Monday, July 1, 2019

ভোট জলকীয়াৰে নিৰ্মিত গ্ৰেনেডে স্থান লাভ কৰিলে অসম আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰত

0 comments
প্ৰকাশিত তাৰিখঃ ১ জুলাই’ ২০১৯

 

চি এন ডেক্স


বিশ্বৰ সবাটোকৈ জ্বলা থকা ভোট জলকীয়াক এতিয়া অসম আৰক্ষীয়ে অস্ত্ৰৰূপে ব্যৱহাৰ কৰিব। ভোট জলকীয়াৰ গুড়িৰে নিৰ্মিত গ্ৰেনেড এতিয়া অসম আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰত নৱতম সংযোজন ঘটিল। অসমত সঘনাই ঘটি থকা জনতাৰ প্ৰতিবাদী আন্দোলনক দমন কৰিবলৈ এইবিধ অস্ত্ৰ ব্যৱহাৰ কৰিব।


উল্লেখনীয় যে, ২০০৯ চনত দেশৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন (ডি আৰ ডি অ)য়ে ভোট জলকীয়াৰ গুড়িৰ পৰা কন্দুৱা গেছৰ গ্ৰেনেড তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছিল। যি অস্ত্ৰ উন্মত্ত জনতাক নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল।


ইতিমধ্যে ভাৰতীয় সেনা বাহিনীত এই অস্ত্ৰ বিধ কেতিয়াবাই সংযোজন ঘটোৱা বুলি এক সূত্ৰত প্ৰকাশ। এই অস্ত্ৰ ব্যৱহাৰেৰে উগ্ৰপন্থী দমনত বহুখিনি সকাহ লাভ কৰিছে। আন্দোলন, প্ৰতিবাদী কাৰ্যসূচীৰে ভৰি থকা অসমত এই অস্ত্ৰ ব্যৱহাৰ কৰি প্ৰতিবাদী জনতাক ছত্ৰ ভংগ দিয়াৰ ক্ষেত্ৰত নিশ্চয় সফলতা লাভ কৰিব পাৰিব অসম আৰক্ষী।    


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment