Monday, August 26, 2019

বিল–জলাশয় উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত নিৰূপণ কৰা বাজেটৰ ধন চৰকাৰে সঠিক ব্যৱহাৰ কৰিব নে?

0 comments
প্ৰকাশিত তাৰিখঃ ২৬ আগষ্ট, ২০১৯


চি এন ডেক্স

আৰ্দ্ৰভূমি হ’ল জৈৱবৈচিত্ৰ্যৰ এক চহকী সম্পদ। আমাৰ অসম আৰ্দ্ৰভূমিৰে পৰিপূৰ্ণ। এই আৰ্দ্ৰভূমিত থকা বিল, জলাশয়বোৰেই হ’ল জৈৱবৈচিত্ৰ্যৰ মূল উপাদান। প্ৰায় , ৩৪,১৩৭ হেক্টৰ আৰ্দ্ৰভূমি থকা ৰাজ্যখনত চৰকাৰী পঞ্জীয়নভূক্ত বিলৰ সংখ্যা হ’ল ৪৩০খন।

উত্তৰপূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ আশেপাশে ৬৯২ একৰ আৰ্দ্ৰভূমি আছে। প্ৰকাশিত তথ্য অনুসৰি দীপৰ বিলত ৩৮০ একৰ, বৰচলা বিলত ৩০ একৰ, ব্ৰহ্মপুত্ৰৰ পাৰত ৯০ একৰ, ভৰলু নদীত ১০০ একৰ, মৰাভৰলু আৰু পামহী নদীত ৯২ একৰ ভূমি আছে। দীপৰ বিল, বৰচলা বিল, ব্ৰহ্মপুত্ৰৰ পাৰ, ভৰলু নদী, মৰাভৰলু নদী, পামহী নদীত থকা ভূমি উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনত গুৰুত্ব আৰোপ কৰি পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দুৰূপে গঢ়ি তুলি পৰ্যটকৰ সংখ্যা বঢ়োৱাৰ অনেক সুযোগ আছিল। কিন্তু, চৰকাৰৰ অমনোযোগীতাই হওঁক অথবা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই হওঁক সেই কাৰ্য হৈ উঠা নাই।  

জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যখনৰ আৰ্দ্ৰভূমি সমূহ উন্নয়ন অত্যন্ত জৰুৰী হৈ পৰিছে। অসম চৰকাৰে গুৱাহাটী মহানগৰী সম্প্ৰসাৰণতহে অধিক গুৰুত্ব দিছে কিন্তু আৰ্দ্ৰভূমিৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনত অকণো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। অৱশ্যে, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সময়ে সময়ে উক্ত এলেকাসমূহ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ কথা কয় যদিও সেয়া কাৰ্যতঃ ৰূপায়ন কৰা দেখা নাই।

বিগত বৰ্ষত ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ পাৰ, বিলজলাশয় উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত ১৫৮৯ কোটি টকা বাজেট নিৰ্ধাৰণ কৰিছিল। সেই অনুসৰি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনত ৫৩২কোটি, দীপৰ বিলৰ নামত ২৬০ কোটি, বৰচলা বিলৰ নামত ৮০ কোটি, ভৰলু নদীৰ নামত ২৯৬ কোটি, মৰাভৰলু আৰু পামহী নদীৰ নামত ৪২১ কোটি টকা বাজেট ঘোষণা কৰে।

চৰকাৰৰ উক্ত বাজেট ঘোষণাই বহুদিন অতিক্ৰম কৰিলে। যদিও, গুৱাহাটীৰ আশেপাশে থকা বিলজলাশয়বোৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাস্তৱ ছবি এখন চকুত লগা নাই। এই মুহুৰ্তত বাজেটত নিৰ্ধাৰিত টকা ক’ত কিমান খৰচ কৰিলে সেই কথা ৰাইজে জনাৰ প্ৰয়োজন নাই যদিও প্ৰকৃত উন্নয়নৰ ছবি এখন দিয়াত ব্যৰ্থ হৈছে উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ।


শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ  
Photo Courtesy: Prabhat Rabha, Staff Photographer

No comments:

Post a Comment