Monday, June 3, 2019

নগাঁও–কাছাৰ কাগজ কল পুনৰুজ্জীৱিত নকৰিলে নিলাম কৰিব নোৱাৰিব

0 comments
প্ৰকাশিত তাৰিখঃ ৩ জুন, ২০১৯

 

চি এন ডেক্স


নেশ্যনেল কোম্পানী ল’ এপিলেট ট্রিবুনেল(এন চি এল এ টি)ৰ আদালতৰ ৰায়দানত অৱশেষত তৎপৰতা বাঢ়িল ৰাজ্য চৰকাৰৰ। সক্ৰীয়কৰণ অবিহনে কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিব নোৱাৰিব নগাঁও আৰু কাছাৰ কাগজ কল। দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা কল দুটাৰ কৰ্মচাৰীসকলৰ বাবে এয়া এক আশাৰ বতৰা।


উল্লেখযোগ্য যে, এপিলেট ন্যায়াধিকৰণে যোৱা ২ মে’ত কল দুটা দেউলীয়া ঘোষণা কৰাৰ লগতে নিলামৰ নিৰ্দেশ দিছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই ন্যায়াধিকৰণৰ কাষ চাপিছিল কাগজ কল কৰ্মচাৰী সন্থা। সন্থাৰ এক আবেদনৰ ভিত্তিত এপিলেট ন্যায়াধিকৰণৰ ন্যায়াধীশ এছ জে মুখোপাধ্যায়, কান্তি নৰহৰি, এ আই এছ চিমাক লৈ তিনিজনীয়া বিচাৰপীঠ গঠন কৰে। অলপতে বিচাৰপীঠৰ শুনানি কালত এক ৰায়যোগে কাগজ কল দুটা বন্ধ আৰু তাত কৰ্মৰত বিষয়া–কৰ্মচাৰীক বৰ্খাস্ত নকৰিবলৈ নিৰ্দেশ দিয়ে।


আনহাতে, ভৱিষ্যতে যদি কাগজ কল দুটাৰ নিলাম কৰিবলগীয়া হয় তেনেহ’লে তাত কৰ্মৰত বিষয়া–কৰ্মচাৰীসকলক লগত লৈহে এই কাম সম্পন্ন কৰিব বুলি এপিলেটে ব্যক্ত কৰে।


শুনানি কালত চৰকাৰে কাগজ কল দুটাৰ পুনৰুজ্জীৱিতৰ ক্ষেত্ৰত নিশ্চিত কৰি নিৰ্দেশ জাৰি কৰে। লগতে কল দুটাৰ কৰ্মচাৰীসকলৰ দৰমহা, বকেয়া আদিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পুঁজিৰ সহায় ল’বলৈ নিলামৰ দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকীক পৰামৰ্শ আগবঢ়ায়।


কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ আইনী যুঁজত কৰ্মচাৰীসকলক দীৰ্ঘদিনৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই আহিছে কাৰ্বি আংলং জিলাৰ দৃষ্টি ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংগঠনে।


ইপিনে, এপিলেট ন্যায়াধিকৰণৰ উক্ত ৰায়ত প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল। এই সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে কৰ্মচাৰীসকলে। ন্যায়াধিকৰণে কাগজ কল দুটাক দেউলীয়া ঘোষণাৰ পৰিৱৰ্তে পুনৰ জীৱিত কৰি তোলক আৰু ত্ৰিশ মাহৰ পাবলগীয়া দৰমহা অতিশীঘ্ৰে মুকলি কৰি দিয়ক বুলি দাবী তোলে।



 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment