Monday, June 10, 2019

ৰাণীত বায়খো উৎসৱ উদ্‌যাপন

0 comments
প্ৰকাশিত তাৰিখঃ ১০ জুন, ২০১৯

 

চি এন ডেক্স


কৃষিজীৱি ৰাভাসকলৰ জাতীয় উৎসৱ হ’ল ‘বায়খো’। বায়খো কৃষিৰ গৰাকী। কৃষিকাৰ্য সফল আৰু মনোবাঞ্ছা পূৰণৰ বাবে ৰাভাসকলে বায়খো উৎসৱ পালন কৰে।


নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিয়ে যোৱা ৯ জুনত ৰাণী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে ‘বায়খো উৎসৱ’ উদ্‌যাপন কৰে।


উৎসৱৰ প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভপতি ৰাজু ৰাভায়। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভাই শ্বহীদ তৰ্পন কৰে। বৃক্ষৰোপণ কৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া মনোৰঞ্জন বৰ্মণে।   


দিনৰ ১০ বজাত মহাপূজা আৰম্ভ হোৱাৰ পাছত পুৰুষ–মহিলাৰ মাজত লেৱা টনা প্ৰতিযোগিতা আৰু সন্ধিয়া বায়ব্ৰাসকলৰ অগ্নি পৰীক্ষা অনুস্থিত হয়।


ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য সঞ্জয় ৰাভাই সন্ধিয়া বন্তি প্ৰজ্বলন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড উপেন ৰাভা হাকাছামে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে।


 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

No comments:

Post a Comment