Monday, August 5, 2019

দক্ষিণ কামৰূপত চলি থকা বালি মহলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অভিযান

0 comments
প্ৰকাশিত তাৰিখঃ ৫ আগষ্ট, ২০১৯



চি এন ডেক্স

দক্ষিণ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনত চলি থকা বালি মহল সমূহত অভিযান আৰম্ভ কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে। পৰিষদৰ মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এই অভিযান আৰম্ভ হৈছে।

বিভিন্ন উৎসত প্ৰকাশিত সূত্ৰমতে, আজি দীৰ্ঘ দিন ধৰি চলি থকা এই বালি মহলসমূহৰ নাই কোনো বৈধ নথিপত্ৰ। বৈধ নথিপত্ৰ নথিপত্ৰ অবিহনে ৰাজ্য চৰকাৰৰ বন বিভাগক মেনেজ কৰি উক্ত বালি মহলসমূহ চলি আছে আজি বহুদিন ধৰি।

পৰিষদৰ দলটোৱে প্ৰথম অভিযান চলায় যোৱা ২৭ জুলাইত শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বকো আৰু শিংৰা নদীত থকা বালি মহলসমূহত। মহলদাৰ মোহন ৰাভাই চলাই থকা বকোৰ নদীৰ বালি মহলত প্ৰথমে অভিযান চলোৱাৰ পিচত শিংৰা নদীত বিশ্ব দাস নামৰ মহলদাৰজনে চলাই থকা বালি মহলত অভিযান চলায়। অভিযানকালত পৰিষদৰ দলটোৱে মহল দুটাত নৈৰ পৰা মেচিনেৰে বালি উঠাই ট্ৰাকত বোজাই কৰি থকা প্ৰত্যক্ষ কৰে। লগেলগে পৰিষদৰ দলটোৱে মহলদাৰৰ সৈতে ফোনযোগে কথাপাতি অতিসোণকালে বৈধ নথিপত্ৰ পৰিষদৰ কাৰ্যালয়ত জমা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মেচিনেৰে বালি উঠোৱা কাৰ্যও বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পৰৱৰ্তী অভিযান কাৰ্যসুচী আৰম্ভ কৰে যোৱা ৩ আগষ্টত কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত চলি থকা বিভিন্ন বালি মহল সমূহত। উক্ত দিনাই লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাথা নদী আৰু অন্যান্য স্থানত চলি থকা বালি মহলসমূহো পৰিদৰ্শন কৰে।

অভিযান সমাপ্তিৰ পিচত মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভা সহিতে পৰিষদৰ বিভিন্ন বিষয়ববীয়া লোহাৰঘাটস্থিত বৰদুৱাৰ–ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। বিশেষকৈ কুলশী আৰু লোহাৰঘাটত চলি থকা অবৈধ বালি মহলসমূহ বৈধভাৱে আবণ্টনৰ ব্যৱস্থা সম্পৰ্কত আলোচনা কৰে। বন বিভাগৰ কাম–কাজত ক্ষোভ প্ৰকাশ কৰি মুখ্যকাৰ্যবাহী গৰাকীয়ে উল্লেখ কৰে যে পাৰিপাৰ্শ্বিক দিশত ভাবুকি আহিব পৰা কোনো বালি মহল নিবিদা আহ্বান নকৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ কৰে।

উল্লেখ্য যে, প্ৰতিটো মহলত নৈৰ পৰা বালি উঠাবলৈ কমেও ১৫–২০ টা মেচিন ব্যৱহাৰ কৰে। সেই অনুসৰি নদীটোৰ বালি মহল কেইটাত অতি কমেও এশৰ ওপৰ বালি তোলা মেচিন ব্যৱহাৰ হৈ আছে। যিটো পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ। বৰ্তমান বালি মহল সমূহত যিটো পদ্ধতিৰে নৈৰ পৰা বালি সংগ্ৰহ কৰি আছে তাৰপ্ৰতি অঞ্চলটোৰ ৰাইজ ভীষণভাৱে অসন্তুষ্ট। সেয়ে বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ নকৰা বালি মহলসমূহ বন্ধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে। যদিও, ৰাইজে জনোৱা দাবী সন্দৰ্ভত বন বিভাগে কোনো ভ্ৰূক্ষেপ কৰা নাছিল।

মেচিন প্ৰয়োগ কৰি নৈৰ পৰা বালি উঠোৱা কাৰ্য কোনোকালে সমৰ্থন নকৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে। এনে কাৰ্য বন্ধ কৰিবই লাগিব, নহ’লে পৰৱৰ্তী সময়ত এনেবোৰ কাৰ্যৰ বিৰুদ্ধে পৰিষদে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে।



শিৰোনামৰ ফটোঃ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ

Photo Courtesy: Internet Collection

No comments:

Post a Comment