Monday, August 19, 2019

দেশৰ ধৰণীস্বৰূপ কৃষকসকল প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল

0 comments
প্ৰকাশিত তাৰিখঃ ১৯ আগষ্ট, ২০১৯


চি এন ডেক্স

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ বুলি কোৱা হয়, যিখন দেশৰ ৮০% পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেইখন দেশৰ কৃষক কৃষি উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল প্ৰকৃতিৰ ওপৰত। সমগ্ৰ দেশৰ কেইখনমান ৰাজ্যক বাদ দি বেছিসংখ্যক ৰাজ্যৰ কৃষক কৃষি উৎপাদনৰ নামত এতিয়াও প্ৰকৃতিকে ভাৰসা কৰিব লগা হয়। তাৰ ভিতৰত অসমো এখন ৰাজ্য য’ত খেতিবাতি কৰিবলৈ কৃষকে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।

এইবাৰ ৰাজ্যখনৰ ২৩খন জিলাতে চলিছিল বানৰ তাণ্ডৱ। বলিয়া বানে কৃষকৰ আশাৰ সমস্ত কঠিয়া ধুৱাই নিছিল এফালৰ পৰা। এতিয়া বানপানী নাই, পানী শুকাইছে। কিছুসংখ্যক পথাৰত পানী আছে যদিও বাকী পানী শুকোৱা পথাৰবোৰত ছিৰাল ফাট মেলাৰ অৱস্থা এটা পাইছে। ভয়াৱহ বানে তাণ্ডৱ চলোৱা আজি এটা মাহেই অতিক্ৰম কৰা নাই। তেনেক্ষেত্ৰত, মাত্ৰ কেইটামানদিনৰ ৰ’দতে খেতিপথাৰৰ পানীবোৰ শুকাই গ’ল, একেবাৰে খেতি কৰিব নোৱাৰাকৈ। বানে ধুৱাই নিয়া পথাৰত কৃষকে নতুনকৈ কঠিয়া ৰোপণ কৰিবলৈ এইমুহুৰ্তত পানীৰ ভীষণ নাটনি।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যাত্ৰা জয়জয়ময়ময় অৱস্থা চলি থকাৰ মাজতে চৰকাৰৰ পৃষ্ঠপোষকতাতে পালন কৰে ব্ৰহ্মপুত্ৰত নমামী উৎসৱ। বিজ্ঞানপ্ৰযুক্তিবিদ্যাৰ সঠিক প্ৰয়োগৰ সলনি উৎসৱপাৰ্বনতে সীমাবদ্ধ থাকিলে সমস্যাবোৰ সমাধান হ’ব কেনেকৈ? কৃষকৰ কল্যাণৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিসমূহ আজিও বিভাগীয় ফাইলতে আবদ্ধ থাকিল। জলসিঞ্চনৰ ব্যৱস্থা আজিও সূচল নহ’ল। দিল্লীদিছপুৰত বহু চৰকাৰ আহিল আৰু গ’ল কিন্তু কৃষকৰ সমস্যাবোৰ সমস্যা হৈয়েই থাকিল। ইয়াক সজীৱ কৰিবলৈ কোনো এখন চৰকাৰেই উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতে অন্যান্য দেশকো চমকিত কৰি তেওঁলোকৰ সমানে সমানে খোজ পেলাইছে। তেনে এখন দেশৰ কৃষকসকল প্ৰকৃতিক ভাৰসা কৰিবলগীয়া অৱস্থাই প্ৰকৃততে কি সূচাইছে? য’তকৃষকক দেশৰ ধৰণী বুলি অভিহিত কৰা হয়, য’তকৃষকক ‘জয় কিশান’ বুলি শ্লোগান দিয়া হয়। বিষয়টো অলপ চিন্তা কৰিবলগীয়া নহয় নে?   


শিৰোনামৰ ফটোঃ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ
Photo Courtesy: Internet Collection     

No comments:

Post a Comment