Monday, May 6, 2019

ছাটাৰ গাঁৱত আঘাতপ্ৰাপ্ত এটি দঁতাল হাতীৰ মৃত্যু

2 comments
প্ৰকাশিত তাৰিখঃ ৬ মে’ ২০১৯

 

চি এন ডেক্স


ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ছাটাৰগাঁৱৰ ৰাইজে যোৱা ৩১ এপ্ৰিল মংগলবাৰে অঞ্চলটোৰ ‘হাতীমূৰীয়া’ নামৰ ঠাই টুকুৰাত গণেশৰ নামত এভাগ পূজা আগঢ়াইছিল। পূজা শেষ হোৱাৰ সময়তে কিছু নিলগত এটি হাতী পোৱালি দেখিবলৈ পায়। হাতীটো দেখি স্বাভাৱিকতে পূজাত ভাগ লোৱা সকলোবোৰ লোকে খৰধৰকৈ পূজাস্থলীৰ পৰা আঁতৰি আহে।  


তাৰপাছৰ দিনা অৰ্থাৎ ১ মে’ বুধবাৰে উক্ত গাঁৱৰ কেইগৰাকীমান লোকে পূজাস্থলীৰ পৰা কিছু নিলগত থকা বোঁৱতী নিজৰা এটিত হাতীটো পৰি থকা দেখিবলৈ পায়। শৰীৰ দূৰ্বল, মুখ আৰু ভৰিত বেয়াকৈ আঘাতগ্ৰস্ত হাতীটো উদ্ধাৰৰ বাবে লোককেইজনে সজ্জনপাৰা খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে। খবৰ দিয়াৰ বহু সময়ৰ পাছতো কাৰ্যালয়টোৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে। এই খবৰ লাভ কৰাৰ লগে লগে বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনে বনকৰ্মীৰ এটি দল লগত লৈ ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজ আৰু বনকৰ্মীৰ যুটীয়া প্ৰচেষ্টাত সাত ঘণ্টাৰ অন্তত হাতীটো নিজৰাটোৰ পৰা পাৰত তুলিবলৈ সমৰ্থ হয়।


উদ্ধাৰৰ সময়ত হাতীটোৰ বয়স ৫ বছৰ বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বন বিভাগে হাতীটো নিজৰাৰ পৰা পাৰত তোলাৰ পাছত সেই ঠাইতে প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। যদিও, বন বিভাগ তথা ৰাইজৰ সকলো প্ৰচেষ্টা অচল কৰি দুই মে’ত হাতীটোৱে কৰুণ মৃত্যুক সাৱতি লয়। বিভাগীয়ভাৱে মৰণোত্তৰ পৰীক্ষাৰ অন্তত বন বিভাগে হাতীটো সমাধিস্থ কৰে।


ইপিনে, খাদ্যৰ সন্ধানত ওলাই অহা হাতী এটাৰ ইমান সহজে কেনেকৈ মৃত্যু হ’ল ইয়াক লৈ ৰহস্যৰ সৃষ্টি হৈছে। মুখ আৰু ভৰিত কেতিয়া আৰু কেনেকৈ আঘাতগ্ৰস্ত হ’ল? ই কোনো চোৰাং চিকাৰীৰ কৱলত পৰিছিল নেকি? ইয়াকে লৈ ৰাইজৰ মনত সন্দেহ ওপজাৰ অৱকাশ নথকা নহয়। বন বিভাগে এইক্ষেত্ৰত সঠিক ৰূপত তদন্ত কৰিলে ইয়াৰ সকলোবোৰ ৰহস্যৰ আঁতিগুৰি ওলাই পৰিব নিশ্চয়।


 

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

2 comments:

  1. ... [Trackback]

    [...] Read More: chandubinews.com/ছাটাৰ-গাঁৱত-আঘাতপ্ৰাপ্ত/ [...]

    ReplyDelete
  2. Tout start par la création de votre site internet.

    ReplyDelete