Monday, June 17, 2019

ৱাইল্ড লাইফ ক্রাইম কণ্ট্ৰ’ল ব্যুৰ’ আৰু চোৰাং চিকাৰীৰ মাজত থকা গোপন সম্পৰ্কৰ কথা ফাদিল

0 comments
প্ৰকাশিত তাৰিখঃ ১৭ জুন, ২০১৯

 

চি এন ডেক্স


কটকটীয়া নিৰাপত্তা ব্যৱস্থা অথচ চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা কৰিয়েই আছে। এটা বৃহৎ বিভাগ থকাৰ পাছতো গঁড় হত্যা ৰোধত বাৰে বাৰে কিয় ব্যৰ্থ? ৰাষ্ট্ৰীয় উদ্যানৰ গড় চিকাৰী আৰু বন বিভাগৰ মাজত গোপন কিবা বুজা–বুজি যে থাকিব পাৰে এই কথা অৱশ্যে ৰাইজে সন্দেহ নকৰাকৈ থকা নাছিল। ৰাইজে বিভাগটোৰ প্ৰতি কৰি থকা সন্দেহ এতিয়া সত্য প্ৰমাণিত হ’ল।


উল্লেখীয় যে, যোৱা ৮ মে’ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় হত্যাত জড়িত থকাৰ অপৰাধত জখলাবন্ধাৰ চিকনি বৰহোলাৰ পৰা গ্ৰেপ্তাৰ কৰে আখটাৰ আলী নামৰ ৩১ বছৰীয়া চোৰাং চিকাৰীজনক। কলিয়াবৰ আৰক্ষীৰ সহযোগত কাজিৰঙা বন বিভাগে আখটাৰক গ্ৰপ্তাৰ কৰাৰ আগতে চিকাৰীজন কাজিৰঙাস্থিত বন বিভাগৰ লকআপত আছিল। উক্ত লকআপৰ পৰা পলায়ন কৰাৰ পাছত পুনৰ গ্ৰেপ্তাৰ হয় পুলিচৰ হাতত। আখটাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ সহযোগত ক্ৰমে জিয়াৰুল আলী (২৮), আনোৱাৰ হুছেইন (২৮), ছহিদুল হক (২৭) নামৰ এই তিনিজন চিকাৰীক জাগীৰোডত আটক কৰিবলৈ সক্ষম হয়। গোটেইকেইজনকে জে’ল হাজোতলৈ প্ৰেৰণৰ সময়ত আৰক্ষীৰ জিম্মাতে জিয়াৰুল, আনোৱাৰ আৰু ছহিদুলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে– কাজিৰঙাত গড় হত্যাৰ ক্ষেত্ৰত চোৰাং চিকাৰীক ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ই সহযোগ কৰাৰ কথা। দুয়োপক্ষৰ মাজত থকা মিতিৰালিৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত সমগ্ৰ ৰাজ্য কঁপাই তোলে।


উল্লেখীয় যে, বন বিভাগৰ জিম্মাত থকাৰ সময়ছোৱাতে আখটাৰক মুক্ত কৰাৰ স্বাৰ্থত দালাল চক্ৰ সক্ৰিয় হৈ পৰে। উক্ত চক্ৰৰ সদস্য আব্দুল, জয়নাল আৰু জুলহাছে গঁড় হত্যাত জড়িত থকা পৰিয়ালকেইটাৰ পৰা ৫০ হেজাৰৰ পৰা ১লাখ টকা সংগ্ৰহ কৰিছিল। ৫০ হেজাৰ টকা আখটাৰৰ মাতৃৰ পৰাও সংগ্ৰহ কৰা বুলি এক সূত্ৰত প্ৰকাশ। সেয়াই নহয় দালাল তিনিজনে গড় হত্যাকাৰীৰ আত্মীয়ক ৱাইল্ড লাইফ ক্রাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ গুৱাহাটীৰ কাৰ্যালয়ৰ লগত আলোচনাও কৰাই দিয়ে।


ৰাজ্য চৰকাৰৰ বিভাগ এটা চোৰাং কাৰ্যত লিপ্ত থকাৰ অভিযোগ উঠাৰ পাছত বিভাগীয় মন্ত্ৰীগৰাকীয়ে দোষী ব্যক্তিসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব। চি বি আই’ৰ দ্বাৰা তদন্ত কৰি দোষী ব্যক্তিসকলৰ উপযুক্ত শাস্তি প্ৰদানৰ বাবে ইতিমধ্যে স্থানীয় ৰাইজ আৰু জাতীয় সংগঠনসমূহে দাবী উত্থাপন কৰিছে। আনকি পূৰ্বতে গড় চিকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰা জখলাবন্ধা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাক পুনৰ ঘূৰাই অনাৰ বাবেও ৰাইজে দাবী উত্থাপন কৰিছে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

 

No comments:

Post a Comment