Monday, September 23, 2019

পেলনীয়া আৱৰ্জনাৰ পৰা উৎপাদিত বিদ্যুতৰ লাইটে পোহৰাই তুলিব নে? গুৱাহাটী মহানগৰী!

0 comments
প্ৰকাশিত তাৰিখঃ ২৩ ছেপ্টেম্বৰ, ২০১৯



চি এন ডেক্স

চিন্তাশক্তি যোগাত্মক হ’লে মূল্যবান সম্পদ গঢ়িব পাৰি। চিন্তাশক্তিক সঠিক ৰূপত প্ৰয়োগ কৰিলে পেলনীয়া আৱৰ্জনাকো মূল্যবান সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি।

গুৱাহাটী মহানগৰীত নিতৌ সৃষ্টি হোৱা পেলনীয়া আৱৰ্জনাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ৪হেজাৰ ষ্ট্ৰীট লাইট জ্বলাই মহানগৰীখনক পোহৰাই তোলাৰ এক অভিলাষী প্ৰকল্প হাতত লৈছিল পৌৰ নিগমে। যোৱা ২০১৮ চনৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ মাজ মজিয়াত থকা বৰচলা বিলৰ পাৰত আৱৰ্জনাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন প্ৰকল্প এটাৰ আধাৰশিলা উদ্বোধন কৰিছিল। মেয়ৰ মৃগেন শৰণীয়াই আধাৰশিলা উদ্বোধন কৰা অনুষ্ঠানত পৌৰ আয়ুক্ত মনালিছা গোস্বামীও উপস্থিত আছিল বুলি সংবাদ সূত্ৰত প্ৰকাশ। 

গুৱাহাটী মহানগৰীত প্ৰায় ২৫লাখ লোকে বসবাস কৰে আৰু আবাসীসকলৰ পৰা নিতৌ ৫০০ মেট্ৰিকটন আৱৰ্জনা উৎপন্ন হয়। ইয়াৰে সিংহভাগ আৱৰ্জনা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলোৱা হয়। উক্ত ডাম্পিং গ্ৰাউণ্ডত পেলনীয়া জাৱৰ নিষ্কাষণৰ কোনো পদ্ধতিগত ব্যৱস্থা নাই। সেয়ে আজি দীপৰ বিলৰ জৈৱবৈচিত্ৰ্যই তীব্ৰ ভাবুকিৰ সন্মুখীণ হৈছে।

অলপতে পৌৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে গুৱাহাটীত সৃষ্ট পেলনীয়া আৱৰ্জনাৰ পদ্ধতিগতভাৱে নিষ্কাষণত গুৰুত্ব আৰোপ কৰে। আৱৰ্জনাৰ পৰা বিদ্যুৎ উৎপাদনৰ নতুন প্ৰকল্প এটা ৰূপায়ণ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল। কিন্তু,পূৰ্বৰ প্ৰকল্পটোৱেই এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই তেনেক্ষেত্ৰত আৰু এটা নতুন প্ৰকল্প ৰূপায়ণৰ কথা সদৰী হোৱাত ৰাইজে আশ্বাৰ্য প্ৰকাশ কৰে।

উল্লেখ্য যে, উক্ত প্ৰকল্প নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল স্মাৰ্ট চিটি’য়ে। কিন্তু এই পৰ্যন্ত স্মাৰ্ট চিটি কৰ্তৃপক্ষই প্ৰকল্পৰ কোনো কামেই আৰম্ভ কৰা নাই বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। সেয়ে হাবিজংঘলে আৱৰি থকা উক্ত প্ৰকল্পস্থলী অনাগত সময়ত বিভিন্ন অপৰাধমূলক কাৰ্যস্থলীলৈ পৰিণত হ’ব বুলি ৰাইজে আশংকা ব্যক্ত কৰে।

তিনিকোটিটকীয়া এই অভিলাষী প্ৰকল্পটো আজি পৰ্যন্ত কাৰ্যকৰী নোহোৱাৰ ৰহস্য সম্ভৱ ৰাইজেও নাযানে। ইয়াতকৈ দূৰ্ভাগ্যজনক কথা কি থাকিব পাৰে?  

           
শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet

No comments:

Post a Comment