Monday, August 12, 2019

মৃত্যুমুখী কলহী নদী আৰু দক্ষিণ এছিয়া বিখ্যাত ‘ৰিভাৰ ডলফিন’

0 comments
প্ৰকাশিত তাৰিখঃ ১২ আগষ্ট, ২০১৯




চি এন ডেক্স

‘কলহী’ নদী আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম খাছি পাহাৰৰ নামি আহি অসমত পৰিছে আৰু দক্ষিণ কামৰূপৰ মাজেৰে প্ৰায় ১২০ কিলোমিটাৰ দৈৰ্ঘ্য বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিছে। দক্ষিণ এছিয়াৰ বিৰল প্ৰজাতিৰ ৰিভাৰ ডলফিন এই নদীখনতে পোৱা যায়। ৰিভাৰ ডলফিনৰ আবাসস্থল দক্ষিণ এছিয়াৰ এই বিখ্যাত নদীখন সম্প্ৰতি মৃত্যুৰ গৰাহত। ক্ৰমান্বয়ে ইতিহাস হোৱাৰ পথত গতি কৰিছে এই নদীখনে।

কলহী আৰু বাথা নদীৰ সংযোগস্থলী কুকুৰমাৰা হ’ল দক্ষিণ এছিয়াৰ ভিতৰতে খ্যাত কৰি ৰখা ৰিভাৰ ডলফিনৰ বিচৰণ তথা প্ৰজনন ক্ষেত্ৰ। দুখৰ কথা, এতিয়া এই সংযোগস্থলীতে নিৰ্মাণ কৰিছে আই টি চি লিমিটেড নামৰ এটি বৃহৎ উদ্যোগ। উদ্যোগটোৰ কৰ্তৃপক্ষই নিজৰ মইমতালিৰে চাৰিসীমা বান্ধি লৈছে। নদীৰ বুকুত প্ৰকাণ্ড দেৱাল পূৰ্ণগতিত নিৰ্মাণ কৰি আছে। সংবাদ পত্ৰত প্ৰকাশ পোৱা অনুসৰি– উদ্যোগ কৰ্তৃপক্ষই উক্ত দেৱাল নিৰ্মাণৰ বাবে প্ৰশাসনৰ পৰা কোনো অনুমতি লাভ কৰা নাই। প্ৰশাসনৰ অনুমতি অবিহনে দেৱাল নিৰ্মাণৰ ফলত বিৰল প্ৰজাতিৰ ৰিভাৰ ডলফিন সমূহৰ বিচৰণ আৰু প্ৰজননৰ ক্ষেত্ৰত ভীষণভাৱে বাধাগ্ৰস্ত হৈছে। নদীখনত দেৱাল নিৰ্মাণৰ পিচৰে পৰা ৰিভাৰ ডলফিনৰ মৃত্যুৰ হাৰ বাঢ়িছে।

ইপিনে, কোম্পানীৰ বেদখল আৰু অবৈধ নিৰ্মাণ কাৰ্যৰ সমান্তৰালভাৱে নদীখনত চলি আছে বালিৰ খনন। কোম্পানীটোৰ বৰ্জিত ৰাসায়নিক পদাৰ্থ নদীখনত এৰি দিয়াৰ লগতে জধে–মধে কৰা বালিৰ খননেও ডলফিনৰ বিচৰণ ক্ষেত্ৰসমূহক অনুপযুক্ত বাসস্থলীৰূপে গঢ়ি তুলিছে।

অসম চৰকাৰে ‘এডভাণ্টেজ আছাম’ৰ জৰিয়তে বহু ঔদ্যোগিক প্ৰতিষ্ঠানক ভূমি আবণ্টন দিছিল। বৰ্তমান এনে প্ৰতিষ্ঠানসমূহলৈ ভূমি আবণ্টনৰ পৰিমাণ বৃদ্ধি পাইছে। নাই কোনো বিজ্ঞানসন্মত অধ্যয়ন, নাই কোনো দূৰদৰ্শিতা দৃষ্টিভংগী। ৰাজ্যখনক অৰ্থনৈতিক কৰিডৰ ৰূপে গঢ়ি তোলাৰ লগতে গুৱাহাটী মহানগৰীক সম্প্ৰসাৰণ কৰিবলৈ জধে–মধে  চলোৱা পদক্ষেপৰ কু–ফল এতিয়া জীৱকুলে ভুগিবলগীয়া হৈছে। কৃষি ভূমিক ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তনৰ ফল এয়া। বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰি আই টি চি লিমিটেড নামৰ উদ্যোগটো নিৰ্মাণৰ ফলত এতিয়া দক্ষিণ এছিয়া বিখ্যাত সম্পতি এটিয়ে মৃত্যুমুখলৈ গতি কৰিলে। এয়া উদ্যোগ কৰ্তৃপক্ষৰ হঠকাৰী পদক্ষেপ নহয় নে?

ইতিমধ্যে গুৱাহাটী আই আই টিয়ে নদীখনৰ পানীৰ নুমনা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সংগঠন, ব্যক্তিসকলে বিভিন্ন সময়ত কৰি অহা প্ৰতিবাদৰ ফলত কামৰূপ জিলা উপায়ুক্তইয়ো এজন অতিৰিক্ত উপায়ুক্তক বিষয়টোৰ তদন্তৰ ভাৰ অৰ্পণ কৰা বুলি প্ৰকাশ। কোম্পানীৰ দ্বাৰা নদী বেদখল, বেদখলীত ভূমিত দেৱাল নিৰ্মাণ আৰু মহলদাৰসকলে কৰা বালি খননৰ ক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে পৰিস্কাৰকৈ দেখা যাব।


শিৰোনামৰ ফটোঃ ইণ্টাৰনেট সংগ্ৰহ

Photo Courtesy: Internet Collection

No comments:

Post a Comment