Monday, June 24, 2019

গুৱাহাটী মহানগৰী আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ বজাৰত জনজাতীয় মহিলাৰ জীৱন সংগ্ৰাম

0 comments
প্ৰকাশিত তাৰিখঃ ২৪ জুন, ২০১৯

 

উদিত ভাস্কৰ ৰাভা

কম পৰিশ্ৰমত অধিক উপাৰ্জন। এই নীতিত বিশ্বাসী হৈ পৰাত এতিয়া সকলো ক্ষেত্ৰতে অৰাজকতাৰ পৰিবেশ এটিৰ সৃ্ষ্টি হৈছে। আনকি কৃষি উৎপাদনৰ লগত জড়িত চামেও এই নীতিকে সাৰোগত কৰাত এতিয়া পৰিবেশে অতি ভয়াবহতাৰ দিশে গতি কৰিব ধৰিছে।


আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা শাক–পাচলি উৎপাদন কৰা খেতিয়কসকলৰো বেছি সংখ্যক এতিয়া এই নীতিত বিশ্বাসী। সেয়ে তেওঁলোকে কম দিনত, কম পৰিশ্ৰমত অধিক উৎপাদনৰ সপোন দেখিছে। অধিক উৎপাদনৰ আশাত অনিয়ন্ত্ৰিতভাৱে ৰাসায়নিক সাৰ, কীট নাশক ঔষধ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে কম দিনতে কম পৰিশ্ৰম কৰি অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। ৰাসায়নিক সাৰ–পানীত উৎপাদিত ফচল তজবজীয়া, সেয়ে সহজেই গ্ৰাহক আকৰ্ষিত হয়। এই পদ্ধতিৰে উৎপাদিত ফচল বিক্ৰীৰ জৰিয়তে কৃষকগৰাকীয়ে হয়তো দুপইছা অৰ্জন কৰিবলৈ সুযোগ পাইছে। অনিয়ন্ত্ৰিতভাৱে ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগেৰে উৎপাদন কৰা এইসমূহ শাক–পাচলি খোৱাৰ ফলত মানুহৰ দেহত বিভিন্ন বেমাৰ–আজাৰৰ সৃষ্টি হ’ব ধৰিছে। কীট নাশক প্ৰয়োগৰ পৰিমাণ ইমান বেছি যাৰ ফলত সেই পাচলি খোৱাৰ পাছত পশুধনৰো মৃত্যু ঘটে।


বিপৰীতে– ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰয়োগ অবিহনে উৎপাদন কৰা শাক–পাচলিৰ প্ৰতিও এচাম ক্ৰেতা আগ্ৰহী হৈ পৰিছে। এই ক্ৰেতাৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাত স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ সমাদৰো বাঢ়ি যাব ধৰিছে। 


সম্প্ৰতি গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰসমূহৰ বজাৰত গাওঁ অথবা পাহাৰীয়া অঞ্চলৰ জনজাতিসকলে উৎপাদন কৰা শাক–পাচলিৰ সমাদৰ বাঢ়িছে। আৰু ইয়াৰ আলম লৈ গুৱাহাটীৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে একো একোখন সুন্দৰ বজাৰ। য’ত উপলব্ধ গাওঁত উৎপাদন হোৱা ৰঙালাও, পানীলাও, পূৰীয়া কল, কচু, হাঁহ–পাৰ, পলু, কেঁকোৰা, শামুক, বনৰীয়া ফল–মূল, বনশাক, তিতাফুলৰ লগতে অন্যান্য শাক–পাচলি। এইসমূহ সামগ্ৰী ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কাৰণে ইয়াক কিনিবলৈ লাগে গ্ৰাহকৰ হেতা–ওপৰা। এই সমূহ শাক–পাচলিৰ সমাদৰ বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ লগত জড়িত জনজাতীয় মহিলাখিনিৰ উপাৰ্জনৰ পথ এটিও মুকলি হৈছে। অৰ্থনৈতিকভাৱে টনকীয়াল হৈ পৰাত এই মহিলাসকলেই এতিয়া ঘৰ পৰিচালনা কৰাৰ দায়িত্বও পালন কৰিব পৰা হৈছে।  


উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম পূৰণি বজাৰ এখন হ’ল মহানগৰীৰ বেলতলা বজাৰ। পূৰ্বতে বেলতলা হাট হিচাপে পৰিচিত এই বজাৰখনত দূধনৈ, বকো, ছয়গাওঁ সোণাপুৰ, ডিমৰীয়া আৰু দাঁতিকাষৰীয়া মেঘালয়ৰ পৰা জনজাতি মহিলাসকলে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিবলৈ আহে। লগতে গণেশগুৰি, পাণবজাৰ (টেলিফোন এক্সচেঞ্জৰ কাষত) উজানবজাৰ, চানমাৰি, বামুণীমৈদাম, মালিগাওঁ আদি ঠাইসমূহতো এনেধৰণৰ একোখন বজাৰ গঢ়ি উঠিছে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী বজাৰতো এনে বজাৰ এখন গঢ়ি উঠিছে। সপ্তাহটোৰ প্ৰতি সোমবাৰে অনুস্থিত বজাৰ খন এতিয়া বৃহস্পতিবাৰ আৰু শনিবাৰেও বজাৰ বহে।


 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ


Photo Courtesy: Chandubi News

No comments:

Post a Comment