Monday, July 8, 2019

বন সম্পদ সুৰক্ষা বিহীন ৰাজ্যখনত ‘বন মহোৎসৱ সপ্তাহ’ পালনৰ কি প্ৰয়োজন?

0 comments
প্ৰকাশিত তাৰিখঃ ৮ জুলাই’ ২০১৯

 

চি এন ডেক্স


যিখন ৰাজ্যত প্ৰকৃতি সুৰক্ষিত নহয়, য’ত প্ৰকৃতিক ধ্বংসৰ খেলা চলে সেই ৰাজ্যখনত বন মহোৎসৱ আয়োজনৰ কিবা প্ৰয়োজন আছে নে? মানুহক সজাগ কৰাৰ নামত ধুমধাম টকাৰ শৰাধ পাতি আয়োজন কৰা বন মহোৎসৱৰ দ্বাৰা ৰাইজৰ  লাভ হৈছে কি? কিয় বাৰে বাৰে দেখিবলৈ পাও বন্যপ্ৰাণী, বনজ সম্পদ ধ্বংসৰ কৰুণ ছবি?


উল্লেখ্যযোগ্য যে, ভাৰতবৰ্ষত বন মহোৎসৱ সপ্তাহ পালনৰ আৰম্ভণি হৈছিল ১৯৫০ চনত।  তেতিয়াৰে পৰা প্ৰতিটো বৰ্ষৰ জুলাই মাহৰ  ১ৰ পৰা ৭ তাৰিখলৈ দেশৰ সমগ্ৰ ৰাজ্যসমূহে পালন কৰি আহিছে ‘বন মহোৎসৱ সপ্তাহ’।


সম্প্ৰতি বন মহোৎসৱ সপ্তাহ পালনৰ মুকলি বিৰোধিতা কৰিছে ৰাজ্যখনৰ প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত অৰণ্য সুৰক্ষা সমিতি অসম, কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটী, আৰ্লি বাৰ্ডছ নামৰ সংগঠন কেইটাই। এই সন্দৰ্ভত যোৱা ১জুলাইত সংগঠনকেইটাই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে।


উক্ত সংবাদমেলত কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটীৰ বিষয়ববীয়া মুবিনা আখটাৰে এইদৰে ব্যক্ত কৰে– বন মহোৎসৱৰ নামত কেইজোপামান গছ ৰোপন কৰিয়েই দায়িত্ব সামৰিছে বন বিভাগটোৱে। সমগ্ৰ ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহ বন বিভাগৰ জ্ঞাতে বেদখলিত হৈছে। ক্ৰমান্বয়ে সংকুচিত হৈ অহা বনাঞ্চল সমূহত এচাম দুষ্কৃতিকাৰীয়ে বন্য জীৱ–জন্তু, চৰাই–চিৰিকটি নিধন কৰিবলৈ লৈছে। ইমান ব্যৰ্থতাৰ পাছতো বন বিভাগে ‘বন মহোৎসৱ সপ্তাহ’ পালনৰ কিবা অৰ্থ থাকিব পাৰেনে? কিহৰ প্ৰয়োজন আছিল ঢাক–ঢোল বজাই বন মহোৎসৱৰ নামত ৰাজকোষৰ ধন শৰাধ কৰাৰ ?  


ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও গঁড় হত্যা চলিয়েই আছে। ইয়াৰ সঠিক খবৰ সংবাদ মাধ্যম অথবা সাধাৰণ ৰাইজে লাভ কৰাৰ আগতে উদ্যানখনত উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহ বন বিভাগে পুতি পেলোৱাৰ ব্যৱস্থা কৰে বুলিও আখটাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তদুপৰি গুজৰাটৰ জগন্নাথ মন্দিৰত ৰথ যাত্ৰাৰ বাবে নিব খোজা ৰাজ্যখনৰ চাৰিটা হাতীৰ প্ৰসংগও উল্লেখ কৰে। ইতিপূৰ্বে বন বিভাগৰ জৰিয়তে বহিঃৰাজ্যত লীজত পঠোৱা হাতীসমুহ এই পৰ্যন্ত ঘূৰাই অনা নাই। তেনেক্ষেত্ৰত পুনৰ চাৰিটা হাতী বহিঃৰাজ্যত লীজত প্ৰেৰণ কৰিব খোজা কাৰ্য সন্দেহ কৰিবলগীয়া। এয়া হয়তো এক অবৈধ বেহাৰ অভিপ্ৰায়ো হ’ব পাৰে, সেয়ে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে। লগতে বিগত দহটা বছৰত বহিঃৰাজ্যত লীজত প্ৰেৰণ কৰা হাতীসমূহৰ বৰ্তমান অৱস্থান সন্দৰ্ভত সবিশেষ বিৱৰি তথ্য প্ৰকাশ কৰিবলৈ বন বিভাগৰ প্ৰতি দাবী জনায়।


আৰ্লি বাৰ্ডছৰ বিষয়ববীয়া মলয় বৰুৱাই ব্যক্ত কৰে যে– দীপৰ বিল, শিলসাঁকো, চপাইদং, বৰচলা, সৰুচলা আদি বিল সমূহ ক্ৰমাৎ বাম হৈ পৰাত পানীৰ ধাৰণ ক্ষমতা কমি গৈছে। ইয়াৰ ফলত বিল কেইখনৰ পানী  ন–ন– অঞ্চললৈ প্লাৱিত হৈছে। সেয়ে দীপৰ বিলকে আদিকৰি মহানগৰীৰ অন্যান্য বিলসমূহৰ পৰিসীমা কোনো কাৰণতে সংকুচিত নোহোৱাৰ এক নিশ্চিত পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগে। প্ৰায় ১২ হাজাৰ হেক্টৰ ভূমি বেদখল হোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত আজি বছৰে বছৰে নতুন গাঁৱৰ সৃষ্টি হৈছে। অকল মানাহেই নহয় ৰাজ্যখনৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যান, কুৰিখনৰো অধিক বন্যপ্ৰাণী অভয়াৰণ্য আৰু ২৭১খন সংৰক্ষিত বনাঞ্চলো এতিয়া বেদখলকাৰীৰ কবলত। ৰাজ্যখনৰ সৰু–বৰ সংৰক্ষিত বনাঞ্চলসমূহ ধ্বংসৰ দিশে গতি কৰা কাৰ্য চড়ম উদ্বেগজনক। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ চৰকাৰ এখনে বন মহোৎসৱ পালন কৰাটো নিৰৰ্থক।


অৰণ্য সুৰক্ষা সমিতিৰ ড হৰিচৰণ দাস, নিতুল নাথ, কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ অৱণী বৰুৱা সহিতে বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থকা সংবাদমেলখনত বন্য হস্তী ধৰা বা বন্দী কৰি ৰখা কাৰ্য আটাইয়ে বে–আইনী আখ্যা কৰে। এনে কাৰ্যৰ তীব্ৰ বিৰোধিতাৰে অসমত চলি থকা বন্য হস্তী ধৰা বা বন্দী কৰা কাৰ্য তদন্তৰ আওটালৈ আনিব লাগে বুলি সংগঠন তিনিওটাই দাবী তোলে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment