Monday, September 30, 2019

ভয়াৱহতাই চূড়ান্ত পৰ্যায় অতিক্ৰম কৰাৰ আগতে নাকী লগাওক ছ’চিয়েল মিডিয়াক

0 comments

প্ৰকাশিত তাৰিখঃ ৩০ ছেপ্টেম্বৰ, ২০১৯


চি এন ডেক্স

প্ৰযুক্তিৰ সৃষ্টি ছ’চিয়েল মিডিয়া। প্ৰযুক্তিৰ ভালবেয়া দুয়োটা গুণেই থাকে। সম্প্ৰতি ছ’চিয়েল মিডিয়া অপব্যৱহাৰৰ ফলত বিপজ্জনক হৈ পৰিছে জনজীৱন। সেয়ে ভয়াৱহতাই চূড়ান্ত পৰ্যায় অতিক্ৰম কৰাৰ আগতে চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰি নাকী লগাওক ছ’চিয়েল মিডিয়াক।

যোৱা ২৪ ছেপ্টেম্বৰত এই মত প্ৰকাশ কৰে ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰূদ্ধ বসুৰ দ্বাৰা গঠিত দেশৰ উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে। সম্প্ৰতিকালত ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণত আনিবলৈ এখন কঠোৰ আইনৰ দৰকাৰ। এই আইনখন প্ৰণয়ন কৰিবলৈ চৰকাৰক কিমান সময়ৰ প্ৰয়োজন সেয়া তিনি সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ক জনাবলৈ নিৰ্দেশ দিয়ে।

বৰ্তমান গুগল, ফে’চবুক, টুইটাৰ আদি ছ’চিয়েল মিডিয়াসমূহৰ কৃপাত অপৰাধমূলক কামকাজত জড়িতসকল উৎসাহিত হৈ পৰিছে আৰু ইয়াৰ ফলত ভয়ানক ঘটনাসমূহে দিনেদিনে বৃদ্ধি লাভ কৰিছে। বৰ্তমান সময়ত অপৰাধ সংঘটিত কৰিবলৈ যিসকলে অনলাইনক প্লে’টফৰ্ম হিচাপে বাছি লৈছে, যিসকলে বিভ্ৰান্তিমূলক বাতৰি বিয়পাই ছ’চিয়েল মিডিয়াক কলুষিত কৰিছে তেনে লোকৰ সম্পূৰ্ণ ঠিকনা চিনাক্ত কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।

এই মুহুৰ্তত, ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা তথ্যৰ উৎস লাভৰ স্বাৰ্থত ব্যৱহাৰকাৰীৰ একাউণ্টত আধাৰ নম্বৰ সংযোগৰ দাবী কৰিছে। ইতিমধ্যে, ব’ম্বে উচ্চ ন্যায়ালয়, মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত বিভিন্ন পক্ষই আবেদন দাখিল কৰিছে।

ইপিনে, আধাৰ নম্বৰ একাউণ্টত সংযোগ কৰিলে ব্যৱহাৰকাৰীজনৰ ব্যক্তিগত গোপনীয়তা উলংঘন হ’ব বুলি ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোৱে বিভিন্ন সূত্ৰত প্ৰকাশ কৰিছে।

একাউণ্টত আধাৰ নম্বৰ সংযোগ কৰিলেও যাতে ব্যৱহাৰকাৰীৰ ব্যক্তিগত গোপনীয়তা কোনো প্ৰকাৰে উলংঘন নহয় তেনে এক সুৰক্ষিত ব্যৱস্থা ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰক।


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment