Monday, May 13, 2019

ইক’ছেনচেটিভ এলেকা আৰু ব্যাঘ্ৰ প্ৰকল্প বাতিলৰ দাবীত কাজিৰঙাত প্ৰতিবাদী সমদল

0 comments
প্ৰকাশিত তাৰিখঃ ১৩ মে’ ২০১৯

 

চি এন ডেক্স


পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ অঞ্চল (ইক’ছেনচেটিভ এলেকা) সম্প্ৰসাৰণ বন্ধ আৰু ব্যাঘ্ৰ প্ৰকল্প বাতিলৰ দাবীত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। হেজাৰ হেজাৰ প্ৰতিবাদী জনতাৰ কণ্ঠই কাজিৰঙাৰ আকাশ বতাহ কঁপাই তোলে। এই সন্দৰ্ভত যোৱা ১০ মে’ত বাগৰি উচ্চ মাধ্যমিক বিদ্যালয়ত এখন বিশাল প্ৰতিবাদী সভা অনুস্থিত হয়। উক্ত সভাত অংশ গ্ৰহণ কৰা প্ৰতিবাদীসকলে প্ৰথমে কুঠৰীত সমবেত হয় আৰু তাৰপৰা দহ কিলোমিটাৰ পদযাত্ৰা কৰি সভাস্থলীত উপস্থিত হয়। প্ৰতিবাদীৰ পদযাত্ৰাত দুই ঘণ্টা জুৰি অচল হৈ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলং জিলা, নগাঁও জিলাৰ বাগৰি, কুঠৰী, হাৰমতি, হালধিবাৰীৰ লোকে প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰে। বন্ধ হৈ পৰে অঞ্চলটোৰ সকলোবোৰ বিদ্যালয়, অনুষ্ঠান –প্ৰতিষ্ঠানসমূহো।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ প্ৰতিবাদ সমিতিৰ সম্পাদক মহেন বে’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য বেনতিং তেৰাঙে।


সভাত খগেন ৰংফাৰ, বাবা মহন্ত আদি ব্যক্তিসকলে পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ এলেকা সম্প্ৰসাৰণ বাতিলৰ বাবে দাবী কৰে। নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কাম কৰা প্ৰকৃতিপ্ৰেমী সংগঠন, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ নেতা–কৰ্মীসকলে ৰাইজৰ অপকাৰ হোৱা কাম–কাজৰ পৰা বিৰত থাকিবলৈও সকিয়াই দিয়ে। লগতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা পুনৰ বিবেচনা কৰিবলৈও অনুৰোধ জনায়। সম্প্ৰসাৰিত এলেকাত অন্তৰ্ভূক্ত ৰাইজৰ সমস্যা সমাধানৰ বাবে পৰৱৰ্তীকালত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্তও এই সভাতে গ্ৰহণ কৰে।  


২০০৭ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰৰ নদ–নদী, নলা–নৰ্দমাৰ কাষত শিলৰ কোৱেৰী থাকিব নোৱাৰে বুলি যোৱা ১১ এপ্ৰিলত উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ প্ৰতিবেদনৰ আধাৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ ফলত নুমলিগড়ৰ পৰা জখলাবন্ধালৈ উদ্যোগ, শিলৰ কোৱেৰী আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে।


ইতিমধ্যে নটা এনিমেল কৰিডৰ (বন্যপ্ৰাণী অহা–যোৱা কৰা এলেকা)ত সকলো প্ৰকাৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিছে। কিন্তু উচ্চতম ন্যায়ালয়ে হঠাৎ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াত সমস্যাত পৰিছে নটা ঘোষিত হোৱাৰ বহু বছৰ পূৰ্বেই সেই অঞ্চলবোৰত বসবাস কৰি অহা ৰাইজ। সেয়ে অঞ্চলটোৰ প্ৰতিবাদ মুখৰ জনসাধাৰণে– মানুহ থাকিলেহে কাজিৰঙা থাকিব, কাজিৰঙা সংৰক্ষণৰ নামত ৰাইজৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰক, বোকাখাতৰ ভূৱা প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীক অসমৰ পৰা বহিষ্কাৰ কৰক আদি শ্ল’গানত উত্তাল হৈ পৰে।


অৱশ্যে, আৰ টি আই কৰ্মী আৰু কেন্দ্ৰীয় সৱলীকৰণ সমিতিৰ ভূৱা প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰা বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে। এই নিৰ্দেশনাৰ ভিত্তিত উদ্যানখনৰ পূৰ্বৰ সীমাৰ পৰা ১০ কিলোমিটাৰ দৈৰ্ঘ্য এলেকা সম্প্ৰসাৰণ কৰি ব্ৰাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হয়। উক্ত নিৰ্দেশনাৰ পূৰ্বে তাত বসবাস কৰি থকা ৰাইজৰ নুন্যতম সুবিধাখিনিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে।


জানিব পৰা মতে, কাজিৰঙাৰ দক্ষিণ দিশে কাৰ্বি পাহাৰৰ নামনিত বহু সংখ্যক শিল কোৱেৰী আৰু শিল ভঙা উদ্যোগ গঢি উঠিছে। উচ্চতম ন্যায়ালয়ে বন্ধৰ নিৰ্দেশ দিয়াৰ পাছতো চলি থকা বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। ব্যৱস্থা  ইয়াৰ ফলত  উদ্যানখনৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে। সেয়ে উচ্চতম ন্যায়ালয়ে অতিশীঘ্ৰে এই সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। কাজিৰঙাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰা, প্ৰকৃতি, জীৱ বৈচিত্ৰ সন্দৰ্ভত অজ্ঞ এচাম অৰ্থলোভীৰ হাতত এতিয়া বিশ্ব ঐতিহ্যক্ষেত্ৰ ধ্বংসৰ দিশে ধাৱমান।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment