Monday, July 1, 2019

দীপৰ বিল ধ্বংসৰ ষড়যন্ত্ৰ নেকি?

0 comments
প্ৰকাশিত তাৰিখঃ ১ জুলাই’ ২০১৯

 


চি এন ডেক্স


গুৱাহাটী মহানগৰীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত দীপৰ বিলৰ অৱদান অতুলনীয়। তেনে অৱদানক নস্যাৎ কৰি বিলখনৰ দক্ষিণ পাৰে হস্তীৰ প্ৰধান কৰিড’ৰৰ ওপৰেৰে দ্বৈত ৰে’লপথ নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতীয় ৰে’ল বিভাগে।  


১৯৮৯ চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য আৰু তাৰ ২০ বছৰ পাছত অৰ্থাৎ ২০০৯ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। সম্প্ৰতি অসম চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰি এক প্ৰকাৰ বিলখনৰ জৈৱ–বৈচিত্ৰ ধ্বংসৰ চক্ৰান্তত লিপ্ত হৈ পৰিছে। এই চক্ৰান্তৰ অংশ স্বৰূপে এতিয়া বিলখনৰ মাজেৰে দ্বৈত ৰে’লপথ নিৰ্মাণত ৰাজ্য চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। য’ত বন বিভাগ, ৰাজহ বিভাগ আৰু ৰে’লৱে বিভাগে যুটীয়াভাৱে জৰীপ পৰ্যন্ত সমাপন কৰিছে।


এই অভিযোগ দীপৰ বিলৰ দাঁতিকাষৰীয়া ৰাইজৰ। এই কাৰ্যৰ বিৰোধিতাৰে যোৱা ২৮জুনত ইয়াৰ দাঁতিকাষৰীয়া চকৰ্দো, কলিতাপাৰা, মিকিৰপাৰা, দেউচতাল আদি গাঁৱৰ নেতৃস্থানীয় ব্যক্তিসকলে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক প্ৰমোদ কলিতাই দীপৰ বিল সংৰক্ষণৰ বেলিকা চৰকাৰখনে কোনো যোগাত্মক পদক্ষেপ গ্ৰহণৰ বিপৰীতে ধ্বংস হ’ব পৰা কাম–কাজ সমুহত গুৰুত্ব আৰোপ কৰি অহাত আক্ষেপ প্ৰকাশ কৰে।


বিলখনৰ মাজেৰে যোৱা কামাখ্যা–যোগীঘোপা ৰে’লপথেৰে দৈনিক ২০খন দ্ৰুতবেগী ৰে’ল চলাচল কৰে। উক্ত পথত ৰে’লৰ খুন্দাত বিগত ১৯৯২ চনৰ পৰা ২০১৪ চনলৈ ১৪টা হাতী আৰু অন্যান্য বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে। তেনেক্ষেত্ৰত আকৌ দ্বৈত লাইনৰ ৰে’ল পথ নিৰ্মাণে বিলখনৰ জৈৱ–বৈচিত্ৰ অধিক ভয়াৱহভাৱে ধ্বংস হ’ব ই ধুৰূপ।


উল্লেখ্য যে, কামাখ্যা–যোগীঘোপা ৰে’লপথে বিলখনক ইতিমধ্যে সংৰক্ষিত বনাঞ্চলৰ সেউজ অৰণ্যৰ সৈতে সংযোগ বিচ্ছিন্ন ঘটাই কোঙা কৰি তুলিছেই। উক্ত ৰে’লপথ নিৰ্মাণৰ পূৰ্বে গে’ট নং ২৭৩ আৰু ২৭৪ স্থান দুটা দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ সংযোগস্থল আছিল। যি সেউজীয়া বনাঞ্চলৰ পৰা বিলখনলৈ বন্যপ্ৰাণী অহা–যোৱা কৰা প্ৰধান পথ আছিল। কিন্তু ১৯৯১–১৯৯২ চনত উক্ত ৰে’লপথ নিৰ্মাণৰ ফলত বিল আৰু বনাঞ্চলৰ সংযোগ বিচ্ছিন্ন হ’ল। সঘনাই বাধাৰ সন্মুখীণ হৈ পৰা বন্যপ্ৰাণীসমূহৰ ৰে’ল দূৰ্ঘটনাত মৃত্যুৰ সংখ্যাও বাঢ়ি গ’ল। যিখন বিলত ২৩০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছিল তাত ২০১৪ চনৰ জৰীপত মাত্ৰ ৬৪ বিধ চৰাইৰ অৱস্থিতি পোৱা গৈছে। সঘনাই বাধাপ্ৰাপ্ত হোৱাৰ বাবে পূৰ্বৰ পথ সলনি কৰি নতুন পথেৰে অহা–যোৱা কৰাত মিকিৰপাৰা অঞ্চলত হাতীৰ উপদ্ৰৱ বাঢ়ি গ’ল। এতিয়া সেই অঞ্চলটোৰ মানুহে ভালকৈ খেতিবাতি কৰিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হ’ল।


আজাৰা ষ্টেচন এলেকাত গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল আৰু ৰঙিয়া ৰে’ল সংমণ্ডলে মুঠ চাৰিটা হস্তী দণ্ডি চিনাক্ত কৰিছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে উক্ত দণ্ডি সমূহত টানেল নিৰ্মাণৰ নিৰ্দেশ দিছিল যদিও ৰে’লৱে বিভাগে মাত্ৰ এটাহে টানেল নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি এক সূত্ৰত প্ৰকাশ। বাকী তিনিটা দণ্ডিৰ অৱস্থা কি হ’ব?


সেয়ে বিলখনৰ দক্ষিণ পাৰৰ সলনি উত্তৰপাৰে উক্ত দ্বৈত ৰে’লপথ নিৰ্মাণৰ দাবী তোলে দাঁতিকাষৰীয়া ৰাইজে। ৰাইজৰ এই দাবীক চৰকাৰ তথা ৰে’ল বিভাগে কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।


 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

No comments:

Post a Comment