Monday, July 29, 2019

অৰ্ধসমাপ্ত জি এম ডি এ’ৰ পাণবজাৰৰ মাল্টিলেভেল কাৰ পাৰ্কিং

0 comments
প্ৰকাশিত তাৰিখঃ ২৯ জুলাই’ ২০১৯

 

চি এন ডেক্স


যান–জোঁটৰ সমস্যাইয়ো গুৱাহাটী মহানগৰীক কোঙা কৰি তুলিছে। নিতৌ মহানগৰীত গাড়ী–মটৰৰ সংখ্যা বাঢ়ি যোৱাৰ লগেলগে যান–জোঁটৰ সমস্যাইয়ো ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিব ধৰিছে। এই সমস্যা দূৰ কৰিবলৈ মহানগৰীৰ ঠায়ে ঠায়ে যদি মাল্টিলেভেল কাৰ পাৰ্কিং নিৰ্মাণ কৰা নহয় তেনেহ’লে অদূৰ ভবিষ্যতে যান–জোঁটৰ সমস্যাই আৰু তীব্ৰ ৰূপ ধাৰণ কৰিব।


ইয়াৰ অংশস্বৰূপে যোৱা ২০১১ চনত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ (জি এম ডি এ)য়ে পাণবজাৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল মাল্টিলভেল অট’মেটিক কাৰ পাৰ্কিঙৰ। মুঠ এবিঘা মাটিত মুঠ ১১কোটি ব্যয় সাপেক্ষ নিৰ্মাণ হোৱা এই পাৰ্কিংখনৰ ঠিকা লাভ কৰিছিল এম এছ ছিমপ্লেক্স প্রজেক্ট নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে। পাৰ্কিংখনত ২৫০খন সৰু–বৰ গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থা আছিল। মহানগৰবাসীয়েও উক্ত পাৰ্কিং নিৰ্মাণৰ ফলত যান–জোঁটৰ সমস্যাৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ আশা কৰিছিল যদিও মূৰকত সেয়া ফুটুকাৰ ফেনতহে পৰিণত হ’ল। নিৰ্মাণ কাৰ্য আৰম্ভৰ আজি আঠ বছৰতো পাৰ্কিংখন ঠন ধৰি উঠাৰ কোনো লক্ষণ দেখা নাই। জি এম ডি এৰ মাল্টিলেভেল কাৰ পাৰ্কিঙৰ নিৰ্মাণ কাৰ্য আজিও আধৰুৱা অৱস্থাতে থকাত ৰাইজৰ আশাত চেঁচা পানী পৰিল।


যি কাৰণতে নহওঁক কিয় ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই যুগুতোৱা আঁচনি মাল্টিলভেল অট’মেটিক কাৰ পাৰ্কিং অতি সোণকালে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ হিতাৰ্থে উচৰ্গা কৰিব লাগে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment