Monday, May 27, 2019

চুটি ছবি দ্য মেন হু স্পীক্‌ছ নেচাৰ’লৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

0 comments

প্ৰকাশিত তাৰিখঃ ২৭ মে’ ২০১৯


 

চি এন ডেক্স


প্ৰকৃতি বিষয়ক আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অসমৰ চুটি ছবি ‘দ্য মেন হু স্পীক্‌ছ নেচাৰ’লৈ বিশেষ বঁটা আগবঢ়াইছে। কাজিৰঙাৰ বচাগাঁৱৰ পৰিৱেশ কৰ্মী মনোজ গগৈৰ পৰিৱেশ সংৰক্ষণ বিষয়ক কৰ্মৰ আধাৰত ধৃতিমান কাকতীয়ে নিৰ্মাণ কৰা চুটি ছবিয়ে এই সন্মান লাভ কৰাত অঞ্চলটোলৈ আনন্দৰ বন্যা নামিছে। যোৱা ২৪–২৫ মে’ত ইউৰোপ মহাদেশৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ গডল নামৰ চহৰখনত এই মহোৎসৱ অনুস্থিত হৈছিল।


ছবিখন পৰিচালনা কৰা ধৃতিমান কাকতীৰ ঘৰ বোকাখাটত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চুটি ছবিৰ জৰিয়তে সুনাম কঢ়িয়াই অনা ধৃতিমান কৃষি বিষয়া অলকানন্দ কাকতি আৰু কমাৰগাওঁ মহাবিদ্যালয়ৰ প্ৰবক্তা গায়ত্ৰী বৰা কাকতীৰ সু–সন্তান।


বোকাখাটৰে অন্য এজন যুৱক ৰক্তিম হাজৰিকাই ছবিখনৰ সম্পাদনা আৰু চিনেমাটোগ্ৰাফীৰ কামখিনি সম্পন্ন কৰিছিল। আনহাতে ছবিখনৰ প্ৰচাৰ আৰু বিতৰণৰ দায়িত্ব পালন কৰিছিল প্ৰৱাল বৰাই।


ইতিমধ্যে ছবিখনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিছিল। ধৃতিমানৰ সাফল্যত অঞ্চলটোৰ অনুষ্ঠান–প্ৰতিষ্ঠান আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment