Monday, October 14, 2019

চিমেণ্ট কোম্পানীৰ খননৰ অনুমতি প্ৰদানত বিৰোধিতা খাছি ছাত্ৰ সন্থাৰ

0 comments

প্ৰকাশিত তাৰিখঃ ১৪ অক্টোবৰ, ২০১৯

চি এন ডেক্স

মেঘালয় চৰকাৰে এটি চিমেণ্ট কোম্পানীৰ খননৰ বাবে অনুমতি প্ৰদান কৰাত খাছি ছাত্ৰ সন্থা(কে এছ ইউ)ই তীব্ৰ বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ জয়ন্তীয়া পাহাৰ জিলাৰ ব্ৰিছিন’ট গাঁৱত ষ্টাৰ চিমেণ্টৰ এটি প্ৰকল্প আছিল। ৪২.০৫১ হেক্টৰ মাটি কালিৰে অৱৰি থকা উক্ত প্ৰকল্পটোৰ ভূমিৰ লীজ আৰু খনন কাৰ্যৰ চৰকাৰী অনুমতি ইতিমধ্যে শেষ হৈ গৈছিল। যদিও, ইয়াৰ সময়সীমা বৃদ্ধি কৰিবলৈ কোম্পানীটোৱে তলেতলে চেষ্টা অব্যাহত ৰাখিছিল আৰু কোম্পানীটোৰ চেষ্টা সফল হোৱা বুলি ছাত্ৰ সংগঠনটোৰ এক সূত্ৰত প্ৰকাশ।

ব্ৰিছিন’ট গাঁৱখন নাৰপুহ বন্যপ্ৰাণী অভয়াৰণ্য আৰু লুখা নদীৰ সমীপত অৱস্থিত। অভয়াৰণ্যখন হিলক গিবনৰ বাবে খ্যাত যদিও, বিভিন্ন প্ৰকাৰৰ জীৱজন্তু, চৰাইচিৰিকটি আৰু পখিলাৰো আবাসস্থল। ইতিমধ্যে, চৰকাৰে অঞ্চলটোক ‘ইক’ ছেনছেটিভ জ’ন’ ৰূপে স্বীকৃতি প্ৰদান কৰিছে। এই জ’নৰ অধীনত থকা লুখা নৈৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থিত ষ্টাৰ চিমেণ্টৰ প্ৰকল্পটো। চিমেণ্ট প্ৰস্তুতৰ বাবে প্ৰয়োজন চূণ শিলৰ আৰু এই চূণ শিল খননৰ সময়ত ব্যৱহাৰ কৰা বিস্ফোৰকৰ বিকট শব্দই অঞ্চলটোৰ পৰিবেশ বিনস্ত কৰি পেলাব। প্ৰকল্পটোৰ পেলনীয়া আৱৰ্জনাসমূহো পোনপোটীয়াকৈ নদীখনতে পৰিব। এই ৰাসায়নিকযুক্ত বৰ্জিত পদাৰ্থই নাৰপুহ বন্যপ্ৰাণী অভয়াৰণ্য আৰু লুখা নদীখনৰ পৰিৱেশ প্ৰদূষিত কৰি তুলিব। সেয়ে অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশ আৰু প্ৰাণীকুল উভয়ে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব। সেয়ে নহয়, ইয়াৰ মাৰাত্মক প্ৰভাৱ অঞ্চলটোৰ কৃষি ভূমিৰ ওপৰতো পৰিব। চৰকাৰৰ এনে অবিবেচক কাণ্ডই অঞ্চলটোৰ কৃষি ভূমিসমূহক এদিন উদং পথাৰলৈ পৰিণত কৰিব।   

ছেনছেটিভ জ’নত প্ৰদূষণযুক্ত কোম্পানী এটাই চৰকাৰৰ পৰা কেনেকৈ খনন কাৰ্যৰ অনুমতি লাভ কৰিব পাৰে? ৰাজ্যখনৰ বৃহৎ ছাত্ৰ সংগঠন ‘কে এছ ইউ’য়ে  ষ্টাৰ চিমেণ্ট কোম্পানীৰ প্ৰকল্পটোৰ ভূমি লীজ সম্প্ৰসাৰণ আৰু খননৰ বাবে চৰকাৰে দিয়া অনুমতিৰ তীব্ৰ বিৰোধীতা কৰিছে। কোনো কাৰণতে এই অনুমতি নিদিবলৈ মেঘালয় চৰকাৰৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সচিবৰ ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

ছাত্ৰ সংগঠনটোৰ অভিযোগ মতে উক্ত অঞ্চলটোত থকা কোনো এটা ফেক্টৰীৰে ই টি পি (Effluent Treatment Plant)ৰ ব্যৱস্থা নাই। ই টি পি বিহীন ফেক্টৰীৰ আৱৰ্জনাসমূহ পৰিবেশৰ বাবে বিপজ্জ্বনক।

বিষয়টোৰ সুমীমাংসাৰ বাবে মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে অহা ১৯ অক্টোবৰত গাঁৱখনত এক লোক শুনানিৰ আয়োজন কৰিছে। উক্ত লোক শুনানিত ভাগ নল’বলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতি আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment