Monday, September 16, 2019

যোৰহাটত উত্তৰ–পূবৰ প্ৰথমটো আৰু সৰ্ববৃহৎ কণী উৎপাদন উদ্যোগ স্থাপন

0 comments
প্ৰকাশিত তাৰিখঃ ১৬ ছেপ্টেম্বৰ, ২০১৯


চি এন ডেক্স

অসম তথা উত্তৰপূবৰ ৰাজ্যকেইখনৰ চাহিদা পূৰাবলৈ যি পৰিমাণৰ কণী লাগে সেয়া অন্ধ্ৰপ্ৰদেশেহে যোগান ধৰি আহিছে। গতিকে, ইয়াৰ সুবাদতে উত্তৰপূবৰ ৰাজ্যকেইখনলৈ প্ৰতিদিনে ১কোটি টকাৰ কণী আমদানি হৈ আহিছে।

কণী উৎপাদন এটি সম্ভাৱনাপূৰ্ণ উদ্যোগ যদিও চাহিদাৰ বিপৰীতে উৎপাদন নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি আকাশ জ্যোতি গগৈ নামৰ যোৰহাটৰ অসমীয়া যুৱক এজনে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাট চহৰৰ উপকণ্ঠ অঞ্চল কৰঙাত গঢ়ি তুলিছে কণী উৎপাদনৰ সৰ্ববৃহৎ উদ্যোগ। প্ৰায় ৯বিঘা ভূমি সামৰি স্থাপন কৰা নৰ্থইষ্ট এগ্ৰ’ প্ৰডাক্ট এণ্ড ছাৰ্ভিচেছ নামৰ উদ্যোগটোত ইতিমধ্যে পশ্চিম বংগৰ পৰা ১২হেজাৰ লেয়াৰ মুৰ্গী আনিছে। এটা বৰ্ষ অতিক্ৰমৰ অন্তত প্ৰতিষ্ঠানটোৱে ৰাজ্যখনৰ কণী যোগানত উল্লেখনীয় অৱদান আগবঢ়াব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

যোৰহাটত স্থাপন কৰা এইটোৱেই হ’ল উত্তৰপূবৰ ভিতৰত প্ৰথম আৰু সৰ্ববৃহৎ কণী উৎপাদন উদ্যোগ। উদ্যোগীজনে প্ৰতিদিনে ৬০ হেজাৰ কণী উৎপাদনৰ লক্ষ্য বান্ধি লৈছে। অৱশ্যে, দৈনিক ৪০ হেজাৰ কণী উৎপাদন কৰা উদ্যোগ এটি ইতিপূৰ্বে বঙাইগাঁৱত স্থাপন হৈছে। এডভাণ্টেজ আছামে ঢুকি নোপোৱা কণী উৎপাদন কৰা এটি উদ্যোগ। নাই কোনো চৰকাৰী অৰ্থসাহাৰ্য, নাই কোনো চৰকাৰী কাৰিকৰী পৰামৰ্শ, সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠিছে এই উদ্যোগ। চলিত বৰ্ষৰ নৱেম্বৰ মাহত প্ৰথমটো গোটৰ পৰা কণী উৎপাদন আৰম্ভ হ’ব বুলি প্ৰকাশ পাইছে।

উল্লেখনীয় যে উদ্যোগটোত মুৰ্গীৰ কাৰণে বিশাল পৰিমাণৰ খাদ্যৰ প্ৰয়োজন হ’ব। এই খাদ্যৰ বাবে প্ৰয়োজনীয় গোমধান, মাকৈ আদি কেঁচামাল সমূহ স্থানীয় কৃষকসকলে উৎপাদন কৰি উদ্যোগ কৰ্তৃপক্ষক যোগান ধৰাৰ সুযোগ লাভ কৰিব। উদ্যোগটোক কেন্দ্ৰ কৰিয়েই স্থানীয় এলেকাত কৃষকসকলে কৃষি উৎপাদন গোট গঢ়ি তুলিব পাৰিব। য’ত উদ্যোগটোক কেঁচামাল যোগানেৰে কৃষি উৎপাদনৰ লগত জড়িত কৃষকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰিব।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Picture: Internet  

No comments:

Post a Comment