Monday, June 10, 2019

‘গেথছেমানে’ মানৱ সৃষ্ট এক সেউজ অৰণ্য

0 comments
প্ৰকাশিত তাৰিখঃ ১০ জুন, ২০১৯

 

চি এন ডেক্স


বিশ্বত গোলকীয় উষ্ঞতা বৃদ্ধি নিয়ন্ত্ৰণত বনাঞ্চলৰ ভূমিকা মুখ্য। দেখা গৈছে এচাম অসাধু লোকে বনাঞ্চল ধ্বংসত হাত উজান দিয়াৰ বিপৰীতে অন্য এচাম সৎ লোকে আকৌ সেউজ বনাঞ্চল বৃদ্ধিত নিৰৱচ্ছিন্নভাৱে লাগি আছে।


সম্প্ৰতি মানুহৰ প্ৰতি–পালনত ঠন ধৰি উঠা সেউজ অৰণ্য এখনৰ কথা চৰ্চিত হৈ পৰিছে। ওডালগুৰি জিলাৰ মানৱ সৃষ্ট এখন অৰণ্য ‘গেথছেমানে’। ‘গেথছেমানে’ৰ অৰ্থ হ’ল যীচুখ্ৰীষ্টই প্ৰাৰ্থনা কৰিবৰ বাবে নিৰ্বাচন কৰা অঞ্চল।


‘গেথছেমানে’ অৰণ্য ওদালগুৰি জিলা সদৰৰ পৰা উত্তৰ দিশে ২০ কিলোমিটাৰ নিলগৰ ভাৰত–ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত অৱস্থিত। ইতিমধ্যে পাঁচ হেজাৰ বিঘাত গছ পুলি ৰোপণ কৰা অৰণ্যখনত এইবাৰ ২৫ হেক্টৰ ভূমিত নতুনকৈ ৰোপণ কৰিছে বিভিন্ন গছ–গছনি।


সেয়া আছিল ২০০৩ চনৰ কথা। স্থানীয় ভৈৰৱপুৰ, গৰৈমাৰী, চপনগাওঁ, সোণাইগাওঁ, ১নং আৰু ২নং মাজগাঁৱৰ ৰাইজ লগলাগি এখন বহুমুখী পাম খোলাৰ কাৰণে এখন সমিতি গঠন কৰে। সমিতিৰ সিদ্ধান্ত অনুসৰি পামখনত গৰু, গাহৰি, হাঁহ, মৎস আদি পালন কৰিবলৈ আৰম্ভ কৰে। পাছৰ পৰ্যায়ত সমিতিখনে বন বিভাগৰ এক সংৰক্ষিত এলেকাত বৃক্ষ ৰোপণ কৰিবলৈ আৰম্ভ কৰে। য’ত সমিতিৰ সদস্যসকলে স্থানীয় বন বিভাগৰ কাৰ্যালয়ৰ সৈতে আলোচনা কৰি বৃক্ষ ৰোপণ সন্দৰ্ভত এক প্ৰশিক্ষণো গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত ২০০৭ ৰ পৰা ২০১২ চনলৈ সমস্ত অঞ্চলজুৰি গছপুলি ৰোপণ কৰে। বৰ্তমান অৰণ্যখনত ১৪লাখৰ অধিক বিভিন্ন গছ–গছনি থকাৰ কথা সদৰি কৰিছে। অৰণ্যৰ পৰিসৰ বৃদ্ধিৰ লগে লগে বনৰীয়া হাতী, বাঘ, গাহৰি, হৰিণা, সৰীসৃপ আদিৰ বাসস্থান হৈ পৰিছে।


এই মুহুৰ্তলৈকে অৰণ্যখনত  চীন, জাপান, বাংলাদেশ, ভূটানকে আদকৰি ১৩খন বিদেশী ৰাষ্ট্ৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটকেও পৰিদৰ্শন কৰিছে। বৰ্তমান অৰণ্যখন পৰিচালনাৰ বাবে প্ৰিজন দৈমাৰী আৰু বুলুক দৈমাৰীয়ে সমিতিৰ সভাপতি–সম্পাদকৰ দায়িত্বভাৰ পালন কৰিছে।


উল্লেখনীয় যে, ৫জুন সমগ্ৰ বিশ্বতে পালিত হয় ‘বিশ্ব পৰিবেশ’ দিৱস। সম্প্ৰতি অন্যান্য উৎসৱ–পাৰ্বনবোৰৰ দৰে আমাৰ অসমতো চুকে–কোণে বিশ্ব পৰিবেশ দিৱস পালন কৰা দেখা গৈছে। উৎসৱৰ নামত গছপুলি ৰোপণ কৰি আহিছে যদিও ৰাজ্যখনত বননিৰ পৰিমাণ কিন্তু বৃদ্ধি হোৱা নাই দিনক দিনে কমিহে আহিছে। প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্য থাকিলে বিশ্ব পৰিবেশ দিৱসতনো কিয় অন্যান্য দিনতো গছ পুলি ৰোপণ কৰক। যি কাম গেথছেমানে’ত কৰি দেখুৱাইছে। গেথছেমানে’ৰ আদৰ্শ গ্ৰহণ কৰিব পাৰিলে অন্ততঃ বননিৰ পৰিমাণ বৃদ্ধিত সহায়ক হ’ব।       


  


শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment