Monday, June 3, 2019

ৰঙালী বিহুক নিষিদ্ধকৰণ দাবী উত্থাপন কৰা সম্ভ্ৰান্ত অসমীয়া আৰু মইমৎ ঢুলীয়া, চেনিমাই গাভৰু

0 comments
প্ৰকাশিত তাৰিখঃ ৩ জুন, ২০১৯

 

উদিত ভাস্কৰ ৰাভা


অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটি অশ্লীল গীত–মাতৰ সংমিশ্ৰন। গতিকে এই বিহুক নিষিদ্ধ কৰিব লাগে। এইবুলি বৃটিছ চৰকাৰৰ ওচৰত নিষিদ্ধকৰণৰ  দাবী উত্থাপন কৰিছিল একাংশ সম্ভ্ৰান্ত অসমীয়াই। এই সম্ভ্ৰান্ত অসমীয়াসকলৰ কথাত বৃটিছ চৰকাৰেও বিহুটি নিষিদ্ধ কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছিল। সেয়া আছিল ওঠৰ শতিকাৰ কথা।


কিন্তু নগাঁও জিলাৰ পুৰণিগুদামৰ কেইজনমান বিহুপ্ৰাণলোকে বৃটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰে। ঢুলীয়া মইমৎ টাটিঙা, নগাঁও আদালতৰ তৰণী আনন্দ দাস আৰু তেখেতৰ ভনী চেনিমাই গাভৰু, পিতৌ ঢুলীয়া আদিৰ প্ৰৱল প্ৰতিবাদত বিহুক নিষিদ্ধকৰণ কৰিব নোৱাৰিলে।


আনকি বিহুত যে কোনো অশ্লীলতা নাই সেয়া প্ৰমাণ কৰি দেখুৱাবলগীয়া হৈছিল। আনন্দ দাসে নিজৰ ভনীয়েক চেনিমাই আৰু মইমৎ ঢুলীয়াক লগত লৈ গুৱাহাটীত থকা বৃটিছ চাহাবক বিহু নৃত্য কৰি দেখুৱায়। ভাই–ভনীৰ বিহু নাচ দেখাৰ পাছত বৃটিছ চাহাব পতিয়ন গৈছিল বিহু নাচত যে কোনো অশ্লীলতা নাই বুলি। সেই সময়ৰ পৰাই বিহুৰ নামত থকা প্ৰতিবন্ধকতা আঁতৰিছিল। তাৰ পাছতে প্ৰথমখন মুকলি বিহু পুৰণিগুদামৰ কলঙৰ বাকৰিৰ পতিয়াবালিত অনুষ্ঠিত হয়। গুৱাহাটীৰ পৰা উভতি আহিয়েই আনন্দ দাসে সেই মুকলি বিহুত অংশ গ্ৰহণ কৰে য’ত– বৃটিছ চাহাবেও হেপাহ পলুৱাই বিহুনাচ উপভোগ কৰিছিল।


সম্প্ৰতি এই মহান ব্যক্তিকেইগৰাকীৰ জাত–পাত আৰু জন্মস্থানক লৈ ছ’চিয়েল মিডিয়াত এক বিতৰ্কৰ ঢৌ উঠিছে। মইমৎ ঢুলীয়া, চেনিমাই গাভৰু প্ৰকৃততে হিন্দু নে মুছলিম, তেওঁলোকৰ জন্মস্থান ক’ত? তেওঁলোকৰ ধৰ্ম হিন্দুই হওক অথবা মুছলিমেই হওক জাত–পাতৰ বিচাৰ নকৰি বিহু শিল্পীকেইজনৰ মহান অবদানক সঠিক মৰ্যাদা প্ৰদান কৰাটোহে উচিত হ’ব বুলি ভাবো। নিম্নগামী চিন্তা ধাৰাৰে বিতৰ্কৰ সূচনা কৰিলে শিল্পীকেইজনৰ অৱদানক অপমান কৰা হ’ব। ওঠৰ শতিকাতে তেওঁলোকে অসমীয়াৰ প্ৰতি যি অৱদান দি থৈ গৈছিল তাক প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধা কৰিব পৰাটোহে আজিৰ তাৰিখত মূল্যবান কথা।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেছ

Title Photo: Google Images

No comments:

Post a Comment