Monday, July 29, 2019

কাছাৰত উৎপাদিত সুমিষ্ট আনাৰস ডুবাইলৈ ৰপ্তানি

0 comments
প্ৰকাশিত তাৰিখঃ ২৯ জুলাই’ ২০১৯

 


চি এন ডেক্স


বিদেশত ফলৰ ৰপ্তানিৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ পিচতে অসমৰ স্থান। সম্প্ৰতি অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত উৎপাদিত ৰসাল আৰু সুস্বাদু আনাৰস ডুবাইলৈ ৰপ্তানি কৰিছে। ৰাজ্যখনত উৎপাদিত ফলৰ নতুন বজাৰ লাভে খেতিয়ক সমাজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।   


উল্লেখযোগ্য যে, অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভূমি আনাৰস খেতিৰ উপযোগী। অৰ্থনৈতিক সমীক্ষা অনুসৰি দেশৰ মুঠ উৎপাদনৰ ৫৪.৫শতাংশ আনাৰস উৎপাদন কৰে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে।  ৰাজ্যকেইখনৰ ৭২.৩ শতাংশ ভূমিত আনাৰস উৎপাদনেৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। ৰসাল আৰু সুমিষ্ট আনাৰসবিধ এতিয়া ডুবাইৰ বজাৰতো উপলব্ধ।


লক্ষীপুৰ অঞ্চলটো আনাৰস খেতিৰে খ্যাত হোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়। কিয়নো এই অঞ্চলটোত প্ৰায় ১৬শ হেক্টৰ এলেকাত আনাৰস খেতি আছে। আনাৰস চপোৱাৰ মূল সময় বছৰৰ মে’–জুলাই মাহ। অঞ্চলটোৰ এই তিনি মাহৰ গড় উৎপাদন প্ৰায় ৪০ হেজাৰ মেট্ৰিক টন বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। সৌভাগ্যৰ কথা যে, জিলাখনৰ পৰা ডুবাইলৈ ৰপ্তানি কৰা আনাৰসখিনি এই লক্ষীপুৰ অঞ্চলৰ খেতিয়কসকলৰ উৎপাদিত ফচল। প্ৰায় দুই সহস্ৰাধিক খেতিয়কে উৎপাদন কৰা ১৫মেট্ৰিক টন (১০হেজাৰ টা)আনাৰস ডুবাইলৈ প্ৰেৰণ কৰা হয়।


খেতিয়কসকলৰ উৎপাদিত ফচল ৰপ্তানিৰ ব্যৱস্থা কৰে এগ্ৰিকালচাৰেল প্ৰচেছিং এক্সপোৰ্ট ডেভেল’পমেণ্ট অথ’ৰিটী চমুকৈ এপেডা’ই। এপেডা হ’ল কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনস্থ কৃষি সামগ্ৰী বিপণন সংস্থা।


আনহাতে, ত্ৰিপুৰাইয়ো এইবাৰ কুইন প্ৰজাতিৰ ১৭ মেট্ৰিক টন আনাৰস ডুবাইৰ বজাৰলৈ ৰপ্তানি কৰিছে। ৰাজ্যখনত উৎপাদিত কুইন প্ৰজাতিৰ ৰসাল আৰু সুস্বাদু আনাৰসবিধ ক্ৰয় কৰিবলৈ ইতিমধ্যে বিভিন্ন দেশে আগ্ৰহ প্ৰকাশ কৰিছে। নতুন নতুন বিদেশৰ বজাৰ লাভে ৰাজ্যখনৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত অৰিহণা যোগাব।


অসম চৰকাৰে কৃষিৰ নামত বৃহৎ পৰিমাণৰ ৰাজসাহাৰ্য্য প্ৰদান কৰিছে। কিন্তু যি পৰিমাণৰ সাহাৰ্য্য প্ৰদান কৰিছে সেই অনুপাতে ৰাজ্যখনত নতুন কৃষকৰ সৃষ্টি হোৱা নাই। চৰকাৰে কৃষক সৃষ্টিতহে গুৰুত্ব আৰোপ কৰিব লাগিব। বহুক্ষেত্ৰত দেখা যায় যে কৃষিৰ লগত জড়িত নথকা, কৃষিক শ্ৰদ্ধা নকৰা কিছুমান ব্যক্তিয়ে লাভ কৰিছে কৃষি সাহাৰ্য্য। কৃষিৰ নামত যি সাহাৰ্য্য প্ৰদান কৰা হয় সেয়া প্ৰকৃত কৃষকে লাভ কৰাত সঠিক পদক্ষেপ গ্ৰহণ কৰক। যি পদক্ষেপত নিবনুৱা যুৱক–যুৱতীসকল কৃষি কাৰ্যত আত্মনিয়োগ কৰিবলৈ উৎসাহী হৈ পৰে। কৃষিকে জীৱন–জীৱিকাৰ মূল ভেটি হিচাপে গ্ৰহণ কৰিবলৈ যুৱ চামক উৎসাহী কৰি তোলাৰ ব্যৱস্থা চৰকাৰেই গ্ৰহণ কৰিব লাগিব। এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব নে?


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment