Monday, June 3, 2019

বন ঔষধেৰে বিশ্বৰ বজাৰ দখলৰ পৰিকল্পনা মেঘালয়ৰ

0 comments
প্ৰকাশিত তাৰিখঃ ৩ জুন, ২০১৯

 

চি এন ডেক্স


প্ৰাকৃতিকভাৱে সহজলভ্য বনৌষধিৰে পৰিপূৰ্ণ মেঘালয়ৰ সেউজ বনাঞ্চল। উক্ত বনৌষধিসমূহৰ গুটি, গছ–লতিকাৰ পৰা ঔষধ প্ৰস্তুত কৰি বিশ্বৰ বজাৰ দখলৰ পৰিকল্পনা কৰিছে মেঘালয় চৰকাৰে।


ৰাজ্যখনৰ বনাঞ্চলসমূহত উপলব্ধ বনৌষধিবোৰৰ চিনাক্ত আৰু সম্ভাৱনীয়তা সন্দৰ্ভত বিশদ আলোচনাৰ বাবে যোৱা ১৭ মে’ত মুখ্যমন্ত্ৰী কনৰাড চাংমাই শ্বিলঙত এক বৈঠকৰ আয়োজন কৰিছিল। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী এ এল হেক আৰু আই আই টি কানপুৰৰ বিজ্ঞানীসকলে এই আলোচনাত অংশ গ্ৰহণ কৰে।


আলোচনাৰ শেষত স্বাস্থ্যমন্ত্ৰী এ এল হেকে প্ৰকাশ কৰে যে– ৰাজ্যখনত উপলব্ধ স্থানীয় বনৌষধিসমূহৰ অতিৰিক্ত ৰসায়ন পদাৰ্থখিনি নিষ্কাষনৰ দ্বাৰা তাৰ গুণাগুণ পৰীক্ষা সম্পন্ন কৰা হ’ব। সম্প্ৰতি স্থানীয় বনৌষধি গছৰ ধাৰণাই বিশ্বৰ বজাৰত বহলভাৱে পৰিচয় লাভ কৰাৰ সম্ভাৱনা আছে। এই কাৰ্য সম্ভৱপৰ হৈ উঠিলে ৰাজ্যখনৰ স্বাস্থ্য পৰ্যটনত এক নতুন দিগন্তৰ উদয় হ’ব। ৰাজ্য চৰকাৰৰ এই পৰিকল্পনা দীৰ্ঘকালৰ। চৰকাৰে স্থানীয়ভাৱে উৎপাদিত বন ঔষধসমূহৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে এতিয়া থলুৱা চিকিৎসকসকল অৰ্থনৈতিকভাৱে সৱল হ’ব।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment