Monday, July 22, 2019

অসমত বানপানীৰ বিভীষিকাঃ বন্যাৰ্তৰ মাজত খাদ্য সংকট

0 comments
 প্ৰকাশিত তাৰিখঃ ২২ জুলাই’ ২০১৯

 

চি এন ডেক্স


অসমত এতিয়া বানপানীৰ বিভীষিকা। ৰাজ্যখনৰ চৌদিশত কেৱল পানীয়েই পানী। যোৱা কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ ২৪ জিলা প্লাৱিত হয়। বান বিভীষিকাই জিলাকেইখনৰ জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন কৰিছে। য’ত এই পৰ্যন্ত ৫০জন মানুহ মৰিছে, অসংখ্য জীৱ–জন্তুৰ মৃত্যু ঘটিছে, বিশাল পৰিমাণৰ খেতিপথাৰ নষ্ট হৈছে।     


উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰায় ৪৪লক্ষাধিক লোক বানত আক্ৰান্ত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। চৰকাৰে এইপৰ্যন্ত ৬৮৯টা আশ্রয় শিবিৰ স্থাপন কৰি ১.৫ লাখ লোকক ৰখাৰ দিহা কৰিছে। যদিও, বাকীসকল অনাহাৰ আৰু অনিদ্ৰাত এতিয়াও মুক্ত আকাশৰ তলতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। ইপিনে চৰকাৰে স্থাপন কৰা শিবিৰসমূহতো পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰা নাই বুলি বাতৰি প্ৰকাশ পাইছে।   


অৱশ্যে বান পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও অধিকাংশ জিলা এতিয়াও পানীত বুৰ গৈ থকাত বন্যাৰ্তৰ দুৰ্যোগ শেষ হোৱা নাই। বন্যাৰ্তৰ মাজত বিভিন্ন ৰোগে দেখা দিছে যদিও ন্যুনতম চিকিৎসা সেৱাৰ পৰাও বঞ্চিত।


চৰকাৰী সূত্ৰ অনুসৰি, বান কবলিত ২৪খন জিলাৰ ৭৭টা ৰাজহ চক্ৰৰ তিনি হাজাৰৰ অধিক গাওঁ এতিয়াও পানীত বুৰ গৈয়েই আছে। প্ৰায় ১.৫১ লক্ষাধিক বিঘা কৃষিভূমিৰ খেতি নিঃশেষ হৈছে।


এই পৰ্যন্ত ধুবুৰী জিলাত ৯ লক্ষাধিক, দক্ষিণ শালমাৰা জিলাত ৫.৫ লক্ষাধিক, গোৱালপাৰা জিলাত ৩ লক্ষাধিক, বঙাইগাওঁ জিলাত ১ লক্ষাধিক, বৰপেটা জিলাত ১২ লক্ষাধিক, দৰং জিলাত ১ লক্ষাধিক আৰু মৰিগাওঁ জিলাত ৭.৫ লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে।  


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment