Monday, September 9, 2019

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশত বন্ধ হৈ পৰিল মেঘালয়ৰ খানাপাৰাৰ শিল কোৱেৰী

0 comments
প্ৰকাশিত তাৰিখঃ ৯ ছেপ্টেম্বৰ, ২০১৯


চি এন ডেক্স

মেঘালয়ত অবাধ গতিত সংঘটিত হোৱা সেউজ বননি ধ্বংসৰ ফল ভোগ কৰিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে। এজাক বৰষুণৰ পাছতে পাহাৰৰ পৰা ফেনেফুটুকাৰে নামি আহে ৰঙামটীয়াপানী, যিয়ে আক্ৰান্ত কৰে মহানগৰবাসীক। এই পানীৰ ধলে জ্বলাকলা খুৱাই থকা মহানগৰবাসীৰ পৰিত্ৰাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কাষ চাপিবলগীয়া হৈছে অসমীয়া যুৱ মঞ্চ।

উল্লেখযোগ্য যে, অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই এই বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ওচৰত আবেদন দাখিল কৰে। আবেদনৰ লগত ২০০৩ৰ পৰা ২০১৮ চনলৈ অসমমেঘালয় সীমান্তৰ খানাপাৰা অঞ্চলত চলি থকা প্ৰকৃতি ধ্বংসৰ ছবি সংলগ্ন কৰিছিল। সেয়ে ন্যায়াধিকৰণত দাখিল কৰা আবেদনেখনে তৎপৰতা লাভ কৰা বুলি মঞ্চৰ সূত্ৰত প্ৰকাশ। সম্প্ৰতি ন্যায়াধিকৰণে আবেদনখন শুনানি গ্ৰহণ কৰিছে আৰু খানাপাৰাৰ মেঘালয়ৰ ফালে থকা অবৈধ শিলৰ কোৱেৰীসমূহৰ খনন বন্ধৰ নিৰ্দেশ দিছে। লগতে অবৈধ কোৱেৰীসমূহৰ ওপৰত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বাবে মেঘালয় চৰকাৰৰ বন বিভাগ, খনিজ আৰু ভূতত্ব বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক লৈ ন্যায়াধিকৰণে উচ্চ ক্ষমতা সম্পন্ন কমিটি এখন গঠন কৰি দিছে। উক্ত কমিটিখনে তিনি সপ্তাহৰ ভিতৰত বিস্তৃত প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰিব লাগিব।

প্ৰকাশিত সূত্ৰ অনুসৰি ৰিভয় জিলাৰ খানাপাৰা অঞ্চলত ২৮টা কোৱেৰী স্থাপনৰহে অনুমতি আছিল। কিন্তু অঞ্চলটোত বৰ্তমান চলি আছে দুই শতাধিক কোৱেৰী। উক্ত কোৱেৰীসমূহত দিনেনিশাই চলি থকা মাটিৰ খননে গুৱাহাটী মহানগৰীৰ পাৰিপাৰ্শ্বিকতালৈ বিৰূপ প্ৰভাৱ নমাই আনিছে। সেয়ে নহয় উক্ত অঞ্চলৰ মাটি খননে আমচাং অভয়াৰণ্যতো একে পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেনেক্ষেত্ৰত অসম চৰকাৰে মেঘালয় চৰকাৰক বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰাব পাৰিব লাগিছিল যদিও সেইটো কৰিব নোৱাৰিলে।


শিৰোনামৰ ফটোঃ ইষ্টাৰ্ণ ফটো ছাৰ্ভিচ  
Photo Courtesy: Eastern Photo Service     

No comments:

Post a Comment