Monday, June 24, 2019

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা ৰোধৰ বাবে বিশেষ সুৰক্ষা বাহিনী গঠন

0 comments
প্ৰকাশিত তাৰিখঃ ২৪ জুন, ২০১৯

 

চি এন ডেক্স


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় হত্যা ৰোধ কৰিবলৈ বন বিভাগে বিশেষ বাহিনী গঠন কৰিছে। এয়া অসম চৰকাৰ প্ৰথম পদক্ষেপ। সম্প্ৰতি এছ আৰ পি এফ নামৰ বিশেষ বাহিনীটোৰ ৮২ জনীয়া দল এটাই ৪২ সপ্তাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত। ৮জনী মহিলা সদস্য থকা সশস্ত্ৰ বাহিনীটোৰ জোৱানসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় হত্যা ৰোধৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে নিজকে প্ৰস্তুত কৰি তুলিছে। সেয়াই নহয় জোৱানসকলে প্ৰশিক্ষণস্থলীৰ পৰাই চোৰাং চিকাৰীসকলৰ প্ৰতি সাৱধান বাণী শুনাইছে।


বিশেষ সুৰক্ষা বাহিনীটোৰ জোৱানসকলৰ আৰু কিছুদিন পাছতে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ’ব। উক্ত সমাৰোহৰ অন্তত আধুনিক অস্ত্ৰ–শস্ত্ৰ আৰু সমৰকলাৰে পাৰ্গত কৰি তোলা জোৱানসকল কাজিৰঙাত নিয়োজিত হ’ব।


অলপতে সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল চোৰাং চিকাৰী আৰু বন বিভাগৰ এচাম অসাধু বিষয়া–কৰ্মচাৰী জড়িত থকাৰ খবৰে। যদি চোৰাং চিকাৰীৰ লগত কোনো ৰাজনৈতিকভাৱে প্ৰভাৱশালীলোক, বন বিভাগৰ অসাধু বিষয়া–কৰ্মচাৰী জড়িত নাথাকে তেনেহ’লে ৰাষ্ট্ৰীয় উদ্যানখনত এই বাহিনীটো নিয়োজিত কৰাৰ পাছত চোৰাং চিকাৰী তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীণ হোৱাটো খাটাং।


 

শিৰোনামৰ ফটোঃ অসম পুলিচ ইমেজ গেলাৰী

Photo Courtesy: Assam Police Image Gallery

No comments:

Post a Comment