Monday, July 8, 2019

অসমত বিশ্ব পক্ষী দিৱস উদ্‌যাপন

0 comments
প্ৰকাশিত তাৰিখঃ ৮ জুলাই’ ২০১৯

 

চি এন ডেক্স


বনাঞ্চলৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ লগে লগে পক্ষীকুলৰ বিচৰণভূমিও সংকুচিত হৈ পৰিছে। বিশ্বত পক্ষীকুল এতিয়া সংকটৰ গৰাহত। এই সংকটৰ গৰাহত পৰা পক্ষীকুলক উদ্ধাৰৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰৰ ৩ জুলাই তাৰিখত পালন কৰা হয় বিশ্ব পক্ষী দিৱস।


অসমৰ বিভিন্ন প্ৰান্তত উদ্‌যাপন কৰা হয় বিশ্ব পক্ষী দিৱস। এই দিৱস উপলক্ষে যোৱা ৩ জুলাইত ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাতো উদ্‌যাপন কৰা হয় বিশ্ব পক্ষী দিৱস।


দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা দিৱসৰ পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি ভূৱনেশ্বৰ শৰ্মা আৰু কাৰ্যকৰী সভাপতি দ্বীপেন্দ্ৰ কুমাৰ নাথে বন্তি প্ৰজ্বলন কৰে। প্ৰকৃতিপ্ৰেমী ডা নিবেদিতা গোস্বামীয়ে চিৰিয়াখানাৰ পক্ষীকুলক খাদ্য বিতৰণ কৰাৰ পাছতে আৰম্ভ হয় ব্লু’হিল ট্ৰেভেলছৰ স্বত্বাধিকাৰী ৰবীন দত্তই মুকলি কৰা শোভাযাত্ৰাৰ।


এই দিৱসটিৰ লগত সংগতি ৰাখি আয়োজন কৰা এক আলোচনা চক্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে প্ৰকৃতি সুৰক্ষা কৰ্মী মলয় বৰুৱা, মুবিনা আখটাৰ, গিৰি মল্লিকা শইকীয়া, প্রমোদ চন্দ্র দাস আৰু মনোজ আগৰৱালাই।  


দুপৰীয়া ৰঞ্জন মেধিয়ে দ্বীপৰ বিলৰ ওপৰত যুগুতোৱা পক্ষী বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। আবেলি অনুস্থিত হয় বিশিষ্ট কবি আনিচ উজ জামানৰ সঞ্চালনাত মুকলি সভা আৰু বহুভাষিক কবি সন্মিলন। বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱে মুখ্য অতিথিৰূপে, মুখ্য বন সংৰক্ষক ড অভিজিত ৰাভা, চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়া তেজাশ্চ মৰিশ্বামী, দেৱ কুমাৰ শইকীয়া আৰু অৰবিন্দ কলিতাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।


মুকলি সভাৰ অনুষ্ঠানত ‘পক্ষী সংবাদ’ উন্মোচন কৰে ড প্রশান্ত শৰ্মাই। লগতে চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলকো উক্ত সভাতে বঁটা প্ৰদান কৰা হয়।   


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment