Monday, September 9, 2019

ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত নিৰ্মাণ হ’ব ৰাজ্যৰ সৰ্ববৃহৎ উৰণীয়া সেঁতু

0 comments
প্ৰকাশিত তাৰিখঃ ৯ ছেপ্টেম্বৰ, ২০১৯


চি এন ডেক্স

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত এখোজ আগবাঢ়িল। ৰাজ্য চৰকাৰে উদ্যানখনৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটোত ৩৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু এখন সাজিব। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱেই হ’ল উদ্যাখনৰ মুল এনিমেল কৰিড’ৰ। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সংবাদ সদৰি কৰে। 

এই সন্দৰ্ভত যোৱা ৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এক বৈঠক অনুষ্ঠিত হৈ যায়। ৰাজধানী চৌহদৰ নিজ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত  ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ বিষয়ববীয়া, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু উচ্চপদস্থ প্রশাসনিক বিষয়াসকল উপস্থিত থাকে। উক্ত বৈঠকতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন জনায়।

মুঠ ৩৬ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ১১ মিটাৰ প্ৰস্থৰ সেঁতুখন নিৰ্মাণৰ ব্যয় ধাৰ্য কৰিছে ,৬০০ কোটি টকা। মহাৰাষ্ট্ৰৰ ৱাডিয়া টেকনইঞ্জিনীয়াৰিং ছাৰ্ভিচ প্রাইভেট লিমিটেডে নিৰ্মাণৰ প্ৰাক্‌কলন (DPR) দায়িত্ব লাভ কৰিছে আৰু অহা অক্টোবৰ মাহত এই কাম সম্পূৰ্ণ কৰিব। চৰকাৰী সংস্থা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAI)য়ে সেঁতুখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু বন বিভাগৰ সন্মতিক্ৰমে অহা ২০২০২১ বৰ্ষৰ প্ৰথম ভাগতেই সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ৰাজ্যৰ বনমন্ত্ৰী আৰু বিধায়ক মৃণাল শইকীয়াই এই সংবাদ সদৰি কৰে।     



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট  
Photo Courtesy: Internet    

No comments:

Post a Comment