Monday, October 7, 2019

গুলপীয়া আন্দোলনৰ গুৰি ধৰোতা ‘নেপফা’ৰ প্ৰথম বাৰ্ষিক অধিবেশন

0 comments

প্ৰকাশিত তাৰিখঃ ৭ অক্টোবৰ, ২০১৯

চি এন ডেক্স

অসমত প্ৰতিদিনে প্ৰয়োজন হোৱা গাহৰি মাংসৰ প্ৰায় ৭০শতাংশ পূৰণ পঞ্জাৱ, বিহাৰ তথা অন্যান্য ৰাজ্যবোৰে। তদুপৰি ই খাদ্য হিচাপে উপযোগী হয় নে নহয় তাৰ গুণগত মানৰ ওপৰতো কোনো নিশ্চয়তা নাই। কথাটো অবিশ্বাস্য যেন লাগিলেও কিন্তু সত্য, গাহৰি আমদানিৰ নামত ৰাজ্যখনৰ পৰা দৈনিক কোটিকোটি টকা বাহিৰলৈ ওলাই গৈয়েই আছে।

সম্প্ৰতি অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত গাহৰি মাংসৰ অভাৱ পূৰ কৰিবলৈ সংগবদ্ধ হৈছে গাহৰি পালকসকল। সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ গাহৰি পালকসকলক একত্ৰিত কৰি ‘উত্তৰপূৰ্বাঞ্চল প্ৰগতিশীল গাহৰি পালক সংস্থা’ চমুকৈ(NEFPPA) নামেৰে যোৱা ২২ এপ্ৰিল, ২০১৮ চনত এক মঞ্চ গঠন কৰে। কৃষকসকলক উন্নীত কৰা আৰু স্বাস্থ্য সন্মত মাংস গ্ৰাহক সমাজক যোগান ধৰাই হ’ল সংস্থাটোৰ মূল উদ্দেশ্য।

ভাৰতবৰ্ষৰ গুলপীয়া বিপ্লৱ ইয়াৰ পৰাই আৰম্ভ ‘INDIA’s Pink Revolution Starts Here’ শীৰ্ষক শ্ল’গানেৰে মঞ্চৰ প্রথমখন বাৰ্ষিক সাধাৰণ সভা যোৱা ২৮ ছেপ্টেম্বৰত যোৰহাটৰ CSIRNEIST প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অসম, মেঘালয়, নগালেণ্ড আৰু অৰুণাচল প্রদেশৰ প্রায় ২০০ কৃষকে এই সভাত অংশ গ্ৰহণ কৰে বুলি সংবাদ সূত্ৰত প্ৰকাশ।  

সংস্থাৰ আশাসুধীয়া প্ৰচেষ্টাই এতিয়া গাহৰি পালনত লক্ষণীয়ভাৱে এক পৰিৱৰ্তন আনিছে। বিজ্ঞান সন্মতভাৱে উৎপাদন কৰা উন্নতমানৰ গাহৰি পোৱালি তেওঁলোকে বজাৰত যোগান ধৰিবলৈ সক্ষম হৈছে। য’ত সেইবোৰ পালনেৰে অন্যান্য কৃষকসকলো অৰ্থনৈতিকভাৱে উপকৃত হৈছে।

পৰিস্কাৰ আৰু বিজ্ঞানসন্মত গাহৰি পালনে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ অৰ্থনৈতিক পট্‌ সলনি কৰিব পাৰে। নৱ প্ৰজন্মক এই খেতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ মঞ্চৰ ধাৰা অব্যাহত থাকক।     



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment