Monday, May 20, 2019

ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ হস্তী কৰিড’ৰ তালিকাত অসম

0 comments
প্ৰকাশিত তাৰিখঃ ২০ মে’ ২০১৯

 

চি এন ডেক্স


ভাৰতীয় বন্যপ্ৰাণী সংস্থা (ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া) চমুকৈ ডব্লিউ টি আই’য়ে দেশৰ বিভিন্ন ৰাজ্যত বন্যপ্ৰাণীৰ অধিকাৰৰ হকে কাম কৰি আহিছে। বিশেষকৈ হস্তী সুৰক্ষাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহৰ লগত যুটীয়াভাৱে ১০১টা ‘হস্তী কৰিড’ৰ’ চিনাক্তকৰণ কৰিছে। চলিত বৰ্ষত উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্য অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্ত কৰিছে।


হস্তী কৰিড’ৰ সমূহ বৰ্তাই ৰাখিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু বন বিভাগৰ সৈতে লগলাগি কাম কৰি থকা বুলি ডব্লিউ টি আই’ৰ লেণ্ড ডিভিজনৰ মুৰব্বী উপাসনা গাংগুলীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। বছৰত সাতটা হস্তী কৰিড’ৰ বিভিন্ন কাৰণত বাধাপ্ৰাপ্ত অথবা বন্ধ হৈ যোৱা বুলিও ব্যক্ত কৰে। ইফালে প্ৰতি বছৰত অসম আৰু মেঘালয়ত হাতী–মানুহৰ সংঘাত বাঢ়ি যোৱাৰ ফলত প্ৰায় পাঁচশ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হাতীৰ সংখ্যাও এশ অতিক্ৰম কৰাৰ কথা সদৰি কৰে।


উল্লেখযোগ্য যে, ১০১ টা হস্তী কৰিড’ৰৰ সন্ধান লাভ কৰিবলৈ সংস্থাটোৱে ২০১২ চনৰ পৰা চলিত বৰ্ষলৈ সংস্থাটোৱে দেশজুৰি সমীক্ষা চলাইছিল। তাৰ ভিতৰত তামিলনাডু, কেৰালা, কৰ্ণাটক, ওড়িচা, চত্তিশগড়, উত্তৰাখন্দ, ঝাৰখন্দ, পশ্চিম বংগ, অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশ। সংস্থাটোৱে ৰাষ্ট্ৰীয় হস্তী প্ৰকল্পৰ অধীনত এই ৰাজ্য সমূহত কাম কৰি আছে।       


শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment