Monday, September 2, 2019

‘থিয়পানী জলপ্ৰপাত’ যি প্ৰকৃতিৰ অনুপম সৃষ্টি

0 comments

প্ৰকাশিত তাৰিখঃ ২ ছেপ্টেম্বৰ, ২০১৯


নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

‘ছাটাৰগাওঁ’ কামৰূপ মহানগৰ জিলা তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত। প্ৰকৃতিৰ মনোৰম পৰিবেশত অৱস্থিত এই বন গাওঁখন ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান। গুৱাহাটী মহানগৰীৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাওঁখন। আজাৰাৰ পৰা ৰাণীমাইৰাং (এন ই চি) পথেৰে আহি সজ্জনপাৰা গাঁৱৰ পূব দিশে তিনি কিলোমিটাৰ অতিক্ৰম কৰিলেই এই গাওঁখন পোৱা যায়। ২০১৬ চনলৈকে এই গাওঁখনৰ পথ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এটি পাহাৰীয়া লুংলুঙীয়া বাট। এসয়মত দূৰ্গম অঞ্চলৰূপে পৰিগণিত ছাটাৰগাওঁলৈ যোৱা পথটো ২০১৭ চনত সম্পূৰ্ণ পকীকৰণ হৈছে। উক্ত পথ নিৰ্মাণৰ আগত গাওঁখন বৰ্হিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন আছিল বুলি ক’লেও বঢ়াই কোৱা নহয়। সম্প্ৰতি সজ্জনপাৰাৰ পৰা গাড়ীমটৰেৰে ১৫ মিনিটৰ বাট অতিক্ৰম কৰিলেই ছাটাৰগাওঁ পোৱা যায়।  

এই ছাটাৰগাওঁৰ দক্ষিণপ্ৰান্তৰ সেউজীয়া অটব্য অৰণ্যৰ মাজত অৱস্থিত ‘থিয়পানী জলপ্ৰপাত’। ‘থিয়পানী’ নামটো কেনেকৈ হ’ল তাৰ কোনো লিখিত তথ্য বিৱৰণ পোৱা নাযায়। যদিও দুখন পাহাৰৰ মাজেৰে প্ৰায় ২৫ ফুট ওখ ঠাইৰ পৰা থিয়ৈ থিয়ৈ পানী বাগৰি অহাৰ বাবে হয়তো ‘থিয়পানী’ নাম হ’ব পাৰে বুলি কোনো কোনোৱে ব্যক্ত কৰে। থিয়পানী জলপ্ৰপাতলৈ যাবলৈ হ’লে ছাটাৰগাওঁখনত প্ৰৱেশৰ আগতে সোঁফালে গতি সলাব লাগিব। গাওঁখনলৈ যোৱা মূল পথটোৰ পৰা গভীৰ অৰণ্যৰ মাজেৰে ২ কিলোমিটাৰ লুংলুঙীয়া বাট অতিক্ৰম কৰিলেই পোৱা যায় এই মনোৰম জলপ্ৰপাতটো।   

সম্প্ৰতি থিয়পানী জলপ্ৰপাতক বনভোজস্থলীৰূপে জনাজাত কৰিবলৈ অঞ্চলটোৰ এচাম স্থানীয় লোকে উদ্যোগ হাতত লোৱা দেখা গৈছে। সেই অনুসৰি যোৱা ২০১৮ চনৰ ৩১ ডিচেম্বৰত জলপ্ৰপাতটোলৈ যোৱা পথছোৱা মেৰামতি আৰু ঠাইখন চাফচিকুন কৰিছে। পথটোৰ মেৰামতিৰ ফলত ১কিলোমিটাৰ ভিতৰলৈ গাড়ীমটৰ নিব পৰা অৱস্থা এটা হৈছে। পথৰ দূৰত্ব হ্ৰাস পোৱাত এতিয়া ১কিলোমিটাৰ খোজকাঢ়িলেই থিয়পানী জলপ্ৰপাত পোৱা হ’ল। ইমানেই নহয় অঞ্চলটোৰ উদ্যোক্তাসকলে থিয়পানীক অসমৰ পৰ্যটনক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভূক্তিৰ বাবে বিভাগীও কৰ্তৃপক্ষৰ সৈতে যোগাযোগ চলোৱাৰ চিন্তাচৰ্চাও কৰি থকা বুলি জানিব পৰা গৈছে।  

য’ত মানুহ থাকে ত’ত প্ৰকৃতি নাথাকে। মানে প্ৰকৃতি ধ্বংস হয় অধিক। সেয়ে অধিক জন সমাগমে প্ৰকৃতিৰে পৰিপূৰ্ণ ঠাই এখন কদৰ্যময় কৰি তোলে। থিয়পানী জলপ্ৰপাতটোও তাৰ ব্যতিক্ৰম নহ’ব নিশ্চয়। ইতিমধ্যে ঠাইখনত প্লাষ্টিকৰ কাপপ্লেট, পলিথিনৰ ঠোঙা, বটল আদি য’তেত’তে পেলাই এক কদৰ্যময় পৰিবেশ গঢ়ি তুলিছেই। যিটো প্ৰকৃতিৰ পৰিপন্থী। তদুপৰি সেই অঞ্চলটো বনৰীয়া হাতীৰ আবাসস্থল। গতিকে তালৈ গাড়ীৰে যোৱাৰ ব্যৱস্থা কৰিলে প্ৰকৃতি বিঘ্নিত হোৱাৰ লগতে বনৰীয়া হাতীৰ বিচৰণত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। এই অসুবিধা সৃষ্টিৰ ফলত ভৱিষ্যতে হাতীমানুহৰ সংঘাত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। সেয়ে গাড়ীৰে যোৱাৰ সলনি জলপ্ৰপাতস্থলীলৈ খোজ কাঢ়ি অহাযোৱা কৰিলে বেছি ফলপ্ৰসু হ’ব। তেনে কৰিলে অন্তঃত বন্যপ্ৰাণীৰ বিচৰণত অসুবিধা সৃষ্টি নহ’ব। তদুপৰি প্ৰকৃতিৰ স’তে খোজ মিলাই জলপ্ৰপাত দৰ্শন কৰিলে পৰ্যটকসকলে এক সুকীয়া আনন্দ লাভ কৰিব পাৰিব।

থিয়পানীক বনভোজস্থলীৰূপে গঢ় নিদি প্ৰকৃতিৰ নিৰিবিলি পৰিবেশতে থাকিব দিয়ক। যদি বনভোজস্থলীৰূপে জনাজাত কৰিব খুজিছে তেন্তে ছাটাৰগাওঁখনকে কৰক। কাৰণ ছাটাৰগাওঁত আহলবহল ঠাইৰ অভাৱ নাই।                

শেষত ক’ব পাৰিপ্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত নোহোৱাকৈ ৰাখিব পাৰিলে থিয়পানী জলপ্ৰপাতে এদিন দেশীবিদেশী পৰ্যটকক হাত বাউল দি মাতিব। গতিকে প্ৰকৃতিৰ মনোৰম পৰিবেশ বিঘ্নিত নোহোৱাকৈ থিয়পানী জলপ্ৰপাতক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি তোলাৰ সংকল্প লওঁক অঞ্চলবাসী ৰাইজে।



শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Photo: Chandubi News

No comments:

Post a Comment