Monday, May 27, 2019

বন ধ্বংসকাৰীৰ হাতোৰাত কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চল

0 comments
প্ৰকাশিত তাৰিখঃ ২৭ মে’ ২০১৯

 

চি এন ডেক্স


সেউজ বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা পাৰিপাৰ্শ্বিক সংকট দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বজুৰি জৈৱ–বৈচিত্ৰ্য সংৰক্ষণৰ এক সেউজ বিপ্লৱ গঢ় লৈ উঠিছে। ভাৰতো এই বিপ্লৱৰ পূৰ্ণপৰ্যায়ৰ অংশীদাৰ। তেনে সময়তে আমাৰ ৰাজ্যখনত এখনৰ পিচত এখনকৈ সেউজ বনাঞ্চল ধ্বংসৰ দিশে গতি কৰিছে। ৰাজনৈতিক আশীৰ্বাদপুষ্ট এচাম লোকে বনজ সম্পদ ধ্বংসত জড়িত হৈ পৰা দেখা গৈছে। সমান্তৰালভাৱে আন এচামে আকৌ বনভূমি বেদখলত হাত উজান দিছে। চৰকাৰ আৰু বন বিভাগৰ অমনোযোগিতাৰ বাবে এনেকাৰ্য চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে।


ৰাষ্ট্ৰসংঘৰ অধীনস্থ ইণ্টাৰনেচনেল ইউনিয়ন ফ’ৰ কনজাৰভেচন অব নেচাৰ(আই ইউ চিন এন) হ’ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিবেশ সংৰক্ষণৰ ওপৰত কাম কৰা এটি সংস্থা। সমগ্ৰ বিশ্বৰ জৈৱ–বৈচিত্ৰ্যপূৰ্ণ অঞ্চলসমূহ চিহ্নিত আৰু অধ্যয়ন কৰাই হ’ল সংস্থাটোৰ মুখ্য কাম। সংস্থাটোই এইমুহুৰ্তত বিশ্বৰ ২৫ টা জৈৱ–বৈচিত্ৰ্য মণ্ডল চিহ্নিত কৰিছে। তাৰ ভিতৰত ‘পশ্চিম হিমালয় পাদদেশীয় অঞ্চল’ হ’ল অন্যতম জৈৱ–বৈচিত্ৰ্য মণ্ডল। 


পশ্চিম হিমালয়ান পাদদেশীয় জৈৱ–বৈচিত্ৰ্য মণ্ডলৰ অন্তৰ্গত কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চল (কে এছ ই আৰ)। অসমৰ শোণিতপুৰ জিলা আৰু অৰুণাচলৰ প্ৰদেশৰ দুটা অংশ মিলি গঠিত হৈছে কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চল। দুষ্প্ৰাপ্য বন্যপ্ৰাণী আৰু বনজ সম্পদত চহকী অৰ্থাৎ শোণিতপুৰ জিলাৰ জৈৱ–বৈচিত্ৰ্যৰ ভঁৰালৰূপে অভিহিত কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চলৰ অসমৰ অংশটো সম্প্ৰতি ধ্বংসৰ দিশে গতি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চল গঠনত অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰ, বালিপৰা, চাৰিদুৱাৰ, নদুৱাৰ, বিশ্বনাথ, বিহালী, চিংলীজান, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সোণাই–ৰূপাই অভয়াৰণ্যক সংযুক্ত কৰা হৈছে। ইফালে, অৰুণাচলৰ প্ৰদেশৰ অংশটোত পাপুমপাৰে সংৰক্ষিত বনাঞ্চল, পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু টি পি বন্যপ্ৰাণী অভয়াৰণ্যক সংযুক্ত কৰা হৈছে।


উল্লেখযোগ্য যে, কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চল গঠনত সংযুক্ত কৰা অসমৰ ৮খন সংৰক্ষিত বনাঞ্চলৰ মাটিকালিৰ পৰিমাণ আছিল ৯০,৮১১ হেক্টৰ। সম্প্ৰতি বনাঞ্চল কেইখনৰ মুঠ মাটিকালিৰ ৬৯,৮৩৫ হেক্টৰ বেদখলকাৰীৰ কৱলত থকা বুলি সংবাদ মাধ্যমসমূহত প্ৰকাশ। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি–বালিপৰা সংৰক্ষিত বনাঞ্চল (মুঠ মাটিকালি ১৮৯৭২ হেক্টৰ) বেদখলকাৰী কৱলত পৰিছে ১০,০০০ হেক্টৰ। চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ (মুঠ মাটিকালি ২৪,০৭২ হেক্টৰ) ২২হেজাৰ হেক্টৰ মাটিকালি বেদখলকাৰীয়ে দখল কৰাৰ পিচত বনাঞ্চলখনত ২,০৭২ হেক্টৰ মাটিকালিহে আছে। ৮,১৪১ হেক্টৰ মাটিকালিৰ নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বৰ্তমান মাটিকালিৰ পৰিমাণ ১০০ হেক্টৰ। চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চল (মুঠ মাটিকালি ৩৩৯ হেক্টৰ) বেদখলকাৰীৰ কৱলত ২০০ হেক্টৰ। বিশ্বনাথ সংৰক্ষিত বনাঞ্চল (মুঠ মাটিকালি ১০,৫৬১ হেক্টৰ)ৰ ৬,৬৭০ হেক্টৰ বনভূমি বেদখলকাৰীৰ দখলত। ১৩,৩১০ হেক্টৰ বনভূমিৰে পৰিবেষ্টিত গহপুৰ সংৰক্ষিত বনাঞ্চলৰ সম্পূৰ্ণ ভূমি বেদখল হোৱাত কাগজে–পত্ৰইহে সংৰক্ষিত বনাঞ্চল হৈ থাকিল।


উল্লিখিত সংৰক্ষিত বনাঞ্চল কেইখনৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল হোৱাৰ পাছতো ৰাজ্যৰ বন বিভাগৰ নাই কোনো গুৰুত্ব। বিপৰীতে বিভাগীটোৰ একাংশ বিষয়া–কৰ্মচাৰীৰ সহযোগত মূল্যবান গছ–গছনিৰ চোৰাং বেহা চলিহে থাকিল। ঔষধি সম্পন্ন গছ–লতিকাৰে পৰিপূৰ্ণ বনাঞ্চলকেইখনত ভিন্ন জাতৰ পহু, হাতী, বাঘ, ভালুক, বন গাহৰি, মেঠোন, বান্দৰ, হাইঠা, ধনেশ পক্ষী আদি বন্যপ্ৰাণীসমূহৰ আৱাসস্থল। তীব্ৰ হাৰত হোৱা বেদখলৰ ফলত বনাঞ্চলৰ গছ–গছনি, বন্যপ্ৰাণী নিঃশেষ হোৱাৰ লগতে বনভূমি সংকুচিত হৈ পৰাত হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণী জনাঞ্চলত গতি কৰিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলত দিনক–দিনে হাতী–মানুহৰ সংঘাত বৃদ্ধি পাব ধৰিছে।


হিমালয়ান পাদদেশীয় জৈৱ–বৈচিত্ৰ্য মণ্ডলৰ সেউজ বনাঞ্চলবোৰ নিঃশেষ হোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন মন্ত্ৰ্যালয়ে সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰক। কামেং–শোণিতপুৰ হস্তী সংৰক্ষিত অঞ্চলত চলি থকা দূৰ্নীতি প্ৰতিৰোধৰ ব্যৱস্থা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গ্ৰহণ কৰক। কেন্দ্ৰত বিজেপিৰ নতুনকৈ গঠন হ’বলগীয়া চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে এইক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment