঢ়োৱা বাৰ্তালাপটোত ভাৰতৰ বাতৰি কাকত আৰু নিউজ চেনেলৰ বেছিভাগেই ৰাইজৰ হিতৰ বিপৰীতে ব্যক্তিগত মুনাফা লাভৰ বাবেহে কাম কৰা বুলি অভিযোগ কৰে। সংবাদগোষ্ঠী সমূহৰ একপক্ষীয় সংবাদ পৰিবেশনত ৰাইজ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। এনেবোৰ কাৰণত পঢ়ুৱৈসকল বৰ্তমান ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰি স্বাধীনতা উপভোগ কৰিবলৈ ধৰিছে।

বহু সময়ত মুখ্যধাৰাৰ সংবাদ মাধ্যম সমূহে একপক্ষীয়ভাৱে বাতৰি পৰিবেশন কৰাত ছ’চিয়েল মিডিয়াত ক্ষোভৰ সন্মুখীন হবলগীয়া হৈছে। আনকি ছ’চিয়েল মিডিয়াৰ ক্ষোভৰ ওচৰত নতিস্বীকাৰ কৰি সংবাদগোষ্ঠী সমূহে ক্ষমা খুজিবলগীয়াও হৈছে।

তথ্যৰ উৎস বিচাৰি বৰ্তমান মুখ্যধাৰাৰ সংবাদ মাধ্যম সমূহে বেছিভাগ অনলাইন মাধ্যমৰ ওপৰত ভাৰসা কৰিবলীয়া হৈছে। যিহেতু বিশ্বত ইণ্টানেটৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুল সেয়ে সংবাদগোষ্ঠীসমূহে এই মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছে।

বিশ্বৰ সকলো খবৰ এতিয়া অনলাইন মাধ্যমত পোৱা যায়। সেয়ে বাতৰি কাকত আৰু নিউজ চেনেল সমূহেও নিৰপেক্ষ পৰ্যালোচনাত গুৰুত্ব আৰোপ কৰিব পাৰে। সংবাদগোষ্ঠী সমূহে ভাৰতত থকা সংবেদনশীল পঢ়ুৱৈসকলৰ চাহিদা পূৰণ কৰাৰ চেষ্টা নকৰিলে ভৱিষ্যতে সংকটাপূৰ্ণ অৱস্থাৰ সন্মুখীন হ’ব পাৰে।

সাংবাদিকতাৰ ধাৰা সলনি হ’ব পাৰে কিন্তু সাংবাদিকতা সদায় জীয়াই থাকিব। সাংবাদিকসকলে কি মাধ্যমত কাম কৰিছে সেয়া মুখ্য নহয়, নিজে প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত অধ্যৱসায়হে মূখ্য। অনলাইন মাধ্যমৰ দ্বাৰা উদীয়মানসকলে বিশ্বৰ ইটো মূৰৰ পৰা সিটোমূৰলৈ নিজৰ তথ্য, ধ্যানধাৰণা প্ৰচাৰ কৰি নিজৰ পৰিচয় সুনিশ্চিত কৰিব বুলি সিঙৰ আশা প্ৰকাশ।
     


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet


No comments:

Post a Comment