Monday, July 15, 2019

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্বমানৰ পৰ্যটনক্ষেত্ৰলৈ উন্নীতকৰণৰ পদক্ষেপ

0 comments
প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৯

 


চি এন ডেক্স


এশিঙিয়া খৰ্গৰ গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰতি বিশ্বমানৰ পৰ্যটনক্ষেত্ৰলৈ উন্নীত হোৱাৰ পথত। আহিব ধৰা দিনসমূহত বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান লাভ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম। ৰাজ্যখনৰ বাবে এয়া নিত্যান্তই সুখৰ খবৰ।


উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ ঐতিহ্যমণ্ডিত পৰ্যটনক্ষেত্ৰসমূহক বিশ্বমানৰ পৰ্যটনক্ষেত্ৰৰূপে গঢ়ি তোলাৰ আঁচনি লৈছে। এই সন্দৰ্ভত চৰকাৰে ১৩৭৮.৫৩ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে দেশৰ পৰ্যটনক্ষেত্ৰসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে। পোন–প্ৰথমে দেশৰ মুঠ ১২খন ৰাজ্যৰ ১৭টা কীৰ্তিচিহ্নক বিশ্বমানৰ পৰ্যটনক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নামটোও অন্তৰ্ভূক্ত কৰিছে। অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই হ’ল উক্ত তালিকাত স্থান লাভ কৰা একমাত্ৰ পৰ্যটনক্ষেত্ৰ।


আনহাতে, বিশ্বমানলৈ উন্নীত কৰিবলগীয়া দেশৰ বিভিন্ন ৰাজ্যত থকা ১৬টা পৰ্যটনক্ষেত্ৰ হৈছে– দিল্লীৰ কুটুবমিনাৰ, লালকিল্লা আৰু হুমায়ুনৰ সমাধি, উত্তৰ প্ৰদেশৰ তাজমহল আৰু ফটেহপুৰ চিক্ৰী, মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা, গুজৰাটৰ সোমনাথ আৰু ধলাভিৰা, তামিলনাডুৰ মহাবলীপুৰম, কেৰালাৰ কুমাৰাকম, কৰ্ণাটকৰ হাম্পি, গোৱাৰ কোলাৱা বীচ্চ, ৰাজস্থানৰ আমীৰ ফ’ৰ্ট, মধ্যপ্ৰদেশৰ খাজুৰাহো আৰু বিহাৰৰ মহাবোধি মন্দিৰ।


এইক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক অসমৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে, ৰাইজেও আশা প্ৰকাশ কৰিছে। কিন্তু বিশ্বমানৰ পৰ্যটনক্ষেত্ৰলৈ উন্নীত কৰিব খোজা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন সমস্যাৰে জৰ্জৰিত। প্ৰতিটো বাৰিষাৰ বানপানীয়ে ভয়াবহ ৰূপ লয় আৰু উদ্যানখনৰ অগণন জীৱ–জন্তুৰ মৃত্যু ঘটে। চোৰাং চিকাৰীৰ হাতত সঘনাই মৃত্যু হয় বিশ্ববিখ্যাত এশিঙিয়া গঁড়। সেয়ে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিশ্বমানৰ তালিকাত অন্তৰ্ভূক্তিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুক্ত হবনে? সমস্যাবোৰৰ পৰা। ৰাইজ যেন দোধোৰ–মোধোৰত।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment